বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
উদ্যোগ আৰু ষ্টাৰ্টআপ সংস্থাবোৰৰ বাবে দেশজুৰি বিজ্ঞান আৰু প্ৰযুক্তি আন্তঃগাঁথনিৰ সুবিধা ব্যৱহাৰযোগ্যতা থাকিব
प्रविष्टि तिथि:
17 OCT 2020 4:18PM by PIB Guwahati
ষ্টাৰ্টআপ আৰু উদ্যোগ সংস্থাবোৰে শীঘ্ৰই তেওঁলোকৰ সৰঞ্জামবোৰৰ বিষয়ে গৱেষণা আৰু উন্নয়ন, প্ৰযুক্তি আৰু পণ্য বিকাশৰ বাবে প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা চলাবলৈ সমগ্ৰ দেশজুৰি থকা বিভিন্ন প্ৰতিষ্ঠান, বিশ্ববিদ্যালয় আৰু কলেজবোৰত বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ সুযোগ সুবিধা গ্ৰহণ কৰিব পাৰিব।
বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰে বিশ্ববিদ্যালয় আৰু উচ্চশিক্ষা প্ৰতিষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তিক্ষেত্ৰৰ আন্তঃগাঁথনিগত উন্নয়নৰ বাবে গঠিত কাৰ্যসূচী- ‘এফআইএছটি’ বা ফিষ্ট পুনৰ্গঠন কৰিছে। ইয়াৰ অধীনত বিশ্ববিদ্যালয় আৰু উচ্চশিক্ষা প্ৰতিষ্ঠানবোৰত উচ্চশিক্ষাৰ অন্তত বিজ্ঞান আৰু প্ৰযুক্তিৰ আন্তঃগাঁথনিগত প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰশিক্ষণৰ সুবিধা লাভ কৰিব। ইয়াৰ সমান্তৰালকৈ ষ্টাৰ্টআপ আৰু উদ্যোগ সংস্থাবোৰৰ প্ৰয়োজন অনুযায়ী গৱেষণাৰ বাবে সুবিধা লভ কৰিব।
এফআইএছটি উপদেষ্টা পৰিষদৰ নতুন অধ্যক্ষ ডঃ সঞ্জয় ধাণ্ডেই কয়, আত্মনিৰ্ভৰ ভাৰত গঠনৰ লক্ষ্য অৰ্জনৰ বাবে আৰু এফআইএছটি কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবলৈ ফিষ্ট ২.০ নতুনকৈ সজোৱা হৈছে। ইয়াৰ ফলত কেৱল পৰীক্ষামূলক কামেই নহয়, তাত্ত্বিক কাম, চিন্তা ভাৱনা, উদ্যোগ ব্যৱস্থা আৰু গৱেষণা আৰু উন্নয়নমূলক আন্তঃগাঁথনি ইত্যাদি ক্ষেত্ৰত লক্ষ্যত উপনীত হোৱা সম্ভৱ হ’ব। এফআইএছটি ২.০ য়ে এক নতুন দৃষ্টান্ত স্থাপন কৰিব বুলিও জনায় তেওঁ।
বৰ্তমান ভাৰতত বিভিন্ন কেন্দ্ৰৰ পৰা ৮ হাজাৰ ৫০০ জন গৱেষকে এই সুবিধা লাভ কৰিছে। গৱেষণা আৰু উন্নয়ন, প্ৰযুক্তি আৰু পণ্য বিকাশৰ সৈতে জড়িত উদ্যোগ আৰু ষ্টাৰ্টআপ সংস্থাবোৰে বহুসময়ত ভাৰতৰ বাহিৰৰ বিভিন্ন পৰীক্ষাগাৰৰ পৰা উচ্চস্তৰীয় পৰীক্ষা-নিৰীক্ষা চলাবলগীয়া হয়। ইয়াৰ কাৰণ হৈছে এই উদ্যোগ আৰু ষ্টাৰ্টআপ সংস্থাবোৰে এনে সৰঞ্জাম কিনিবলৈ পছন্দ নকৰে যিবোৰ তেওঁলোকৰ বাবে সীমিত ব্যৱহাৰযোগ্য আৰু বিশ্ববিদ্যালয় তথা অন্যান্য শিক্ষা প্ৰতিষ্ঠানবোৰত উচ্চস্তৰীয় বিজ্ঞান আৰু প্ৰযুক্তিৰ আন্তঃগাঁথনিৰ সুযোগ সুবিধা গঢ়ি তুলিব নোৱাৰি। এতিয়া সেইবোৰ সমস্যাৰ সমাধান হ’ব। ২০১৯ চন পৰ্যন্ত ২ হাজাৰ ৯১০ টা বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰ আৰু স্নাতকোত্তৰ কলেজে ফিষ্ট কাৰ্যসূচীৰ অধীনত ২ হাজাৰ ৯৭০ কোটি টকা বিনিয়োগ কৰিছে।
বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয় দেশত বিজ্ঞান আৰু প্ৰযুক্তি আন্তঃগাঁথনি ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে ধন বিনিয়োগ কৰা হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰে বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তি আন্তঃগাঁথনি সৃষ্টি, কাৰ্যকৰী ব্যৱহাৰ, ৰক্ষণাবেক্ষণ, দক্ষতা বৃদ্ধি ইত্যাদি বিষয়ে এক নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে বুলিও তেওঁ জনায়।
*****
NB/KGS/(DST Media Cell)/RD
(रिलीज़ आईडी: 1665600)
आगंतुक पटल : 188