শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

বৰ্তমানে থকা ২০০১=১০০ৰ বিপৰীতে ২০১৬=১০০ নতুন ছিৰিজৰ ভিত্তিত ঔদ্যোগিক শ্ৰমিকৰ বাবে সংশোধিত গ্ৰাহক মূল্য সূচকাংক (CPI-IW) উন্মোচন শ্ৰী সন্তোষ গংৱাৰৰ

নতুন ভিত্তিসহ চিপিআই-আইডব্লিউ এ লক্ষ্য কৰি লোৱা জনসাধাৰণৰ শেহতীয়া কনজামশ্যন পেটাৰ্ণক প্ৰতিফলিত কৰিছে আৰু আহি থকা সময়ছোৱাত শ্ৰমিকসকলৰ স্বাৰ্থ পূৰণ কৰিবলৈ সক্ষম হ’বঃ শ্ৰম মন্ত্ৰী

Posted On: 22 OCT 2020 4:26PM by PIB Guwahati

শ্ৰম ও নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী সন্তোষ কুমাৰ গংৱাৰে শ্ৰম ও নিয়োগৰ সচিব শ্ৰী অপূৰ্ব চন্দ্ৰা আৰু জ্যেষ্ঠ শ্ৰম ও নিয়োগ উপদেষ্টা আৰু শ্ৰম ব্যুৰ’ৰ সঞ্চালক প্ৰধান শ্ৰী ডিপিএছ নেগীৰ উপস্থিতিত ২০১৬ ভিত্তি বৰ্ষ সাপেক্ষে ঔদ্যোগিক শ্ৰমিকৰ বাবে গ্ৰাহক মূল্য সূচকাংক (CPI-IW)ৰ নতুন ছিৰিজ উন্মোচন কৰে। এয়া শ্ৰম ও নিয়োগ মন্ত্ৰালয়ৰ সংলগ্ন কাৰ্যালয় শ্ৰম ব্যুৰ’য়ে যুগুত কৰি উলিয়াইছে। বৰ্তমানে থকা ২০০১=১০০ ভিত্তিক ছিৰিজটোৰ স্থানত চিপিআই (আইডব্লিউ)ৰ ২০১৬=১০০ ভিত্তিক নতুন ছিৰিজটো প্ৰৱৰ্তন কৰা হৈছে।

এই সংশোধনীৰ পূৰ্বে, উক্ত ছিৰিজটো শ্ৰম ব্যুৰ’ প্ৰতিষ্ঠাৰেপৰা ১৯৪৪ ৰপৰা ১৯৪৯; ১৯৪৯ ৰপৰা ১৯৬০; ১৯৬০ ৰপৰা ১৯৮২ আৰু ১৯৮২ ৰপৰা ২০০১ লৈ সংশোধনী কৰা হৈছে।

এই সংক্ৰান্তত, কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীয়ে কয় যে নতুন ভিত্তিসহ চিপিআই (আইডব্লিউ)ৰ সংশোধনীয়ে লক্ষ্য কৰি লোৱা জনসাধাৰণৰ শেহতীয়া কনজামশ্যন পেটাৰ্ণক সামৰি ল’ব যিয়ে আহি থকা সময়ছোৱাত শ্ৰমিকসকলৰ স্বাৰ্থ পূৰণ কৰিবলৈ সক্ষম হ’ব।

শ্ৰী গংৱাৰে কয়, এই পদক্ষেপে ভাৰতীয় অৰ্থনীতিৰ মেক্ৰ’ইকনমিক ইণ্ডিগেটৰসমূহৰ নিৰ্ধাৰণত সহায় আগবঢ়াব। তেওঁ লগতে কয় যে ইয়াৰ উন্নয়ন সাধনে, তথা আন্তঃৰাষ্ট্ৰীয় মানদণ্ড আৰু অনুশীলন সংলগ্ন কৰাৰ ফলত, ইয়াক আন্তঃৰাষ্ট্ৰীয় স্তৰত অধিক প্ৰতিদ্বন্দ্বী কৰি তুলিব।

মন্ত্ৰীজনে শ্ৰম ব্যুৰ’ক শেহতীয়া এই প্ৰচেষ্টাৰ বাবে শলাগ লয়। ব্যুৰ’ৰ তৎপৰতাতে চিপিআই (আইডব্লিউ)ৰ সংশোধিত ছিৰিজ উন্মোচন কৰাটো সম্ভৱ হৈ উঠিল বুলি তেওঁ কয়।

