ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

‘ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল মূল্য নিৰ্দ্ধাৰণ প্ৰধিকৰণ’ (এনপিপিএ)ৰ সৌজন্যত গোৱাত ‘মূল্য নিৰীক্ষণ আৰু সমল গোট’ স্থাপন

৩৬খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলতে ‘পিএমআৰইউ’ স্থাপনৰ পৰিকল্পনা ‘এনপিপিএ’-ৰ

‘পিএমআৰইউ’সমূহে আঞ্চলিক পৰ্যায়ত ঔষধৰ সুৰক্ষা আৰু ব্যয় সম্ভাৱনীয়তা অধিক শক্তিশালী ৰূপত নিশ্চিত কৰাৰ প্ৰত্যাশা

Posted On: 24 OCT 2020 12:43PM by PIB Guwahati

ভাৰত চৰকাৰৰ ‘সাৰ আৰু ৰসায়ণ মন্ত্ৰালয়’ৰ ‘ফামাৰ্চিউটিকেলছ বিভাগ’ৰ অধীনস্থ ‘ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল মূল্য নিৰ্দ্ধাৰণ প্ৰধিকৰণ’ (এনপিপিএ)ৰ সৌজন্যত গোৱাত এক মূল্য নিৰীক্ষণ আৰু সমল গোট স্থাপন কৰা হৈছে।

‘এনপিপিএ’-ই গোৱাৰ ৰাজ্যিক ঔষধ নিয়ন্ত্ৰণ বিভাগৰ সমন্বয়ৰে যোৱা ২২ অক্টোবৰ ২০২০ত এক মূল্য নিৰীক্ষণ আৰু সমল গোট (পিএমআৰইউ) আনুষ্ঠানিক ভাবে মুকলি কৰে। এনপিপিএ’ৰ পৰিসীমাৰ অধিক সম্প্ৰসাৰণ কৰিব পৰাকৈ গঠন কৰা এই ‘পিএমআৰইউ’সমূহ ‘সমিতি পঞ্জীয়ণ আইন’ৰ অধীনত পঞ্জীয়ণ কৰা হয়, অৱশ্যে, ইয়াৰ নিজাববীয়া ‘মেম’ৰিডাম অব এছোচিয়েশ্যন’/উপ বিধি আচুতীয়াকৈ থাকে। পিএমআৰইউ-ৰ গৱৰ্ণৰ পৰিষদত কেন্দ্ৰীয় চৰকাৰ, সংশ্লিষ্ট ৰাজ্য চৰকাৰ  আৰু অন্য অংশিদাৰী পক্ষসমূহৰ প্ৰতিনিধিকো অন্তৰ্ভুক্ত কৰা হয়।

কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাৰে পৰিচালিত আঁচনিৰ অধীনত গঠিত পিএমআৰইউসমূহক উপভোক্তা সজাগতা, প্ৰচাৰ আৰু মূল্য নিৰীক্ষণ(চিএপিপিএম) হিচাপে কেৰালা, ওড়িশা, ৰাজস্থান, হাৰিয়াণা, নাগালেণ্ড, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, পাঞ্জাৱ, অন্ধ্ৰ প্ৰদেশ, মিজোৰাম, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, তেলেংগাণা আৰু মহাৰাষ্ট্ৰৰ দৰে দেশৰ ১৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ইতিমধ্যে স্থাপন কৰিছে এনপিপিএ-ই। দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে পিএমআৰইউ স্থাপনৰ বাবে এনপিপিএ-ই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত পিএমআৰইউসমূহৰ সকলো ধৰণৰ ব্যয় এনপিপিএ-ই বহণ কৰিব।

এই পৰ্যন্ত এনপিপিএ-ৰ মুখ্য কাৰ্যালয় দিল্লীত থকাৰ বিপৰীতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যন্ত এনপিপিএ-ৰ উপস্থিতি সম্প্ৰসাৰিত হোৱাকৈ পিএমআৰইউসমূহ স্থাপন কৰা হব।

‘পিএমআৰইউ’সমূহে আঞ্চলিক পৰ্যায়ত ঔষধৰ সুৰক্ষা আৰু ব্যয় সম্ভাৱনীয়তা অধিক শক্তিশালী ৰূপত নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।

 

****

NB /RCJ/RKM/KB



(Release ID: 1667339) Visitor Counter : 135