বিত্ত মন্ত্ৰালয়

বিহাৰত আয় কৰ বিভাগৰ অভিযান

Posted On: 21 OCT 2020 6:39PM by PIB Guwahati

কাটিহাৰৰ পূৰ্ণিয়া আৰু চাহাৰাসাস্থিত দুই চৰকাৰী কনট্ৰেক্টৰ আৰু বিহাৰৰ ভগলপুৰৰ এক ছিল্ক ব্যৱসায়ী সন্দৰ্ভত গোচৰৰ ভিত্তিত আয় কৰ বিভাগে ১৯-১০-২০২০ত অভিযান চলায়। চোৰাংচোৱাৰপৰা লাভ কৰা তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হয়। চোৰাংচোৱা সূত্ৰৰপৰা লাভ কৰা তথ্য অনুসৰি উল্লেখিত লোক কেইজন বিশাল পৰিমাণৰ ধনৰ লেন-দেনত জড়িত।

অভিযুক্ত কনট্ৰেক্টৰ কেইজনে শ্ৰমিক, পৰিবহণ আৰু ইন্ধনৰ ব্যয়ৰ নামত দাবী কৰা ধনৰ পৰিমাণৰ সৈতে নথি-পত্ৰৰ সামঞ্জস্য নাছিল। তদুপৰি, তেওঁলোকে অজ্ঞাত লোকৰ বেংক একাউন্টৰপৰা ধন আহৰণ কৰে। অনুসন্ধানৰ সময়ছোৱাত স্বাক্ষৰযুক্ত খালী চেক তথা আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰা যায়। কেতবোৰ ক্ষেত্ৰত, অস্তিত্বহীন কামৰ বাবদ ব্যয় দেখুৱায়। তদুপৰি তেওঁলোকে গোপন বেংক একাউন্ট চলাই থকাৰ সৈতে জড়িত। ইয়াতে পূৰ্বে উল্লেখিত বিশাল ধন জমা ৰাখিবলৈ সক্ষম হয়। যি কথা দৃষ্টিগোচৰ হৈ পৰে অনুসন্ধানৰ সময়ছোৱাত। সমান্তৰালভাৱে এই বেংক একাউন্টসমূহৰপৰা বিশাল পৰিমাণৰ ধনৰাশি উঠোৱাৰ কথাটোও পোহৰলৈ আহে। কি উদ্দেশ্যত এই টকাসমূহ উঠোৱা হৈছে, তাৰো শুংসূত্ৰ নিৰ্ণয় কৰাত অনুসন্ধানকাৰী বিষয়া-বৰ্গ অসমৰ্থ হৈ পৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত এই একাউন্টসমূহ তন্ন-তন্নকৈ পৰীক্ষা কৰিবলগীয়া হয় তদন্তকাৰী বিষয়াই।

অনুসন্ধানৰ সময়ছোৱাত, ২.৪০ কোটিৰো অধিক টকা বাজেয়াপ্ত কৰা হয়। ইফালে, ছিল্ক ব্যৱসায়ীজনৰ গোচৰটো সন্দৰ্ভত, বিশাল পৰিমাণৰ ষ্টক উদ্ধাৰ কৰা যায়। ইয়াতো নথি-পত্ৰত উল্লেখ থকাৰ বিপৰীতে সামঞ্জস্যবিহীন ষ্টক প্ৰত্যক্ষ কৰা হয়। একেদৰে, ব্যৱসায়ীজনৰ আয়তকৈ অধিক অস্থাৱৰ সম্পত্তি থকাটো নিশ্চিত কৰা হয় আৰু সেয়া বাজেয়াপ্ত কৰে। এই সম্পত্তিসমূহৰ প্ৰকৃত মূল্য নিৰ্ণয় কৰিবলৈ তদন্ত অব্যাহত ৰখা হৈছে।

সমান্তৰালভাৱে পৰৱৰ্তী অনুসন্ধানো অব্যাহত আছে।

****

RM/KMN/SB



(Release ID: 1666698) Visitor Counter : 124