শ্ৰী গংৱাৰে সংবাদ মাধ্যমক জনাই যে শ্ৰম ব্যুৰ’য়ে সকলো ক্ষেত্ৰতে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। মানসম্পন্ন শ্ৰম পৰিসংখ্যা যুগুতত ইয়াৰ এটা সম্ভ্ৰান্ত লিগেচী আছে। ১৯২০ত ইয়াৰ প্ৰতিষ্ঠাৰ পৰাই এই ধাৰা অব্যাহত আছে।

শ্ৰী অপূৰ্ব চন্দ্ৰাই সদৰী কৰে যে শ্ৰম ব্যুৰ’য়ে তিনি বৃহৎ সমীক্ষাৰ সূচনা কৰিছে। সেয়া হৈছেঃ প্ৰফেচনেলৰদ্বাৰা নিয়োগ সৃষ্টি আৰু অ-আনুষ্ঠানিক পৰিবহণ খণ্ড, অভিবাসী শ্ৰমিক আৰু ঘৰুৱা শ্ৰমিক। শেহতীয়াভাৱে প্ৰস্তাৱ জনোৱা চাৰি শ্ৰম সংহিতাৰ তথ্য সংগ্ৰহ প্ৰক্ৰিয়াটোতো শ্ৰম ব্যুৰ’য়ে দায়িত্ব পালন কৰিছিল। শ্ৰম ব্যুৰ’ৰ অনাগত কাৰ্যপন্থাত সম্ভাৱ্য সকলোধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে সচিবজনে।

“ঔদ্যোগিক শ্ৰমিকৰ বাবে গ্ৰাহক মূল্য সূচকাংকৰ নতুন ছিৰিজ (ভিত্তি ২০১৬=১০০) সন্দৰ্ভত প্ৰতিবেদনখনি গুৰুত্বপূৰ্ণ প্ৰকাশ হিচাপে বিবেচিত হৈছে। যিয়ে ২০১৬ ক ভিত্তি বছৰ হিচাপে লৈ চিপিআই (আইডব্লিউ) ৰ নতুন ছিৰিজটো সম্পৰ্কীয় ধাৰণা, সংজ্ঞা আৰু ব্যৱস্থাবিধিৰ আভাস প্ৰদান কৰিছে।চিপিআই (আইডব্লিউ) ৰ গৱেষণাকাৰী, শৈক্ষিক মহল, পণ্ডিত আৰু আন সকলো পক্ষৰ অৰ্থে আৱশ্যকীয় প্ৰসংগ পুথি হিচাপে ব্যৱহাৰ হ’ব। আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা (ILO), ইনডেক্স ৰিভিউ কমিটি (IRC) আৰু নেশ্যনেল ষ্টেটিচটিকেল কমিশ্যন (NSC)ৰ পৰামৰ্শ অনুসৰি, মূল্য সূচকাংকৰ সংখ্যাৰ ভিত্তি বৰ্ষ নিৰ্দিষ্ট সময়ৰ মূৰে-মূৰে সংশোধন কৰাটো আৱশ্যকীয়। অৱশ্যে ই ১০ বছৰতকৈ বেছি হ’ব নালাগে। ই উপভোক্তাৰ ভোগৰ ধৰণ প্ৰতিফলিত কৰি তোলে। মূলতঃ ইয়াৰ জৰিয়তে হোৱা পৰিৱৰ্তন প্ৰত্যক্ষ কৰাত সুবিধা হয়। চিপিআই (আইডব্লিউ) এ আইএলঅ’ৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰেষ্ঠ অনুশীলন ও নীতি-নিৰ্দেশনা পালন কৰিছে।

শ্ৰী গংৱাৰে তদুপৰি ছেপ্টেম্বৰ, ২০২০ৰ অৰ্থে ২০১৬ক ভিত্তি বৰ্ষ হিচাপে লৈ সূচকাংক উন্মোচন কৰে। এই সূচকাংক ৮৮টা কেন্দ্ৰ আৰু সমগ্ৰ ভাৰতৰ বাবে প্ৰযোজ্য হৈ উঠিব।

চিপিআই (আইডব্লিউ) (২০১৬=১০০) ছিৰিজটো চিপিআই (আইডব্লিউ) (২০০১=১০০) ছিৰিজৰ স্থানত প্ৰতিষ্ঠাপন কৰা হৈছে। নতুন ছিৰিজটো বৈশিষ্ট্যৰ ফালৰপৰা অতিশয় কাৰ্যকৰী আৰু ঔদ্যোগিক শ্ৰমিকসকলৰ শেহতীয়া ভোগৰ ধৰণ প্ৰতিফলিত কৰে।

