পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
মহাৰাষ্ট্ৰত বানৰ সংকট দূৰ কৰিবলৈ ৰাজ্যখনত ৰাজ্যিক জল গ্ৰিড গঠনৰ পৰামৰ্শ গাডকাৰীৰ
Posted On:
17 OCT 2020 3:14PM by PIB Guwahati
কেন্দ্ৰীয় পঠ পৰিবহণ, ঘাইপথ আৰু এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে মহাৰাষ্ট্ৰত বানৰ সংকট দূৰ কৰিবলৈ ৰাজ্যখনত ৰাজ্যিক জল গ্ৰিড গঠনৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰক এক বিস্তৃত প্ৰকল্প প্ৰতিবেদন(ডিপিআৰ) প্ৰস্তুতৰ প্ৰচেষ্টা গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায়৷ ইয়াৰ জৰিয়তে ৰাজ্যখনে খৰাংপীড়িত এলেকাত পানীৰ পৰ্যাপ্ততা সুনিশ্চিত কৰাৰ লগতে বানৰ সংকট নিয়ন্ত্ৰণত বাবে সম্পদ ৰাহি কৰিবলৈ সক্ষম হ’ব৷ মুখ্যমন্ত্ৰী শ্ৰী উদ্ধৱ থাকৰে আৰু তেওঁ কেবিনেট সতীৰ্থ তথা সাংসদ শ্ৰী শাৰদ পাৱাৰলৈ ২০২০ৰ ১৪ অক্টোবৰত প্ৰেৰণ কৰা এখন পত্ৰযোগে এই ক্ষেত্ৰত তাৎক্ষণিকভাৱে সিদ্ধান্ত ল’বলৈ কোৱা হয়৷
মুখ্যমন্ত্ৰী থাকৰেলৈ লিখা পত্ৰত শ্ৰী গাডকাৰীয়ে প্ৰতি বছৰে বানপানীৰ বাবে ৰাজ্যনখনত বহু লোকৰ প্ৰাণহানি হোৱাৰ লগতে সম্পত্তিৰো নষ্ট হোৱাৰ দিশটো গুৰুত্ব আৰোপ কৰে৷ তেওঁ লগতে উল্লেখ কৰে যে বানপানীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিভীষিকাৰ সৃষ্টি কৰে, সেয়েহে এই প্ৰাকৃতিক দুৰ্যোগ নিয়ন্ত্ৰণ কৰিবলৈ জৰুৰী পদক্ষেপ লোৱাটো অতি দৰকাৰ৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰ চৰকাৰক ৰাষ্ট্ৰীয় পাৱাৰ গ্ৰিড আৰু হাইৱে গ্ৰিডৰ আৰ্হিতে এই ৰাজ্যিক জল গ্ৰিডৰ অভিলাষী প্ৰকল্প গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ এই ধাৰণা অনুসৰি এখন নদীৰ পৰা আন এখন নদীলৈ জলধাৰাৰ গতি পৰিৱৰ্তন কৰি ৰাজ্যখনৰ খৰাংপীড়িত এলেকালৈ নিব পাৰি৷ এই ব্যৱস্থা জলসিঞ্চনে সামৰি লোৱা এলেকাৰ পৰিমাণ বৃদ্ধিৰ লগতে কৃষকক আত্মহত্যাজনিত ঘটনাও হ্ৰাস কৰিব৷ বিভিন্ন ধৰণৰ অধ্যয়নৰ পৰা দেখা গৈছে যে জলসিঞ্চনে সামৰি লোৱা এলেকাত আত্মহত্যাজনিত ঘটনা ৫৫%লৈকে হ্ৰাস পাইছে৷
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই প্ৰচেষ্টাই কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে গ্ৰাম্য আৰু ৰাষ্ট্ৰীয় অৰ্থনীতিক শক্তিশালী কৰাত সহায় কৰিব৷ বানপানীৰ গতি সলনি কৰাৰ জৰিয়তে স্থানীয় সম্পদৰ ওপৰত চাপ হ্ৰাস কৰিব৷ ভৱিষ্যতে সামগ্ৰী আৰু যাত্ৰী পৰিবহণো আৰম্ভ কৰিব পৰা যাব৷ মৎস চিকাৰৰ লগতে অন্যান্য দিশত এই ব্যৱস্থাই সংস্থাপনত ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷
তেওঁ লগতে সদৰি কৰে যে ৱাৰ্ধা আৰু নাগপুৰ জিলাত বৰষুণৰ পানী সংৰক্ষণ আৰু ভূ-জলৰ বিকাশ সাধনৰ বাবে গ্ৰহণ কৰা তমস্বাড়া পেটাৰ্ণৰ জৰিয়তে জল সংকট আৰু বানপানী নিয়ন্ত্ৰণত ব্যাপক সুফল লাভ কৰিছে৷
***
RCJ/MS/JK/DB
(Release ID: 1665596)
Visitor Counter : 137