জল শক্তি মন্ত্ৰালয়

ত্ৰিপুৰাত ৰূপায়ণ হৈ থকা জল জীৱন মিচনৰ মধ্যকালীন পৰ্যালোচনা

Posted On: 22 OCT 2020 4:36PM by PIB Guwahati

ল শক্তি মন্ত্ৰালয়ৰ খোৱা পানী আৰু অনাময় বিভাগৰ ৰাষ্ট্ৰীয় জল জীৱন মিচনে ২০২৪ চনৰ ভিতৰত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত জল শক্তি মিছন’(জেজেএম) কাৰ্যক্ৰমৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ সকলো পৰিয়াললৈ নল সংযোগী পানীৰ যোগান নিশ্চিত কৰাৰ সাৰ্বজনীন লক্ষ্যত উপনীত হোৱাৰ পথত এই পৰ্যন্ত সম্পাদিত হোৱা কামৰ অগ্ৰগতিৰ এক সমীক্ষা কৰে। আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতিৰ খটিয়ান লোৱাৰ উদ্দেশ্যে বছৰৰ এক মধ্যকালীন পৰ্যালোচনা ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে সম্পন্ন কৰা হৈছে। গ্ৰাম্যাঞ্চলৰ সকলো পৰিয়াললৈ নল-সংযোগী পানী যোগান সংক্ৰা্ন্তীয় সকলো তথ্য দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তৰফৰ পৰা দাখিল কৰা হৈছে।

আজি ৰাষ্ট্ৰীয় জল জীৱন মিছনক ত্ৰিপুৰাই ৰাজ্যখন এই প্ৰকল্পৰ মধ্যকালীন অগ্ৰগতিৰ খটিয়ান দাঙি ধৰে। ৰাজ্যখনত প্ৰায় .১ লাখ পৰিয়াল আছে, ইয়াৰে .১৬ লাখ (১৪%) পৰিয়ালে ইতিমধ্যে নলসংযোগী লাভ কৰিছে। ২০২৩চনৰ ভিতৰত ৰাজ্যখনে ১০০% পৰিয়ালক এই প্ৰকল্পৰ জৰিয়তে সামৰি লোৱাৰ বাবে ত্ৰিপুৰা চৰকাৰে পৰিকল্পনা লৈছে। ৰাজ্যখনত পূৰ্বৰে পৰাআন এক সুন্দৰ পানী যোগান আন্তঃগাঁথনি ৰূপায়ণ কৰা হৈছে৷ এই আন্তঃগাঁথনিৰ সহায়ত ৰাজ্যখনৰ ,১৭৮খন গাঁৱলৈ পানীৰ যোগান ধৰি থকা হৈছে। ৰাজ্যখনে ২০২০-২১ বৰ্ষত ৩.২০লাখ নলসংযোগী পানী যোগানৰ লক্ষ্য লৈ বৰ্তমানলৈকে ৪৪,০০০ পৰিয়ালক নলসংযোগ প্ৰদান কৰিছে ৰাজ্যখনে নৱেম্বৰৰ পৰা প্ৰতি মাহত ৫০,০০০কৈ আৰু প্ৰতিদিনে ,৫০০কৈ টেপ সংযোগ প্ৰদানৰ পৰিকল্পনা কৰিছে৷ তদুপৰি, ২০২০-২১ বৰ্ষত ২৭৭হৰ ঘৰ জলগাঁও আৰু ১২হৰ ঘৰ জলব্লকত পানীৰ টেপ সংযোগৰ পৰিকল্পনা লৈছে৷

ৰাজ্যখনৰ ,১৭৮খন গাঁৱত গাঁও পানী আৰু অনাময় কমিটী গঠন কৰা হৈছে৷ ইতিমধ্যে ২৫০খন গাঁৱে পৰিকল্পনা গ্ৰহণ কৰি এই প্ৰকল্পৰ সফল ৰূপায়ণ সম্পূ্ৰ্ণ কৰিছে৷

সমীক্ষা সভাত গাঁও কৰ্ম পৰিকল্পনাৰ প্ৰস্তুতি, গাঁও পানী তথা অনাময় সমিতি’(ভিডব্লিউএছচি) গঠনৰ দৰে প্ৰসংগ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। এই ক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠন, মহিলা আত্মসহায়ক গোট, অনা-চৰকাৰী সংস্থা আদিৰ সহযোগিতাৰ প্ৰসংগতো সভাত গুৰুত্ব প্ৰদান কৰা হয়। অক্টোবৰ, ২০২০ৰ পৰা আৰম্ভ কৰা ১০০ দিনীয়া কাৰ্যসূচীৰ অধীনত অংগনৱাড়ী কেন্দ্ৰ, বিদ্যালয় আৰু আশ্ৰমত টেপ সংযোগৰ কাম চলি আছে৷

জল জীৱন মিছন’-ৰ ৰূপায়ণৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষত ত্ৰিপুৰালৈ ১৫৬. কোটি টকাৰ পুঁজিৰ আৱণ্টন দিয়া হৈছে আৰু ইয়াৰে .৪ কোটি টকা ইতিমধ্যে মোকলাই দিয়া হৈছে। প্ৰথম কিস্তিৰ দ্বিতীয়টো অংশৰ ধন আদায় কৰিবলৈ হলে ৰাজ্যখনে ইতিমধ্যে লাভ কৰা পুঁজিৰ সদ্ব্যৱহাৰ খৰটকীয়া কৰি তুলিব লাগিব। ত্ৰিপুৰা পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত গ্ৰামীণ নিকায়সমূহলৈ পানী যোগান আৰু অনাময়ৰ বাবে ৩৮ কোটি টকাও আৱণ্টন দিয়া হৈছে৷

প্ৰচুৰ পৰিমাণে বৰষুণ হোৱা ত্ৰিপুৰাত ১০০% টেপৰ পানী সংযোগ ব্যৱস্থাই প্ৰতিটো গ্ৰামীণ পৰিয়ালৰ জীৱন ধাৰণৰ মান উন্নত কৰাটো সুনিশ্চিত কৰিব৷

 

 

********************

APS/MG/AS/DB


(Release ID: 1666955) Visitor Counter : 130