শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

অৰুণাচল প্ৰদেশলৈ ইএছআই আঁচনিৰ সম্প্ৰসাৰণ

Posted On: 23 OCT 2020 3:21PM by PIB Guwahati

অধিক কৰ্মচাৰীক ইএছআই আঁচনিৰ অধীনত সামৰি ল’বলৈ অব্যাহত থকা নিৰন্তৰ প্ৰচেষ্টাৰ অংশস্বৰূপে, ভাৰত চৰকাৰে ১ নৱেম্বৰ, ২০২০ৰপৰা কাৰ্যকৰী হোৱাকৈ প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশলৈ এমপ্লয়ীজ ষ্টেট ইন্সুৰেঞ্চ (ইএছআই) আঁচনি সম্প্ৰসাৰিত কৰিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা জাৰি কৰা এখনি অধিসূচনাত ইএছআই আঁচনিৰ অধীনত পাপুম পাৰে জিলাক সামৰি লোৱাৰ কথা উল্লেখ।

অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাত অৱস্থিত ১০ বা ততোধিক কৰ্মচাৰী থকা সকলোবোৰ ফেক্টৰীয়েই ইএছআই আঁচনি, ১৯৪৮ ৰ অধীনত ক’ভাৰেজৰ বাবে যোগ্য হ’ব। ইএছআই আঁচনিৰ অধীনত অনলাইন পঞ্জীয়নৰ সুবিধা www.esic.in ৱেবচাইট আৰু ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ “শ্ৰম সুবিধা পৰ্টেল”টো উপলব্ধ। ইএছআই আঁচনিৰ অধীনত পঞ্জীয়নৰ অৰ্থে কোনো ধৰণৰ ফিজিকেল নথি-পত্ৰ দাখিলৰ প্ৰয়োজনীয়তা নাই। এই ফেক্টৰীসমূহত কৰ্মৰত যিসকল কৰ্মচাৰীৰ উপাৰ্জন প্ৰতি মাহে ২১,০০০/- টকা পৰ্যন্ত (বিশেষভাৱে সক্ষম লোকৰ অৰ্থে মাহিলী ২৫ হাজাৰ টকা), তেওঁলোক এই ইএছআই আঁচনিৰ অধীনত ক’ভাৰেজৰ বাবে যোগ্য হ’ব।

ই আৱৰি লোৱা কৰ্মচাৰী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলে লাভ কৰিবলৈ যোগ্য হ’বলগীয়া সেৱাসমূহ হৈছেঃ কেছলেছ মেডিকেল কেয়াৰ ছাৰ্ভিচ, চিকনেছ বেনিফিট, মেটাৰনিটি বেনিফিট, এমপ্লয়মেন্ট ইনজুৰী বেনিফিট আৰু এমপ্লয়মেন্ট ইনজুৰীৰ পৰিপ্ৰেক্ষিতত মৃত্যু হ’লে ডিপেণ্ডেন্ট বেনিফিট, আনএমপ্লয়মেন্ট বেনিফিট ইত্যাদি। ইটানগৰত নতুনকৈ মুকলি কৰা ডিছপেঞ্চেৰী ও শাখা কাৰ্যালয় (DCBO) ৰ জৰিয়তে মেডিকেল কেয়াৰৰ ব্যৱস্থা কৰা হ’ব।

ভাৰতত ইএছআই আঁচনি

এমপ্লয়ীজ ষ্টেট ইন্সুৰেঞ্চ কৰ্প’ৰেশ্যন হৈছে এটা আগশাৰীৰ সামজিক সুৰক্ষা সংস্থা। ই বিস্তৃত সামাজিক সুৰক্ষা লাভা-লাভ আগবঢ়ায়। যেনেঃ যথোচিত মেডিকেল কেয়াৰ আৰু ভিন্ন ধৰণৰ কেছ বেনিফিট। কৰ্মচাৰীৰ আহত, দুৰ্বলতা, মৃত্যু ইত্যাদিৰ সময়ত এয়া আগবঢ়োৱা হয়। ই কৰ্মচাৰীৰ প্ৰায় ৩.৪৯ কোটি ফেমিলী ইউনিটক সামৰি লৈছে আৰু ইয়াৰ ১৩.৫৬ কোটি হিতাধিকাৰীলৈ অদ্বিতীয় কেছ বেনিফিট আৰু যথোচিত মেডিকেল কেয়াৰ আগবঢ়াইছে। আজি, ইয়াৰ আন্তঃগাঁথনি বহুগুণে বৃদ্ধি পাইছে। বৰ্তমান ইয়াৰ আছে ১৫২০ ডিছপেঞ্চেৰী (ম’বাইল ডিছপেঞ্চেৰীকে ধৰি)/৩০৭ আইএছএম ইউনিট আৰু ১৫৯ ইএছআই হাস্পতাল, ৭৯৩ শাখা/পে’ কাৰ্যালয় আৰু ৬৪ আঞ্চলিক ও উপ-আঞ্চলিক কাৰ্যালয়। আজি লক্ষদ্বীপৰ বাহিৰে সকলো জিলা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৬৮ খন জিলাত এই ইএছআই আঁচনি ৰূপায়ণ কৰা হৈছে।

ইএছআই আঁচনিৰ অধীনত ক’ভাৰ হোৱা কৰ্মচাৰীসকলে আন-আন লাভা-লাভৰ ওপৰিও এমপ্লয়মেন্ট এলাউন্সৰ বাবেও যোগ্য বিবেচিত হয়। দুই আনএমপ্লয়মেন্ট এলাউন্স আঁচনি হৈছে অটল বীমিট ভক্তি কল্যাণ যোজনা (ABVKY) আৰু ৰাজীৱ গান্ধী শ্ৰমিক কল্যাণ যোজনা (RGSKY)।

*****

NB/RCJ/RNM/IA/SB



(Release ID: 1667260) Visitor Counter : 203