শ্ৰী গংৱাৰে পুৰণি ছিৰিজ (২০০১=১০০)ৰ ঠাইত চিপিআই (আইডব্লিউ) (২০১৬=১০০)ৰ নতুন ছিৰিজটোৰ অধীনত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতি সন্দৰ্ভত উল্লেখ কৰে। সেয়া তলত উল্লেখ কৰা হৈছেঃ

  • ২০০১ ৰ ছিৰিজটোত ৭৮টা কেন্দ্ৰক সামৰি লোৱাৰ বিপৰীতে ২০১৬ ৰ ছিৰিজটোত মুঠ ৮৮টা কেন্দ্ৰক সামৰি লোৱা হৈছে।
  • ৱৰ্কিং ক্লাছ ফেমিলী ইনকাম আৰু এক্সপেণ্ডেচাৰ সমীক্ষাৰ প্ৰতিদৰ্শৰ আকাৰ ২০০১ ৰ ছিৰিজটোত ৪১০৪০টা পৰিয়ালৰপৰা ৪৮৩৮৪লৈ বৃদ্ধি পাইছে। যাক তলত চিত্ৰৰ জৰিয়তে উল্লেখ কৰা হৈছে।
  • খুচুৰা মূল্যৰ তথ্য সংগ্ৰহৰ অৰ্থে নিৰ্বাচিত বজাৰৰ সংখ্যা বৃদ্ধি পাইছে। ২০০১ ৰ ছিৰিজটোত ২৮৯ খন বজাৰ সামৰি লোৱাৰ বিপৰীতে ২০১৬ ৰ ছিৰিজটোৰ অধীনত ৩১৭ খন বজাৰ সামৰি লোৱা হয়।
  • ইনডেক্স বাস্কেটত প্ৰত্যক্ষভাৱে অন্তৰ্ভুক্ত কৰা আইটেমৰ সংখ্যাও বৃদ্ধি পায়। ২০০১ ৰ ছিৰিজটোত ৩৯২ টা আইটেমৰ বিপৰীতে শেহতীয়া ছিৰিজটোত আইটেমৰ সংখ্যা হয় ৪৬৩।
  • ২০১৬ ৰ ছিৰিজটোৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা ২৮লৈ বৃদ্ধি কৰা হয়। ২০০১ ৰ ছিৰিজটোত উক্ত সংখ্যা আছিল ২৫।
  • নতুন ছিৰিজটোত, ষ্টেটিচটিকছ অৱ প্ৰাইজ আৰু কষ্ট অৱ লিভিং (SPCL) সন্দৰ্ভত টেকনিকেল এডভাইজৰী কমিটি (TAC)ৰ নিৰ্দেশনা অনুসৰি, গুণোত্তৰ মাধ্য ভিত্তিক ব্যৱস্থাবিধি ব্যৱহাৰ কৰা হয়। ২০০১ ৰ ছিৰিজত সমান্তৰ মাধ্য ব্যৱহাৰ কৰা হৈছিল।

পূৰ্বৰ ছিৰিজ (১৯৮২ আৰু ২০০১)সমূহৰ তুলনাত নতুন ছিৰিজৰ অধীনত গ্ৰুপ লেভেল ৱেইট সলনি কৰা হয়। ২০১৬ ৰ ছিৰিজৰ অধীনত খাদ্য ও পানীয়ৰ ওজন হ্ৰাস কৰাৰ বিপৰীতে আনুষাংগিক গ্ৰুপৰ ওজন (স্বাস্থ্য; শিক্ষা; ও ৰিক্ৰিয়েশ্যন; পৰিবহণ ও যোগাযোগ; পাৰ্ছনেল কেয়াৰ ও এফেক্টছ; হাউছহ’ল্ড গুডছ ও সেৱা ইত্যাদি) বৃদ্ধি পায়।

 

 

 

ছেপ্টেম্বৰ, ২০২০ক অৰ্থে গ্ৰুপ-ভিত্তিক সূচকাংক নতুন ছিৰিজটোৰ অধীনত হাউছিং গ্ৰুপৰ ১১৩ পইন্টৰপৰা পান, চুপাৰি, জৰ্দা ও মাদকদ্ৰব্যৰ ১৩২ পইন্টলৈ বৃদ্ধি পায়।

 

 

