ৰাষ্ট্ৰপতি সচিবালয়

দশেৰা উপলক্ষে ৰাষ্ট্ৰপতিৰ শুভেচ্ছা

Posted On: 24 OCT 2020 6:50PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে, দশেৰা উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।

এক বাৰ্তাযোগে ৰাষ্ট্ৰপতিয়ে কয়, “দশেৰাৰ এই পবিত্ৰ উৎসৱত আমি সকলো দেশবাসীয়ে আৰু বিদেশত বসবাস কৰি থকা সকলো ভাৰতীয়কে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছে।

এই উৎসৱ অধৰ্মৰ বিৰুদ্ধে ধৰ্মৰ আৰু অসত্যৰ বিৰুদ্ধে সত্যৰ বিজয়ৰ প্ৰতীক। সমগ্ৰ ভাৰতজুৰি বিভিন্ন ধৰণে এই উৎসৱ পালিত হয়। ভাৰতৰ সাংস্কৃতিক ঐক্যক দৃঢ় কৰাৰ এই উৎসৱ আমি সকলোৱে মিলি একত্ৰিত হৈ সম্প্ৰীতিৰ পৰিৱেশ ৰক্ষাৰ উৎসৱ এয়া, লগতে অশুভৰ বিৰুদ্ধে শুভবাৰ্তা এই উৎসৱৰ মাধ্যমেৰে দিয়া হয়। 

মৰ্যাদা পুৰুষোত্তম শ্ৰী ৰামৰ জীৱনৰ সৈতে এই উৎসৱ জড়িত হৈ আছে। তেওঁৰ জীৱনৰ পৰা আমি নৈতিকতা আৰু মৰ্যাদা পালনৰ ধাৰণা লাভ কৰা থাকো। আমি প্ৰাৰ্থনা কৰো যে আনন্দ আৰু উচ্ছ্বাসৰ উৎসৱ দশেৰাই বৰ্তমানৰ মহামাৰীৰ নেতিবাচক প্ৰভাৱৰ পৰা দেশবাসীক সুস্থ ৰাখক আৰু সকলোৰে জীৱনলৈ সমৃদ্ধি লৈ আহক।”

 

*******

VRRK/AK/RD



(Release ID: 1667538) Visitor Counter : 81