মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

আইআইটি, খৰগপুৰৰ প্ৰযুক্তিগত উদ্ভাৱনে গ্ৰাম্য ভাৰতৰ জন-জীৱনত প্ৰভাৱ পেলাব, শিক্ষা মন্ত্ৰীৰ মন্তব্য

আইআইটি, খৰগপুৰৰ উদ্ভাৱনে ক’ভিড টেষ্টিং প্ৰক্ৰিয়া সুলভ কৰি তুলিব, চৰকাৰে ইয়াৰ ব্যয় আৰু অধিক হ্ৰাস কৰিব পাৰিবঃ ড০ ৰমেশ পোখৰিয়াল নিশাংক

এনআইচিইডিৰ অধ্যক্ষই কৈছে যে সমাজৰ মধ্যবিত্ত শ্ৰেণীৰ লোকক সহায় কৰিবলৈ ইয়াৰ দ্ৰুত ব্যৱসায়িক প্ৰসাৰ হোৱা উচিত

Posted On: 21 OCT 2020 4:26PM by PIB Guwahati

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(আইচিএমআৰ)-এ আইআইটি, খৰগপুৰৰ গৱেষকে প্ৰস্তুত কৰা কভিড-১৯ চিনাক্ত কৰা ডায়গনষ্টিক মেছিন ভিৰেপক সফলতাৰে স্বীকৃতি আগবঢ়াইছে। বিভিন্ন ব্যৱসায়িক গোটে ইতিমধ্যে প্ৰতিষ্ঠানটোৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে, যাতে এই উদ্ভাৱনক ৰাজ্যখনৰ সাধাৰণ জনতাৰ মাজলৈ দ্ৰুতগতিৰে লৈ যাব পাৰি। এটা স্বীকৃত আইচিএমআৰ পৰীক্ষাগাৰৰদ্বাৰা তেওঁলোকৰ কঠোৰ নীতি-নিয়ম পালন কৰি ৰোগীৰ নমুনা পৰীক্ষা কৰাৰ পাছত আইচিএমআৰ-এ এই কভিড-১৯ ডায়গনষ্টিক টেষ্টলৈ সেউজ সংকেত দিছে। এই টেষ্ট অত্যন্ত সৰল প্ৰক্ৰিয়াৰে সম্পন্ন কৰা হয় আৰু ই যথেষ্ট সহজলভ্য। এটা মোবাইল ফোন এপ্লিকেচনৰ জৰিয়তে এণ্টাৰ ভিতৰত ইয়াৰ ফল লাভ কৰিব পাৰি। এখ ভাৰ্চুৱেল সংবাদমেলত এই গুৰুত্বপূৰ্ণ উদ্ভাৱনৰ বিষয়ে সদৰী কৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ড০ ৰমেশ পোখৰিয়াল নিশাংকে। তেওঁ কয়,মই আনন্দিত যে আইআইটি খৰগপুৰৰ গৱেষকে এই মেডিকেল প্ৰযুক্তি উদ্ভাৱনেৰে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হৈছে। সামগ্ৰীটো সহজে বহনযোগ্য আৰু অতি কম বিদ্যুৎ যোগানেৰে সঞ্চালিত কৰিব পাৰি।   ই গ্ৰাম্য ভাৰতৰ জনজীৱনত প্ৰভাৱ বিস্তাৰ কৰিব। সাধাৰণভাৱে প্ৰশিক্ষিত গ্ৰামাঞ্চলৰ যুৱক-যুৱতীয়ে এই প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে এই নতুন উদ্ভাৱনে সাধাৰণ জনতাক সুলভ মূল্যত উন্নত মানৰ আৰু সঠিক কভিড টেষ্টিঙৰ সুবিধা আগবঢ়াব। এই টেষ্টিঙৰ ব্যয় হব প্ৰায় ৫০০টকা, যাক চৰকাৰে পিছলৈ পুনৰ হ্ৰাস কৰিব পাৰে। তেওঁ কয়, আইআইটি, খৰগপুৰে জনোৱা অনুসৰি, এই যন্ত্ৰ ১০,০০০টকাতকৈ কম মূল্যত প্ৰস্তুত কৰিব পাৰি। ইয়াৰ বাবে নূন্যতম আন্তঃগাথনিৰ প্ৰয়োজন হয়। এই সুবিধাই প্ৰযুক্তিবিধক সাধাৰণ নাগৰিকৰ বাবে সুলভ কৰি তুলিছে। এই নতুন যন্ত্ৰৰে কভিড টেষ্টিং এঘণ্টাৰ ভিতৰত সম্পন্ন কৰিব পাৰি।

 

ড০ পোখৰিয়ালে আইআইটি খৰগপুৰৰ অধ্যক্ষ প্ৰফেচাৰ ভি.কে তিৱাৰী আৰু গৱেষণা দলক অভিনন্দন জ্ঞাপন কৰে। প্ৰফেচাৰ সুমন চক্ৰৱৰ্তী আৰু ড০ অৰিন্দম মণ্ডলে এই উল্লেখনীয় উদ্ভাৱনৰ বাবে গৱেষণা দলটোৰ নেতৃত্ব দিয়ে।

****************



(Release ID: 1666688) Visitor Counter : 161