জল শক্তি মন্ত্ৰালয়

১০০ দিনৰ ভিতৰত প্ৰতিখন বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ পাইপেৰে পেয় পানী যোগান নিশ্চিতৰদ্বাৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্য পৰিপূৰণ কৰিবলৈ সম্পূৰ্ণ সাজু জম্মু-কাশ্মীৰ

জম্মু-কাশ্মীৰত জল জীৱন অভিযানৰ ৰূপায়ণৰ অগ্ৰগতি পৰ্যালোচনা জল শক্তি মন্ত্ৰালয়ৰ; ২০২৩-২৪ত ৰাষ্ট্ৰীয় লক্ষ্যৰ পূৰ্বেই ২০২২ৰ ডিচেম্বৰত ইউনিভাৰ্চেল ক’ভাৰেজৰ পৰিকল্পনা কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ

Posted On: 24 OCT 2020 11:57AM by PIB Guwahati

প্ৰতিখন ৰাষ্ট্ৰৰ বাবেই শিশুহঁত হ’ল ভৱিষ্যৎ আৰু তেওঁলোকৰ বিকাশ আৰু সামগ্ৰিক উন্নয়নৰ অৰ্থে সুৰক্ষিত পানী আগবঢ়োৱাটো আৰু স্বাস্থ্যবিধিৰ অগ্ৰগতি আৱশ্যকীয়। সমগ্ৰ দেশখনৰ সকলো বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ পেয় পানী যোগান নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্য অনুসৰি আৰু নিৰ্দেশনাৰ অধীনত জল শক্তি মন্ত্ৰালয়ে ২ অক্টোবৰ, ২০২০ত ১০০-দিনীয়া অভিযানৰ শুভাৰম্ভ কৰিছিল। উল্লেখিত সময়সীমাৰ ভিতৰত এই সকলোবোৰ প্ৰতিষ্ঠানলৈ সুৰক্ষিত পানী যোগানৰদ্বাৰা প্ৰধানমন্ত্ৰীৰ লক্ষ্য পূৰণৰ পৰিকল্পনা কৰে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলে। যাৰ জৰিয়তে বিদ্যালয়সমূহ পুনৰ মুকলিৰ লগে-লগে ছাত্ৰ-ছাত্ৰীসকলে সেৱন, হাত ধুবলৈ আৰু টয়লেটত ব্যৱহাৰ কৰিবলৈ পাইপেৰে পেয় পানী লাভ কৰিব পাৰিব।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত জল জীৱন অভিযান (JJM) ৰূপায়ণৰ অগ্ৰগতিৰ বুজ ল’বলৈ, ৰাষ্ট্ৰীয় জল জীৱন অভিযান টীম, জল শক্তি মন্ত্ৰালয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সকলোবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বছৰৰ মাজভাগতে পৰ্যালোচনা কৰে। ইয়াক ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গ্ৰামাঞ্চলৰ গৃহস্থীসমূহলৈ টেপ পানী সংযোগ ব্যৱস্থাৰ স্থিতি অৱগত কৰাৰ লগতে বৰ্তমানে থকা আনুষ্ঠানিক ব্যৱস্থা আৰু ইউনিভাৰ্চেল ক’ভাৰেজ নিশ্চিত কৰিবলৈ ভৱিষ্যৎ কাৰ্যপন্থা সম্পৰ্কে ব্যক্ত কৰে। আজি জম্মু-কাশ্মীৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোত জেজেএমৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত দাঙি ধৰে।

জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ গৃহস্থীৰ সংখ্যা ১৮.১৭ লাখ, ইয়াৰে ৮.৩৮ লাখ (৪৬%)ক ইতিমধ্যে টেপ পানী সংযোগ প্ৰদান কৰা হৈছে। এই বিত্তীয় বৰ্ষটোৰ কাৰণে জেজেএমৰ অধীনত কেন্দ্ৰীয় শ্বেয়াৰ হিচাপে ৬৮১.৭৭ কোটি টকা কেন্দ্ৰীয় শাসিত অঞ্চলটোলৈ আবন্টন দিয়া যায়। ফিজিকেল আৰু ফাইনেন্সিয়েল পাৰ্ফমেন্সৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত আবন্টনৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চলটো যোগ্য়। ২০২৩-২৪ত ৰাষ্ট্ৰীয় লক্ষ্যৰ পূৰ্বে ২০২২ৰ ডিচেম্বৰৰ ভিতৰত ১০০% ক’ভাৰেজৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় শাসিত অঞ্চলটোৱে। ইয়াৰ জৰিয়তে, গ্ৰামাঞ্চলৰ প্ৰতিঘৰলৈ টেপ সংযোগ আগবঢ়োৱাৰ অভিলাষী লক্ষ্য পূৰণেৰে জম্মু-কাশ্মীৰ লেখত ল’বলগীয়া উদাহৰণ হ’বলৈ আগবাঢ়িছে।

জম্মু-কাশ্মীৰে ৪,০৩৮ গাঁও সাপেক্ষে ভিলেজ এক্সন প্লেন (VAP) চূড়ান্ত কৰি তুলিছে। ভিএপিত উৎসৰ শক্তিশালীকৰণ, পানী যোগান, গ্ৰে ৱাটাৰ ব্যৱস্থাপনা আৰু অভিযান ও পৰিচালনাৰ দৰে উপাংশসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। উৎসৰ শক্তিশালীকৰণ, জল সংৰক্ষণ, একুইফাৰ ৰিচাৰ্জ, ৱাটাৰ ট্ৰিটমেন্ট আৰু গ্ৰে-ৱাটাৰ ব্যৱস্থাপনা ইত্যাদিৰ বাবে গাঁও/গাঁও পঞ্চায়তৰ দৰে তৃণমূল পৰ্যায়ত ৰূপান্তৰমূলক পৰিকল্পনা গ্ৰহণ কৰা যায়।

গাঁও পানী ও অনাময় কমিটি গঠনত গুৰুত্ব আৰোপ কৰা যায়। যাৰ জৰিয়তে গ্ৰামাঞ্চলসমূহত খোৱা পানীৰ সুৰক্ষা লাভ কৰিবলৈ পানী যোগান ব্যৱস্থাটোৰ দীৰ্ঘ-ম্যাদী বহনক্ষমতা নিশ্চিতৰ অৰ্থে গাঁওসমূহত পানী যোগান ব্যৱস্থাৰ পৰিকল্পনা, ৰূপায়ণ, পৰিচালনা, অভিযান আৰু ব্যৱস্থাত স্থানীয় গাঁও সমাজ/গাঁও পঞ্চায়ত আৰু বা ইয়াৰ উপ-সমিতি/ইউজাৰ গ্ৰুপক জড়িত কৰিবপৰা যাব। কেন্দ্ৰীয় শাসিত অঞ্চলটোৱে গাঁও পঞ্চায়ত ব্যৱস্থা তথা আন ষ্টেকহ’ল্ডাৰসকলৰ সামৰ্থ্য নিৰ্মাণ কৰিবলৈ প্ৰশিক্ষণ অনুষ্ঠিতৰ আহ্বান জনাইছে। সমান্তৰালভাৱে দক্ষতা বিকাশতো গুৰুত্ব আৰোপ কৰা হৈছে।

*****

APS/MG/AS/SB



(Release ID: 1667321) Visitor Counter : 107