গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
পিঁয়াজৰ দাম আৰু উপলব্ধতাৰ বাবে পদক্ষেপ গ্ৰহণ
পিঁয়াজৰ ষ্টকৰ সীমা ২৩ অক্টোবৰ ২০২০ অনুসৰি ৰখা হৈচিল, যিটো পাইকাৰী বিক্ৰেতাৰ বাবে ২৫ মেট্ৰিকটন আৰু খুচুৰা বিক্ৰেতাৰ বাবে ২ মেট্ৰিক টন ধাৰ্য কৰা হৈছিল, ৩১-১২-২০২০ পৰ্যন্ত
‘বাফাৰ ষ্টকৰ পৰা পিঁয়াজ মুকলি কৰি দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ গ্ৰহণ
Posted On:
23 OCT 2020 4:57PM by PIB Guwahati
ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পিছৰে পৰা পিঁয়াজৰ দাম ক্ৰমাৎ উৰ্ধ্বমুখী হৈছে। এই দামৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ একাধিক কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাও হৈছে। কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা দপ্তৰে ডেশ্ব ব’ৰ্ডৰ মাধ্যমেৰে প্ৰতি দিনে পিঁয়াজৰ দাম বৃদ্ধিৰ বিষয়টো পৰ্যবেক্ষণ কৰি আছে। এই উৰ্ধ্বমুখী দামৰ প্ৰৱণতা বন্ধ কৰাৰ বাবে ক্ষীপ্ৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে।
নিত্য প্ৰয়োজনীয় পণ্য সামগ্ৰী (সংশোধনী) আইন ২০২০ অনুযায়ী অতিৰিক্ত সাধাৰণ মূল্য বৃদ্ধিৰ অধীনত মজুত সীমা নিৰ্ধাৰণৰ বিষয়টো অনা হৈছে। ২১ অক্টোবৰ পৰ্যন্ত সমগ্ৰ ভাৰতবৰ্ষতে একক স্থানত পিঁয়াজৰ একেক খুচুৰা মূল্য পৰিলক্ষিত হৈছে। বিগত বছৰৰ তুলনাত এইবছৰ পিঁয়াজৰ দাম প্ৰায় ২২.১২ শতাংশ বৃদ্ধি পাইছে। য’ত বিগত বছৰত খুচুৰা বজাৰত প্ৰতিকিলো পিঁয়াজৰ দাম ৪৫ টকা ৩৩ পইচা আছিল, সেয়া এতিয়া বৃদ্ধি হৈ ৫৫ টকা ৬০ পইচা হৈছে। এই হিচাপে বিগত ৫ বছৰে খুচুৰা বজাৰত পিঁয়াজৰ দামৰ ক্ষেত্ৰত ১১৪.৯৬ শতাংশ বৃদ্ধি হৈছে। গতিকে, পিঁয়াজ মজুতৰ ক্ষেত্ৰত সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে। পাইকাৰী বিক্ৰেতাসকলে ৩১ ডিচেম্বৰ পৰ্যন্ত ২৫ মেট্ৰিক টন পিঁয়াজ মজুত ৰাখিব পাৰিব। আনফালে, খুচুৰা বিক্ৰেতাসকলে এই সময়সীমা পৰ্যন্ত ২ মেট্ৰিক টন পিঁয়াজ মজুত ৰাখিব পাৰিব।
মূল্য বৃদ্ধিৰ প্ৰৱণতাৰ দিশ লক্ষ্য ৰাখি বিগত ১৪ ছেপ্টেম্বৰত চৰকাৰে খাৰিফ ছিজনৰ পূৰ্বে এছীয় দেশবোৰত পিঁয়াজ ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা ঘোষণা কৰিছে। এই পদক্ষেপ গ্ৰহণৰ ফলত খুচুৰা বজাৰত পিঁয়াজৰ মূল্যবৃদ্ধি কিছু নিয়ন্ত্ৰণ কৰিব পৰা গৈছে। পিছে, মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশৰ পিঁয়াজ উৎপাদিত জিলাবোৰত যথেষ্ট বৰষুণৰ খবৰে খাৰিফ ফচলৰ ব্যাপক ক্ষতিৰ আশংকাৰ সৃষ্টি কৰিছে।
জলবায়ু বা বতৰ সংক্ৰান্তীয় এই খবৰৰ বাবেই পিঁয়াজৰ দাম কিছু হ’লেও বৃদ্ধি পাইছে। বৰ্তমান পৰিস্থিতিৰ মোকাবিলাত চৰকাৰে পিঁয়াজৰ বাফাৰ্ছ ষ্টকৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে। বিগত বছৰৰ তুলনাত এইবছৰ বাফাৰ্ছ ষ্টকৰ পৰিমাণ প্ৰায় দ্বিগুণ কৰা হৈছে।
মুকলি বজাৰত যাতে আৰু অধিক পিঁয়াজ বিক্ৰী কৰা সম্ভৱ হয় তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপ গ্ৰহণৰ ফলত পিঁয়াজৰ মূল্য যথেষ্টখিনি নিয়ন্ত্ৰণ কৰিব পৰা গৈছে। খাৰিফ ফচল মণ্ডীলৈ আহিবলৈ আৰম্ভ কৰিছে। অনুমান কৰিব পাৰি যে অতিশীঘ্ৰেই মণ্ডীবোৰত ৩৭ লাখ মেট্ৰিক টন পিঁয়াজ আমদানি হ’ব। ইয়াৰ ফলত, পিঁয়াজৰ উপলব্ধতা আৰু সহজ হৈ উঠিব।
পিঁয়াজৰ আমদানি সুনিশ্চিত কৰি তুলিবলৈ সংশ্লিষ্ট দেশবোৰৰ ব্যৱসায়ীসকলৰ সৈতে ভাৰতীয় উচ্চায়ুক্তই যোগাযোগ ৰাখি চলিছে। ভাৰতীয় বন্দৰত আমদানিকৃত পিঁয়াজ প্ৰেৰণৰ লগে লগে যাতে সেয়া ক্ষীপ্ৰতাৰে সঠিক স্থানলৈ গৈ পায় তাৰ বাবে চৰকাৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে।
বেচৰকাৰী ব্যৱসায়ীসকলক পিঁয়াজ আমদানিৰ সুবিধা প্ৰদান কৰাৰ উপৰিও চৰকাৰেও সিদ্ধান্ত গ্ৰহণ কৰিছে যে, এইবাৰৰ পৰা চাহিদা আৰু নাটনিৰ পাৰ্থক্য পূৰণ কৰিবলৈ ৰঙা পিঁয়াজৰ আমদানি আৰম্ভ কৰা হ’ব। অসাধু ব্যবসায়ী, ক’লা বজাৰ ৰোধত আৰু সৰবৰাহ শৃঙ্খল বজাই ৰাখিবলৈ ১৯৮০ চনৰ নিত্য প্ৰয়োজনীয় পণ্য সামগ্ৰী আইন অনুযায়ী যথাযথ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
***
APS/RD
(Release ID: 1667258)
Visitor Counter : 261
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam