কেবিনেট
কেবিনেটে ভাৰতৰ আইচিএআই আৰু মালয়েছিয়াৰ এমআইচিপিএ মাজত সম্পন্ন হোৱা পাৰস্পৰিক স্বীকৃতিৰ চুক্তিত অনুমোদন জনাইছে
प्रविष्टि तिथि:
21 OCT 2020 3:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টছ প্ৰতিষ্ঠান(আইচিএআই) আৰু মালয়েছিয়ান চাৰ্টিফাইড পাব্লিক একাউণ্টেনছ প্ৰতিষ্ঠান(এমআইচিপিএ)ৰ মাজত সম্পন্ন হোৱা পাৰস্পৰিক স্বীকৃতিৰ চুক্তিত অনুমোদন জনাইছে। ইয়াৰ ফলত যিকোনো এখন প্ৰতিষ্ঠানৰ সম্পূৰ্ণৰূপে যোগ্য চাৰ্টাৰ্ড একাউণ্টেণ্ট(চিএ) সদস্যই নিজৰ যোগ্যতাৰ ভিত্তিত আনখন প্ৰতিষ্ঠানত যোগ দিয়াৰ সুযোগ লাভ কৰিব।
গুৰুত্বপূৰ্ণ প্ৰভাৱঃ
এছিয়া পেচিফিক অঞ্চলৰ প্ৰতিষ্ঠানসমূহৰ সৈতে দ্বিপাক্ষিক সহযোগিতা স্থাপনৰ লক্ষ্যৰে আইচিএআই-এ এমআইচিপিএ-ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। গোলকীয় পৰিস্থিতিত এই পেছাই সন্মুখীন হোৱা নতুন প্ৰত্যাহ্বান দূৰ কৰাৰ ক্ষেত্ৰত দুয়োটা একাউণ্টেনচী প্ৰতিষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
পটভূমিঃ
ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টছ প্ৰতিষ্ঠান(আইচিএআই) হ’ল ভাৰতত চাৰ্টাৰ্ড একাউণ্টেণ্টৰ পেছাক পৰিচালনা কৰা সাংবিধানিক সংস্থা। ই ‘দ্য চাৰ্টাৰ্ড একাউণ্টেণ্ট আইন,১৯৪৯’ৰ অধীনষ্ঠ।একেদৰে, মালয়েছিয়ান চাৰ্টিফাইড পাব্লিক একাউণ্টেনছ প্ৰতিষ্ঠান(এমআইচিপিএ) কোম্পানীজ এক্ট,১৯৬৫ৰ অধীনত স্থাপিত হৈছিল।
****
VRRK/MS
(रिलीज़ आईडी: 1666967)
आगंतुक पटल : 200
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada