মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

এনআইটি অৰুণাচল প্ৰদেশৰ মেকানিকেল ইঞ্জিনীয়াৰিং ব্লক, বায়’-টেকন’লজী আৰু কেমিকেল ইঞ্জিনীয়াৰিং ব্লক আৰু অন্যান্য সুবিধা আভাসী মাধ্যমেৰে মুকলি কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে

আমাৰ শিক্ষা প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ মনত বৈজ্ঞানিক চিন্তা-ভাৱনা বিকাশৰ চেষ্টাৰ লগতে জ্ঞানৰ ভাণ্ডাৰ হিচাপে কাম কৰিব লাগেঃ শ্ৰী ৰমেশ পোখৰিয়াল

প্ৰাথমিকৰ পৰা উচ্চ পৰ্যায়লৈকে শিক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে গ্ৰহণ কৰা নতুন শিক্ষা নীতিৰ বাবে শিক্ষা মন্ত্ৰালয়ৰ শলাগ লয় শ্ৰী কিৰেন ৰিজিজুৱে

Posted On: 26 OCT 2020 7:18PM by PIB Guwahati

এনআইটি অৰুণাচল প্ৰদেশৰ নৱনিৰ্মিত মেকানিকেল ইঞ্জিনীয়াৰিং ব্লক, বায়-টেকনলজী আৰু কেমিকেল ইঞ্জিনীয়াৰিং ব্লক আৰু অন্যান্য সুবিধাসমূহ আভাসী মাধ্যমেৰে মুকলি কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ডঃ ৰমেশ পোখৰিয়াল নিশংক-এ। অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী(স্বতন্ত্ৰ)শ্ৰী কিৰেন ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ শিক্ষা মন্ত্ৰী তাবা তেডিৰ উপস্থিত থাকে। অনুষ্ঠানত এনআইটি অৰুণাচল প্ৰদেশৰ সঞ্চালক অধ্যাপক পিনাকেশ্বৰ মহন্তও উপস্থিত থাকে।

 

অনুষ্ঠানত শ্ৰী পোখৰিয়ালে কয় যে এনআইটি অৰুণাচল প্ৰদেশে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত এক নতুন পথ দেখুৱাব পাৰে। এই প্ৰতিষ্ঠানৰ মিছন হৈছে সমাজক উন্নত সেৱা আগবঢ়াবলৈ আঞ্চলিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় আৰু বৈশ্বিক পৰ্যায়ত ৰাইজৰ প্ৰয়োজনীয়তা চিনাক্ত কৰা। শ্ৰী পোখৰিয়ালে আৰু কয় যে আমাৰ শিক্ষা প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ মনত বৈজ্ঞানিক চিন্তা-ভাৱনা বিকাশৰ চেষ্টাৰ লগতে জ্ঞানৰ ভাণ্ডাৰ হিচাপে কাম কৰিব লাগে আৰু যুৱ মনক কিতাপৰ বাহিৰত চিন্তা কৰিবলৈ প্ৰশিক্ষণ দিব লাগে আৰু তেওঁলোকক সুযোগ হিচাপে যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ উদগনি দিব লাগে আৰু সামগ্ৰিকভাৱে তেওঁলোকক এজন ভাল মানুহ হিচাপে গঢ় দিব লাগে।

 

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিগত কেইটামান বছৰত এনআইটি অৰুণাচল প্ৰদেশৰ শিক্ষা আৰু গৱেষণা উন্নত হৈছে আৰু ইঞ্জিনীয়াৰিং বিভাগত নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক(এনআইআৰএফ)ত ২০০তম স্থান আৰু এআৰআইআইএ ৰেংকিং ২০২০ত নেচনেল ইমপৰটেন্স, কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰ চিএফটিআইসমূহৰ শাখাৰ মাজত ১১ৰ পৰা ২৫ নং স্থানৰ ভিতৰত নিজৰ স্থান অক্ষুন্ন ৰাখিছে।

 

মন্ত্ৰীগৰাকীয়ে জনায় যে এই প্ৰতিষ্ঠানখনত ৫৩গৰাকী শিক্ষকৰ লগতে স্নাতক, স্নাতকোত্তৰ আৰু পিএইচডি পৰ্যায়ত প্ৰায় ৮০০ শিক্ষাৰ্থী আছে। শেহতীয়াভাৱে পিএইচডিত ৮০শতাংশ নামভৰ্তি বৃদ্ধি পাইছে। এই নতুন ভৱনসমূহ উদ্বোধনৰ ফলত এনআইটি অৰুণাচল প্ৰদেশৰ কাম-কাজ স্থায়ী ভৱনৰ পৰা আৰম্ভ হব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে

 

অনুষ্ঠানত মন্ত্ৰী শ্ৰী ৰিজিজুৱে এনআইটি অৰুণাচল প্ৰদেশৰ লগতে এই প্ৰতিষ্ঠানখনত শিক্ষাগ্ৰহণ কৰা দেশৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলক অভিনন্দন জনায়। তেওঁ এই চেগতে এনআইটি অৰুণাচল প্ৰদেশৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জনায়। প্ৰাথমিকৰ পৰা উচ্চ পৰ্যায়লৈকে শিক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে গ্ৰহণ কৰা নতুন শিক্ষা নীতিৰ বাবে  শিক্ষা মন্ত্ৰালয়ৰ শলাগ লয় ৰিজিজুৱে।

 

মেকানিকেল ইঞ্জিনীয়াৰিং ব্লক, বায়-টেকনলজী আৰু কেমিকেল ইঞ্জিনীয়াৰিং ব্লকৰ নিৰ্মাণত ব্যয় হৈছে ১৭.৪০৫কোটি টকা। নৱনিৰ্মিত প্ৰতিটো ব্লকত ৭টাকৈ শ্ৰেণীকোঠা আছে যত মুঠ ৩৬০গৰাকী ব্যক্তিয়ে বহিব পাৰে।লগতে ৯টাকৈ লেবৰেটৰী, এটা আলোচনা কক্ষ আৰু ২৭টা ফেকাল্টী কেবিন আছে।  

 

 

 *******

NB/AKJ/AK/KG



(Release ID: 1667722) Visitor Counter : 99