শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

উত্তৰ প্ৰদেশৰ বেৰেলীত ১০০ খন বিচনাযুক্ত নতুন ইএছআইচি চিকিৎসালয়ৰ ভূমি পূজন সম্পন্ন কৰিলে শ্ৰী গংৱাৰে

দশেৰাৰ পৱিত্ৰ দিনটোত নতুন ইএছআইচি চিকিৎসালয়ৰ প্ৰস্তাৱনাই বেৰেলী অঞ্চলৰ সমূহ জনতাক দিলে আনন্দ ও সুখানুভূতি

Posted On: 26 OCT 2020 4:22PM by PIB Guwahati

উত্তৰ প্ৰদেশৰ বেৰেলীত কালি শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী সন্তোষ কুমাৰ গংৱাৰে ১০০ খন বিচনাযুক্ত নতুন ইএছআইচি চিকিৎসালয়ৰ ভূমি পূজন সম্পন্ন কৰিলে।

এই অনুষ্ঠানত ভাষণ আগবঢ়াই, বেৰেলীৰ আঠবাৰকৈ নিৰ্বাচিত সাংসদ শ্ৰী গংৱাৰে তেওঁৰ সমষ্টিৰ জনসাধাৰণৰ মেডিকেল প্ৰয়োজনীয়তাৰ সপোনক বাস্তৱায়িত কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ ও জিলা প্ৰশাসনৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু কৃতজ্ঞতা জনায়। তেওঁ তদুপৰি কয় যে এই চিকিৎসালয়খনিয়ে আইপি আৰু হিতাধিকাৰীসকলৰ জটিলতা দূৰ কৰি তুলিব। পূৰ্বে এনে লোকসকলে উন্নত মেডিকেল চিকিৎসাৰ বাবে হয় দিল্লীৰ এইমছ বা লক্ষ্নৌলৈ যাব লগা হৈছিল। তদুপৰি মন্ত্ৰীজনে ন্যূনতম ইউজাৰ মাচুলৰ বিনিময়ত ইএছআইচি চিকিৎসালয়খনৰ সা-সুবিধা সাধাৰণ লোকৰ বাবেও উপলব্ধ কৰি তোলা হ’ব বুলি ঘোষণা কৰে। তেওঁ তদুপৰি কয় যে ভৱিষ্যতে এই চিকিৎসালয়খনিক আদৰ্শ চিকিৎসালয় হিচাপে গঢ়ি তোলা যাব।

এই অনুষ্ঠানত উপস্থিত থাকি ভাষণ আগবঢ়োৱা আন বিশিষ্ট ব্যক্তিসকল হৈছেঃ ডঃ উমেশ গৌতম, মেয়ৰ, বেৰেলী, উত্তৰ প্ৰদেশ, ডঃ অৰুণ কুমাৰ, বিধায়ক, বেৰেলী, উত্তৰ প্ৰদেশ, ডঃ ডি.চি. বাৰ্মা, বিধায়ক, মিৰগঞ্জ, শ্ৰী ৰণবীৰ প্ৰসাদ, আই.এ.এছ., আয়ুক্ত, বেৰেলী, শ্ৰী নীতেশ কুমাৰ, আইএএছ, ডিএম, ডঃ কেশৱ আগৰৱালা, সদস্য, ইএছআই কৰ্প’ৰেশ্যন আৰু শ্ৰীমতী উষা উপাধ্যায়, কৰ্প’ৰেটৰ। আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে বেৰেলী অঞ্চলৰ কৰ্মচাৰী আৰু আন লোকৰ লাভৰ অৰ্থে কেন্দ্ৰীয় মন্ত্ৰীজনৰ এনে প্ৰচেষ্টাৰ শলাগ লয়। অনুষ্ঠানৰ আৰম্ভণিতে মেডিকেল আয়ুক্ত ডাঃ আৰ.কে. কাটাৰিয়াই বিশিষ্ট লোকসকলক আদৰণি জনাই আৰু ইএছআইচিৰ শেহতীয়া কাৰ্যপন্থা সন্দৰ্ভত ব্যক্ত কৰি সমগ্ৰ ভাৰতৰ কৰ্মচাৰীসকললৈ ‘অটল বিমিট ভক্তি কল্যাণ যোজনা’ৰ অধীনত লাভ আহৰণৰ ব্যৱস্থাৰ কথা সদৰী কৰে।

