গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
‘খাৰিফ বিপণন ঋতু ২০২০-২১’ৰ সময়ছোৱাত ‘এমএছপি’-ৰ অভিযান
১৮-১০-২০২০ পৰ্যন্ত ৭,৮২লাখ কৃষকৰ পৰা ৯০.০৩ লাখ মেট্ৰিক টন ক্ৰয়ৰে ধানৰ সংগ্ৰহৰ কাম সুকলমে অব্যাহত আছে
বিগত বৰ্ষৰ এই একেছোৱা সময়ত ১২৪৫ ‘বেল’ কপাহ সংগ্ৰহৰ বিপৰীতে ১৮-১০-২০২০ পৰ্যন্ত ৪৬৬৯৭.৮৬ লাখ টকা মূল্যৰ ১৬৫৩৬৯ ‘বেল’ পৰিমাণৰ কপাহৰ সংগ্ৰহ
Posted On:
19 OCT 2020 5:47PM by PIB Guwahati
বিগত বৰ্ষসমূহৰ দৰেই এইবেলিও চৰকাৰে ‘ন্যূনতম সমৰ্থন মূল্য’ (এমএছপি)ৰ দৰত কৃষকৰ পৰা ফচল সংগ্ৰহৰ পৰম্পৰা অব্যাহত ৰাখিছে।‘খাৰিফ বিপণন ঋতু ২০২০-২১’ৰ সময়ছোৱাত ‘এমএছপি’-ৰ আধাৰত পাঞ্জাৱ, হাৰিয়াণা, উত্তৰ প্ৰদেশ, তামিল নাডু, উত্তৰাখণ্ড, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ আৰু কেৰালা আদি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ধান সংগ্ৰহৰ কাম সুকলমে অব্যাহত আছে। তথ্য মতে, ১৮-১০-২০২০ পৰ্যন্ত দেশৰ বিভিন্ন প্ৰান্তৰ ৭,৮২লাখ কৃষকৰ পৰা ৯০.০৩ লাখ মেট্ৰিক টনৰো অধিক ধান ক্ৰয় কৰা হৈছে।

তদুপৰি, চৰকাৰে ইয়াৰ ‘ন’ডেল এজেন্সী’সমূহৰ জৰিয়তে ১৮-১০-২০২০ পৰ্যন্ত ৭৬১.৫৫ মেট্ৰিক টন পৰিমাণৰ মগু আৰু মাটিমাহ ক্ৰয় কৰে। মূলতঃ তামিল নাডু, মহাৰাষ্ট্ৰ আৰু হাৰিয়াণাৰ ৭৩৫ কৃষকৰ পৰা সংগ্ৰহ কৰা এইখিনি মাহৰ ‘এমএছপি’ ৫.৪৮কোটি। সেইদৰে, কৰ্ণাটক আৰু তামিল নাডুৰ ৩৯৬১গৰাকী কৃষকৰ পৰা সংগ্ৰহ কৰা শুকান নাৰিকলৰ ‘এমএছপি’ হ’ল ৫২.৪০ কোটি টকা। প্ৰণিধানযোগ্য যে, সৰহ সংখ্যক উত্পাদক ৰাজ্যত শুকান নাৰিকল আৰু মাটিমাহৰ দৰ ‘এমএছপি’-তকৈ অধিক দৰত নিৰ্দ্ধাৰিত হোৱা পৰিলক্ষিত হৈছে। সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে খাৰিফ শস্য-মাহ, তৈল বীজ আদি বজাৰলৈ অহাৰ ওপৰত ভিত্তি কৰি ফচল সংগ্ৰহৰ বাবে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।


ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত ‘মূল্য সমৰ্থিত আঁচনি’(পিএছএছ)ৰ অধীনত তামিল নাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগাণা, গুজৰাট, হাৰিয়াণা, উত্তৰ প্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশৰ বাবে ‘খাৰিফ বিপণন ঋতু’ৰ বাবে ৪২.৪৬ লাখ মেট্ৰিক টন মাহ আৰু তৈল বীজ ক্ৰয় অনুমোদন প্ৰদান কৰা হয়। ইয়াৰ উপৰি অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিল নাডু আৰু কেৰালাৰ পৰা ১.২৩ লাখ মেট্ৰিক টন পৰিমাণৰ শুকান নাৰিকল সংগ্ৰহৰো অনুমোদন প্ৰদান কৰা হয়। অন্যান্য ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত ‘মূল্য সমৰ্থিত আঁচনি’(পিএছএছ)ৰ অধীনত মাহ, তৈল বীজ আৰু নাৰিকল সংগ্ৰহৰ বাবেও অনুমোদন প্ৰদান কৰা হ’ব।
‘এমএছপি’-ৰ ভিত্তিত দেশৰ উত্তৰ প্ৰান্তৰ পাঞ্জাৱ, হাৰিয়াণা, ৰাজস্থান আদিৰ পৰা কপাহ সংগ্ৰহৰ কাো সুচাৰুৰূপে অব্যাহত আছে। বিগত বৰ্ষৰ এই একেছোৱা সময়ত ১২৪৫ ‘বেল’ কপাহ সংগ্ৰহৰ বিপৰীতে ১৮-১০-২০২০ পৰ্যন্ত ৪৬৬৯৭.৮৬ লাখ টকা মূল্যৰ ১৬৫৩৬৯ ‘বেল’ পৰিমাণৰ কপাহৰ সংগ্ৰহ কৰা হৈছে।

*****
APS/SG/KB
(Release ID: 1666036)
Visitor Counter : 130