উপ-ৰাষ্ট্ৰপতি সচিবালয়

দশেৰাৰ প্ৰাকক্ষণত ৰাষ্ট্ৰবাসীক শুভেচ্ছা জ্ঞাপন উপ ৰাষ্ট্ৰপতিৰ

দশেৰা উদযাপনৰ সময়ছোৱাত ক’ভিড-১৯ সম্পৰ্কীয় স্বাস্থ্যবিধি অনুসৰণৰ আহ্বান

Posted On: 24 OCT 2020 5:39PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৱে দশেৰাৰ প্ৰাকক্ষণত ৰাষ্ট্ৰবাসীক শুভেচ্ছা জনাইছে। তেওঁৰ বাৰ্তাত, দশেৰা উদযাপনৰ সময়ত ক’ভিড-১৯ সন্দৰ্ভত স্বাস্থ্যবিধি মানি চলিবলৈ তেওঁ সকলোকে আহ্বান জনায়।

তলত তেওঁৰ বাৰ্তাটোৰ পূৰ্ণপাঠ আগবঢ়োৱা হৈছে -

“দশেৰা উপলক্ষে আমাৰ দেশৰ জনসাধাৰণলৈ মই মোৰ উষ্ম শুভেচ্ছা আৰু শুভ কামনা জ্ঞাপন কৰিলো।

সমগ্ৰ দেশখনতে ব্যাপক উদ্দীপনা আৰু আগ্ৰহেৰে উদযাপন কৰা দশেৰাই অশুভক দমনেৰে শুভ শক্তিৰ জয়কে প্ৰতিফলিত কৰে আৰু দুৰ্গা গোঁসানীৰদ্বাৰা মহিষাসুৰ অপদেৱতাক নাশৰ জয়কে ইয়াৰ মাধ্যমেৰে উদযাপন কৰা হয়। এই উৎসৱে আমাক ভগৱান ৰামচন্দ্ৰৰ ধাৰ্মিক, পূণ্যৱান আৰু মহৎ জীৱনকে সোঁৱৰাই দিয়ে, যি আছিল একেধাৰে এজন আদৰ্শ পুত্ৰ, আদৰ্শ স্বামী আৰু আদৰ্শ ৰজা আৰু ন্যায়পৰায়ণতা, সত্য আৰু নীতিনিষ্ঠতাৰ মূৰ্ত প্ৰতীক।

এই উৎসৱৰ অংশ হিচাপে দুৰ্গা পূজা, আয়ুদা পূজা, স্বামী পূজা, গৌৰী পূজা, ৰাৱণৰ জুমুঠি দাহ, বাথুকাম্মা আৰু শ্ৰীমানুকে প্ৰমুখ্য কৰি ভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়।

দশেৰা হৈছে পৰিয়ালৰ সদস্য আৰু বন্ধু-বৰ্গ একত্ৰিত হৈ উদযাপনৰ উৎসৱ। কিন্তু এই বৰ্ষত, ক’ভিড-১৯ মহামাৰীৰ বাবে, মই মোৰ দেশবাসী নাগৰিকক সম্পূৰ্ণৰূপে ক’ভিড-১৯ সম্পৰ্কীয় স্বাস্থ্য বিধি মানি চলি পৰিমিত উপায়েৰে দশেৰা উদযাপনৰ আহ্বান জনালো।

এই উৎসৱে ৰাষ্ট্ৰখনত শান্তি, ঐক্য, সু স্বাস্থ্য আৰু সমৃদ্ধিৰ সঞ্চাৰ কৰক।”

*****

VRRK/MS/DP/SB



(Release ID: 1667362) Visitor Counter : 92