৪.৬৭ একৰ ভূমিত ৯০ কোটি টকা নিৰ্ধাৰিত ব্যয় সাপেক্ষে চিকিৎসালয়খনি নিৰ্মাণ কৰা হ’ব। ই বেৰেলী আৰু সমীপৱৰ্তী অঞ্চলৰ প্ৰায় ২ লাখ ইএছআই হিতাধিকাৰীলৈ সুবিধা আগবঢ়াব। এই চিকিৎসালয়খনিত অতিশয় উন্নত সা-সঁজুলি সংযোজিত কৰা হ’ব। যেনেঃ মাইনৰ অ’টি, ৰিচাচচাইটেশ্যন ৰুম, কেজুৱেলটি ৱাৰ্ড, চিএমঅ’ ৰুম, ফ্ৰেকচাৰ ক্লিনিক, এক্স-ৰে’, ইচিজি, নমুনা সংগ্ৰহ, ৰেডিঅ’ল’জি, অ’টি/আইচিইউ, ৱাৰ্ড।

এমপ্লয়ীজ ষ্টেট ইন্সুৰেঞ্চ কৰ্প’ৰেশ্যন হৈছে এটা আগশাৰীৰ সামজিক সুৰক্ষা সংস্থা। ই বিস্তৃত সামাজিক সুৰক্ষা লাভা-লাভ আগবঢ়ায়। যেনেঃ যথোচিত মেডিকেল কেয়াৰ আৰু ভিন্ন ধৰণৰ কেছ বেনিফিট। কৰ্মচাৰীৰ আহত, দুৰ্বলতা, মৃত্যু ইত্যাদিৰ সময়ত এয়া আগবঢ়োৱা হয়। ১০ বা ততোধিক কৰ্মচাৰী থকা সকলোবোৰ ফেক্টৰীতেই ইএছআই আইন প্ৰযোজ্য হয়। এই ফেক্টৰীসমূহত কৰ্মৰত যিসকল কৰ্মচাৰীৰ উপাৰ্জন প্ৰতি মাহে ২১,০০০/- টকা পৰ্যন্ত, তেওঁলোক এই ইএছআই আইনৰ অধীনত হেল্থ ইন্সুৰেঞ্চ ক’ভাৰ আৰু আন লাভা-লাভৰ বাবে যোগ্য বিবেচিত হয়। আজি কৰ্মচাৰীৰ প্ৰায় ৩.৪৯ কোটি ফেমিলী ইউনিটক সামৰি লৈছে আৰু ইয়াৰ ১৩.৫৬ কোটি হিতাধিকাৰীলৈ অদ্বিতীয় কেছ বেনিফিট আৰু যথোচিত মেডিকেল কেয়াৰ আগবঢ়াইছে। ১৯৫২ত নিগমৰ ২১ খন ডিছপেঞ্চেৰীৰ বিপৰীতে নাছিল কোনো ইএছআই চিকিৎসালয়।  আজি, ইয়াৰ আন্তঃগাঁথনি বহুগুণে বৃদ্ধি পাইছে। বৰ্তমান ইয়াৰ আছে ১৬৪৮ ডিছপেঞ্চেৰী/আয়ুস ইউনিট আৰু ১৫৯ ইএছআই হাস্পতাল, ৭৯৩ শাখা/পে’ কাৰ্যালয়, ৪৩ ডিছপেঞ্চেৰী-ও-শাখা কাৰ্যালয় আৰু ৬৪ আঞ্চলিক ও উপ-আঞ্চলিক কাৰ্যালয়। আজি দেশখনৰ ৩৪ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৬৬ খন জিলাত এই ইএছআই আঁচনি ৰূপায়ণ কৰা হৈছে।

*****

RCJ/RNM/IA/SB



(Release ID: 1667721) Visitor Counter : 131