মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

এনআইটি ৰুৰকেল্লাত সোণালী জয়ন্তী ভৱন উদ্বোধন কৰিলে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে

Posted On: 19 OCT 2020 7:31PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংক-এ আজি এনআইটি ৰুৰকেল্লা(ওড়িষা)ত নৱ নিৰ্মিত সোণালী জয়ন্তী ভৱন আভাসিক মাধ্যমেৰে উদ্বোধন কৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে প্ৰতিষ্ঠানটোৰ ৫০ বৰ্ষপূৰ্তি উপলক্ষ্যে এই ভৱনটো নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছিল।

 

 

অনুষ্ঠানত শ্ৰী পোখৰিয়ালে কয় যে এনআইটি ৰুৰকেল্লা দেশৰ এক আগশাৰীৰ প্ৰতিষ্ঠান আৰু দেশৰ বাবে অতি মেধাসম্পন্ন শিক্ষাৰ্থী গঢ় দি আহিছে। ভৱনটো হৈছে মৰ্যাদাৰ প্ৰতীক। তেওঁ কয় যে এনআইটি ৰুৰকেল্লাৰ দৰে প্ৰতিষ্ঠানে এনইপি কাৰ্যকৰীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

 

 

তেওঁ কয় যে এই ভৱনটোৱে ৰুৰকেল্লা চহৰক চাৰিওফালৰ এটা আটাইতকৈ ওখ ভৱন হিচাপে গৌৰৱ বৃদ্ধি কৰিছে, যাৰ বাবে এনআইটি ৰুৰকেল্লা পৰিয়াল গৌৰাৱান্বিত।

 

শ্ৰী পোখৰিয়ালে কয় যে এই ভৱনটো আনুমানিক ৯৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে আৰু এই পুঁজি সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে প্ৰদান কৰিছে। ই এতিয়া ওড়িষাৰ ৰুৰকেল্লাৰ সবাতোকৈ ওখ অট্টালিকা, তেওঁ কয়। ভৱনটো ৭০০০ বৰ্গমিটাৰৰ আৰু কেন্দ্ৰীয়ভাৱে প্ৰতিটো বিভাগৰ পৰা নিৰপেক্ষ দূৰত্বত অৱস্থিত।

 

শ্ৰী পোখৰিয়ালে উল্লেখ কৰে যে এই ভৱনটোৰ স্থাপনে প্ৰশাসনিক কাৰ্যকলাপ আৰু প্ৰযুক্তিৰ কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ বাবে প্ৰতিষ্ঠানটোৰ এটা অত্যাৱশ্যকীয় উদ্দেশ্য পূৰণ কৰিব তেওঁ কয় যে বৰ্দ্ধিত সুৰক্ষা আৰু সুৰক্ষা বিশেষত্ব থকা খোলা স্থান আৰু কলা স্থাপত্যৰ অৱস্থাই প্ৰতিষ্ঠানটোৰ সকলো কৰ্মচাৰীক এক উত্কৃষ্ট কৰ্ম অভিজ্ঞতা প্ৰদান কৰিব।

 

ভৱনটোত এক বিশ্বমানৰ সন্মিলন কেন্দ্ৰ থাকিব আৰু এটা মেজ্জাইনৰ দ্বাৰা পৃথক কৰা দুখন মজিয়াত এটা পুথিভঁৰাল থাকিব। এই ভৱনটোত সঞ্চালকৰ কাৰ্যালয়, পঞ্জীয়কৰ কাৰ্যালয়, ডীনৰ কাৰ্যালয়, বৰ্ড ৰুম আৰু ছীনেট হলো থাকিব। ভৱনটোৰ একেবাৰে ওপৰত এটা টেলিস্কোপ সংস্থাপন কৰা হব আৰু জলবায়ু আৰু সৌৰ প্ৰণালীৰ বিষয়ে পৰ্যবেক্ষণ কৰাৰ বাবে পৃথিৱী আৰু বায়ুমণ্ডলীয় বিজ্ঞান, পদাৰ্থ বিজ্ঞান বিভাগৰ বাবে ব্যৱস্থা থাকিব।

 

 *****

MC/AKJ/AK/KG



(Release ID: 1666037) Visitor Counter : 104