সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়

মুখতাৰ আব্বাছ নাকৱীয়ে হজ ২০২১ সন্দৰ্ভত সমীক্ষা বৈঠক কৰে

হজ ২০২১, মহামাৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰট'কলৰ গাইডলাইনৰ ওপৰত নিৰ্ভৰ কৰিবঃ মুখতাৰ আব্বাছ নাকৱী

''কৰোণা সংকট আৰু তাৰ প্ৰভাৱৰ সম্পূৰ্ণ সমীক্ষা আৰু চৌডি আৰব চৰকাৰ তথা ভাৰত চৰকাৰৰ মানুহৰ স্বাস্থ্য, সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দিক-নিৰ্দেশনাক অগ্ৰাধিকাৰ দি হজ ২০২১ সন্দৰ্ভত অন্তিম সিদ্ধান্ত লোৱা হ'ব

Posted On: 19 OCT 2020 3:38PM by PIB Guwahati

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখতাৰ আব্বাছ নাকৱীয়ে আজি ইয়াত কয় যে হজ ২০২১, মহামাৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰট'কল গাইডলাইনৰ ওপৰত নিৰ্ভৰ কৰিব

 

শ্ৰী নাকৱীয়ে আজি নতুন দিল্লীত হজ ২০২১ সন্দৰ্ভত সমীক্ষা বৈঠকত অধ্যক্ষতা কৰি কয় যে হজ ২০২১ জুন-জুলাই মাহত হ'ব, কিন্তু কৰোণা সংকট আৰু তাৰ প্ৰভাৱৰ সম্পূৰ্ণ সমীক্ষা আৰু চৌডি আৰব চৰকাৰ তথা ভাৰত চৰকাৰৰ মানুহৰ স্বাস্থ্য, সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দিক-নিৰ্দেশনাক অগ্ৰাধিকাৰ দি হজ ২০২১ৰ সন্দৰ্ভত অন্তিম সিদ্ধান্ত লোৱা হ'ব

 

শ্ৰী নাকৱীয়ে কয় যে হজ কমিটী অফ ইণ্ডিয়া, অন্য ভাৰতীয় এজেঞ্চিৰ দ্বাৰা হজ ২০২১ৰ বাবে আবেদন প্ৰাপ্ত কৰা আৰু অন্য প্ৰস্তুতি সোনকালে আৰম্ভ কৰা হ'ব

 

শ্ৰী নাকৱীয়ে কয় যে চৌডি আৰব চৰকাৰৰ ফালৰ পৰা হজ ২০২১ সন্দৰ্ভত সিদ্ধান্তৰ পিছত আবেদন কৰা আৰু অন্য সিদ্ধান্ত সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা হ'ব

 

শ্ৰী নাকৱীয়ে কয় যে কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দিক-নিৰ্দেশনাৰ প্ৰতি মনোযোগ দি হজ ব্যৱস্থাত ব্যাপক ৰূপত পৰিৱৰ্তন আহিব পাৰে ইয়াত ভাৰত আৰু চৌডি আৰবত আৱাস, যাতায়ত, স্বাস্থ্য আৰু অন্য ব্যৱস্থাৱলী অন্তৰ্ভুক্ত আছে

 

শ্ৰী নাকৱীয়ে কয় যে কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত হজ যাত্ৰীৰ স্বাস্থ্য-সুচলতা হৈছে চৰকাৰৰ প্ৰাথমিকতা ভাৰত চৰকাৰ আৰু অন্য সংশ্লিষ্ট এজেঞ্চিয়ে এই ক্ষেত্ৰত আৱশ্যকীয় প্ৰস্তুতি চলাব চৰকাৰ তথা হজ কমিটীয়ে এই সন্দৰ্ভত আৱশ্যকীয় কাৰ্য ব্যৱস্থা আৰম্ভ কৰিছে

 

শ্ৰী নাকৱীয়ে কয় যে ভাৰতৰ ১০০ শতাংশ ডিজিটেল হজ ব্যৱস্থাৰ পৰিণাম স্বৰূপে কৰোণা চলি থকাত হজ ২০২০ত যাবলৈ নোপোৱা ১ লাখ ২৩ হাজাৰ লোকৰ ২১০০ কোটি টকা কোনো কৰ্তন নকৰাকৈ ডি বি টিৰ মাধ্যমেৰে ওভতাই দিয়া হৈছে

 

চৌডি আৰব চৰকাৰেও ২০১৮-১৯ৰ হজ যাত্ৰীৰ যাতায়তৰ প্ৰায় ১০০ কোটি টকা ওভতাইদিছে

 

শ্ৰী নাকৱীয়ে কয় যে ইয়াৰ উপৰিও যোৱা ৩টা বছৰত হজ যাত্ৰীৰ প্ৰায় ৫১৪ কোটি উদ্বৃত্ত টকাও কৰোণা কালত ওভতাই দিয়া হৈছে ভাৰতত ১০০ শতাংশ ডিজিটেল হজ ব্যৱস্থাৰ পৰিণাম স্বৰূপে সংকটৰ কালতো ধন পোনপটীয়াকৈ খাটাত ভৰাই দিয়া হৈছে যি হজ প্ৰক্ৰিয়াৰ ইতিহাসত প্ৰথমবাৰ হৈছে

 

আজিৰ হজ ২০২১ সমীক্ষা বৈঠকত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী পি কে দাস আৰু অন্য জ্যেষ্ঠ বিষয়া, বিদেশ মন্ত্ৰালয়ৰ সংযুক্ত সচিব শ্ৰী বিপুল, নাগৰিক উন্নয়ন মন্ত্ৰালয়ৰ সংযুক্ত সচিব শ্ৰী এছ কে মিশ্ৰ উপস্থিত থাকে ইয়াৰ উপৰিও, চৌডি আৰবত ভাৰতৰ ৰাষ্ট্ৰদূত ড৹ ঔসাফ সকল, জেড্ডাত ভাৰতৰ এক্টিং কাউঞ্চেল জেনেৰেল শ্ৰী ৱাই ছাবিৰ, হজ কমিটী অফ ইণ্ডিয়াৰ চি ই অ' শ্ৰী এম এ খান আৰু স্বাস্থ্য বিভাগ, এয়াৰ ইণ্ডিয়া আদি বিভাগৰ বিষয়া ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত এই বৈঠকত অন্তৰ্ভুক্ত হয়

 

*******

NB/KGS



(Release ID: 1666028) Visitor Counter : 162