শ্ৰম ব্যুৰ’ৰ সঞ্চালক প্ৰধান শ্ৰী ডি.পি.এছ. নেগীয়ে কয় যে চিপিআই (আইডব্লিউ) (২০০১=১০০)ৰ পুৰণি ছিৰিজ আৰু নতুন ছিৰিজ ২০১৬=১০০ৰ লিংকিং ফেক্টৰ হৈছে ২.৮৮। উভয় ছিৰিজৰ মাজত ৬৫ টা সাধাৰণ কেন্দ্ৰ আছে আৰু সাধাৰণ কেন্দ্ৰসমূহৰ লিংকিং ফেক্টৰ ডুম-ডুমা তিনিচুকীয়াৰ ২.৩৮ ৰপৰা নাগপুৰৰ ৩.৬০ লৈ পৰিব্যাপ্ত।

শ্ৰী নেগীয়ে কয়, ছেপ্টেম্বৰ, ২০২০ৰ অৰ্থে ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্ব-ভাৰতীয় গ্ৰাহক মূল্য সূচকাংক সংখ্যা (CPI-IW) নতুন ভিত্তিঃ ২০১৬=১০০ সাপেক্ষে মুকলি কৰা হৈছে। ছেপ্টেম্বৰ, ২০২০ৰ অৰ্থে নতুন ভিত্তিত সূচকাংকৰ স্তৰ ১১৮ আৰু পূৰ্বৰ ২০০১=১০০ ভিত্তিক পূৰ্বৰ ছিৰিজৰ নতুন ছিৰিজৰ লিংকিং ফেক্টৰ হৈছে ২.৮৮।

নতুন ছিৰিজটোত অধিক সুযোগ প্ৰশস্ত কৰা হৈছে। পূৰ্বৰ ছিৰিজত ৭৮ টা কেন্দ্ৰৰ বিপৰীতে শেহতীয়া ছিৰিজটোত ৮৮টা কেন্দ্ৰক সামৰি লোৱা হৈছে। ৪৬৩ টা আইটেমৰ খুচুৰা গ্ৰাহক মূল্য সংগ্ৰহ কৰিবলৈ বজাৰৰ সংখ্যা ৩১৭ লৈ বৃদ্ধি পায়। পূৰ্বে আইটেমৰ সংখ্যা আছিল ৩৯২ টা আৰু বজাৰৰ সংখ্যা আছিল ২৮৯ খন। যিয়ে ঔদ্যোগিক শ্ৰমিকসকলৰ শেহতীয়া ভোগৰ ধৰণ প্ৰতিফলিত কৰিব।

ব্যৱস্থাবিধিৰ ওপৰিও, নতুন ছিৰিজটোত একে সমীক্ষা ভিত্তি বৰ্ষ আৰু মূল্য ভিত্তিয়ে বিশেষ অগ্ৰগতিকে সূচিত কৰিছে। ইয়াক তদুপৰি ৪ বছৰতকৈয়ো কম সময়ৰ ভিতৰত মুকলি কৰা হৈছে। যিটো পূৰ্বে হোৱা নাছিল।

নতুন ছিৰিজটোক, ষ্টেটিচটিকছ অৱ প্ৰাইজ আৰু কষ্ট অৱ লিভিং (SPCL) সন্দৰ্ভত টেকনিকেল এডভাইজৰী কমিটি (TAC)এ অনুমোদন জনাইছে।

চিপিআই-আইডব্লিউ হৈছে একক গুৰুত্বপূৰ্ণ মূল্য পৰিসংখ্যা। ইয়াত বিত্তীয় ৰূপায়ণ জড়িত হৈ থাকে। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰাথমিকভাৱে ইয়াক ব্যৱহাৰ কৰা হয়। ঔদ্যোগিক খণ্ডটোত কৰ্মৰত শ্ৰমিকসকলৰ ডিএ নিয়ন্ত্ৰণৰ ক্ষেত্ৰটো ইয়াক ব্যৱহাৰ কৰা যায়। খুচৰা মূল্যৰ মুদ্ৰাস্ফীতি নিৰ্ণয় কৰাৰ ওপৰিও সূচীবদ্ধ নিয়োগৰ ন্যূনতম মজুৰি চূড়ান্ত আৰু সংশোধনীৰ ক্ষেত্ৰটো ইয়াক ব্যৱহাৰ কৰা হয়।

২০২০ৰ অক্টোবৰৰ মাহৰ বাবে চিপিআই-আইডব্লিউৰ পৰৱৰ্তী সংখ্যা ২৭ নৱেম্বৰ, ২০২০, শুকুৰবাৰে প্ৰকাশ পাব। চৰকাৰী ৱেবচাইট www.labourbureaunew.gov.in টো এয়া উপলব্ধ হ’ব।

****

NB/RCJ/RNM/IA/SB



(Release ID: 1666922) Visitor Counter : 184