ভুবিজ্ঞান মন্ত্ৰালয়
পূব মধ্য ও পাৰ্শ্বৱৰ্তী উত্তৰ পূব আৰৱ সাগৰক কেন্দ্ৰ কৰি নিম্ন চাপ অঞ্চল সুনিৰ্দিষ্টভাৱে চিহ্নিত
অহা ১২ ঘন্টাৰ ভিতৰত ই পশ্চিম-উত্তৰ পশ্চিম দিশে অগ্ৰসৰ হৈ পূব মধ্য ও পাৰ্শ্বৱৰ্তী উত্তৰ পূব আৰৱ সাগৰত কেন্দ্ৰীভূত হোৱাৰ সম্ভাৱনা
সাগৰীয় অৱস্থা ৰুক্ষৰপৰা অধিক ৰুক্ষ হোৱাৰ সম্ভাৱনা; পূব মধ্য ও পাৰ্শ্বৱৰ্তী উত্তৰ পূব আৰৱ সাগৰত চিকাৰ নকৰিবলৈ মৎস্যজীৱীসকলক সতৰ্কতা
Posted On:
17 OCT 2020 10:44AM by PIB Guwahati
ভাৰতীয় বতৰবিজ্ঞান বিভাগ (IMD)ৰ ঘূৰ্ণীবতাহ সতৰ্কতা বিভাগৰ মতেঃ
পূব মধ্য ও পাৰ্শ্বৱৰ্তী উত্তৰ পূব আৰৱ সাগৰত সুনিৰ্দিষ্টভাৱে চিহ্নিত নিম্ন চাপ অঞ্চল দক্ষিণ গুজৰাট উপকূলেদি পশ্চিম-উত্তৰ পশ্চিম দিশে অগ্ৰসৰ হৈ ১৭ অক্টোবৰ, ২০২০ অৰ্থাৎ আজি ভাৰতীয় মান সময় অনুসৰি ০৫৩০ বজাত পূব মধ্য ও পাৰ্শ্বৱৰ্তী উত্তৰ পূব আৰৱ সাগৰত কেন্দ্ৰীভূত হয়।
অহা ১২ ঘন্টাৰ ভিতৰত ই পশ্চিম-উত্তৰ পশ্চিম দিশে অগ্ৰসৰ হৈ পূব মধ্য ও পাৰ্শ্বৱৰ্তী উত্তৰ পূব আৰৱ সাগৰত কেন্দ্ৰীভূত হোৱাৰ সম্ভাৱনা আছে।
সতৰ্কতাঃ
(i) বৃষ্টিপাত
- অহা ২৪ ঘন্টাৰ ভিতৰত সৌৰাষ্ট্ৰৰ উপকূলৱৰ্তী জিলাসমূহৰ ভিন্ন স্থানত পাতলৰপৰা মজলীয়া বৃষ্টিপাত হোৱাৰ প্ৰৱল সম্ভাৱনা আছে।
(ii) বতাহৰ সতৰ্কতা
- অহা ১২ ঘন্টাৰ ভিতৰত পূব মধ্য আৰু পাৰ্শ্বৱৰ্তী উত্তৰ পূব আৰৱ সাগৰত প্ৰতি ঘন্টাত ৪০-৫০ কিঃমিঃ ৰপৰা প্ৰতি ঘন্টাত ৬০ কিঃমিঃ বেগত বতাহ বলাৰ সম্ভাৱনা আছে; অহা ২৪ ঘন্টাৰ ভিতৰত দক্ষিণ গুজৰাট আৰু উত্তৰ মহাৰাষ্ট্ৰ উপকূলত প্ৰতি ঘন্টাত ২৫-৩৫ কিঃমিঃ ৰপৰা প্ৰতি ঘন্টাত ৪৫ কিঃমিঃ বেগত বতাহ বলাৰ সম্ভাৱনা আছে।
- ১৭ অক্টোবৰৰ সন্ধিয়াৰপৰা ইয়াৰ বেগ বৃদ্ধি হৈ পূব মধ্য আৰু উত্তৰ পূব আৰৱ সাগৰত প্ৰতি ঘন্টাত ৪৫-৫৫ কিঃমিঃ ৰপৰা প্ৰতি ঘন্টাত ৬৫ কিঃমিঃ বেগত বতাহ বলাৰ সম্ভাৱনা আছে আৰু ১৮ অক্টোবৰত মধ্য আৰু পাৰ্শ্বৱৰ্তী উত্তৰ পশ্চিম আৰৱ সাগৰত প্ৰৱল বেগত বতাহ বলাৰ সম্ভাৱনা আছে।
- (iii) সাগৰৰ অৱস্থা
১৭ অক্টোবৰত পূব মধ্য ও পাৰ্শ্বৱৰ্তী উত্তৰ পূব আৰৱ সাগৰৰৰ অৱস্থা ৰুক্ষৰপৰা অধিক ৰুক্ষ হোৱাৰ সম্ভাৱনা আছে আৰু ১৮ অক্টোবৰত মধ্য আৰু উত্তৰ পশ্চিম আৰৱ সাগৰত; ১৭ অক্টোবৰত দক্ষিণ গুজৰাট আৰু উত্তৰ মহাৰাষ্ট্ৰ উপকূলত ৰুক্ষ হোৱাৰ সম্ভাৱনা আছে।
(iv) মাছমৰীয়াক সতৰ্কতা
- ১৭ অক্টোবৰত পূব মধ্য ও পাৰ্শ্বৱৰ্তী উত্তৰ পূব আৰৱ সাগৰ আৰু ১৮ অক্টোবৰত মধ্য ও উত্তৰ পশ্চিম আৰৱ সাগৰত চিকাৰ নকৰিবলৈ মৎস্যজীৱীসকলক পৰামৰ্শ প্ৰদান কৰা হৈছে।
১৭ অক্টোবৰ, ২০২০ৰ 0000UTC ৰ ভিত্তিত পূব মধ্য ও পাৰ্শ্বৱৰ্তী উত্তৰ পূব আৰৱ সাগৰত সুনিৰ্দিষ্টভাৱে নিম্ন চাপ অঞ্চল নিৰীক্ষিত আৰু পূৰ্বানুমান অনুসৰণ কৰা যায়।
|
অনুগ্ৰহ কৰি স্থান ভিত্তিক পূৰ্বাভাস ও সতৰ্কতাৰ বাবে MAUSAM এপ, এগ্ৰোমেট পৰামৰ্শৰ বাবে MEGHDOOT এপ আৰু বজ্ৰ সতৰ্কতাৰ বাবে DAMINI এপ ডাউনল’ড কৰক।
***
NB/KGS/(IMD Release)/SB
(Release ID: 1665599)