যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

সমগ্ৰ দেশতে প্ৰশিক্ষণ পুনৰ আৰম্ভ হোৱা বাবে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ-এছ এ আইয়ে বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰলৈ উভতিবৰ বাবে প্ৰশিক্ষাৰ্থীৰ যাত্ৰাৰ ব্যৱস্থা কৰিব

Posted On: 21 OCT 2020 6:47PM by PIB Guwahati

কিঅ অলিম্পক আৰু পেৰাঅলিম্পক খেলৰ লক্ষ্যৰে ১ নবেম্বৰৰ পৰা দেশজুৰি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ-ছাই প্ৰশিক্ষণ কেন্দ্ৰসমূহত খেলৰ কাৰ্যক্ৰমবিলাক পুনৰ আৰম্ভ কৰা হৈছে।

 

বৰ্তমান কোভিড-১৯ স্থিতিলৈ লক্ষ্য কৰি আৰু এথলীটসকলক কৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে এন চি অ' ই/এছ এ আই প্ৰশিক্ষণ কেন্দ্ৰৰ এথলীটসকলক প্ৰশিক্ষণ শিবিৰত অন্তৰ্ভুক্ত হ'বৰ বাবে পৰিবহন ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছে। চলিত বছৰৰ মাৰ্চত অকস্মাত কৰোণা ভাইৰাছৰ কাৰণে উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এথলীটসকলক প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা ঘৰলৈ ওভোতাই পঠিওৱা হৈছিল। প্ৰাধিকৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল এথলীটে ৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ যাত্ৰা কৰিব লাগিব তেওঁলোকক বিমানৰ টিকট প্ৰদান কৰিব। এনেকুৱা এথলীট যি ৫০০ কিলোমিটাৰতকৈ কম দূৰত্বৰ পৰা আহিব, তেওঁলোকক ৰে'ল গাড়ীৰে যাত্ৰা কৰিবৰ বাবে বাতানুকূল তৃতীয় শ্ৰেণীৰ টিকট দিয়া হ'ব।

 

ইয়াৰ উপৰিও, ছাই কেন্দ্ৰত প্ৰশিক্ষণ পুনৰ আৰম্ভ কৰিবৰ বাবে বায়ো-বাবল প্ৰস্তুত কৰিবৰ বাবে, সকলো প্ৰশিক্ষক আৰু এন চি অ' ই/এছ টি চিৰ সহকাৰী কৰ্মচাৰীসকলক আৱাস প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। স্থায়ী আৰু চুক্তিবদ্ধ কৰ্মচাৰীক চৰকাৰী ব্যয়ত আৱাস প্ৰদান কৰা হ'ব।

 

ছাই প্ৰশাসনে সকলো এথলীট আৰু তেওঁলোকৰ পিতৃ-মাতৃক ছাই মানক সঞ্চালন প্ৰক্ৰিয়াৰ বিষয়ে তথ্যৰ যোগান ধৰিছে, যি ছাই কেন্দ্ৰত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে আৰু পাছত পালন কৰাৰ প্ৰয়োজন হ'ব। নিজৰ পৰিয়ালৰ সৈতে দীপাৱলি পালন কৰা এথলীটসকলক দীপাৱলিৰ পাছত ছাই কেন্দ্ৰত অন্তৰ্ভুক্ত হোৱাৰ বিকল্পও প্ৰদান কৰা হৈছে, কিয়নো এবাৰ বায়ো-বাবলৰ সম্পৰ্কত থকা বাবে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সংকট সৃষ্টি হ'ব পাৰে।

 

ইয়াৰ পূৰ্বে চলিত বছৰৰ মাৰ্চত কৰোণা ভাইৰাছ মহামাৰীৰ প্ৰকোপৰ বাবে আৰু চৰকাৰৰ পৰামৰ্শ অনুসৰি, ছাইয়ে সক্ৰিয় ৰোধৰ উপায়সমূহ প্ৰয়োগ কৰিছিল আৰু সকলো ক্ষেত্ৰীয় মুৰব্বীলৈ নিৰ্দেশনা জাৰি কৰা হৈছিল। এন চি অ' ই আৰু এছ টি চিত সকলো প্ৰশিক্ষণ ১৭ মাৰ্চৰ পৰা নিলম্বিত কৰা হৈছে আৰু এথলীটসকলক অসুবিধাৰ পৰা বাচিবলৈ ২০ মাৰ্চ পৰ্যন্ত ছাত্ৰাৱাসৰ সুবিধা মুকলি ৰখা হৈছে। ছাই কেন্দ্ৰৰ সৈতে সম্পৰ্কযুক্ত ক্ষেত্ৰীয় নিৰ্দেশকসকলক কোৱা হৈছে যে তেওঁলোকে সকলো এথলীটক যি ৪০০ কিলোমিটাৰতকৈ অধিক দূৰত্বত থাকে, বিমানেৰে আৰু ৪০০ কিলোমিটাৰতকৈ কম দূৰত্বৰ এথলীটসকলক ৰে'ল গাড়ীৰে বাতানুকূলিত তৃতীয় শ্ৰেণীত ওভতাই পঠিয়াব।

 

*******

NB/OA



(Release ID: 1666706) Visitor Counter : 105