অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

ড্ৰোন ব্যৱহাৰ কৰিবলৈ এনআৰটিচিৰ অনুমতি প্ৰদান

দিল্লী-মিৰাট পিআৰটিএছৰ বাবে জিআইএছ মেপিং কৰাত চৰ্তসাপেক্ষ ৰেহাই

Posted On: 16 OCT 2020 5:54PM by PIB Guwahati

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয় (এমঅ'চিএ) আৰু অসামৰিক বিমান পৰিবহনৰ সঞ্চালক প্ৰধান (ডিজিচিএ)য়ে নেচনেল কেপিটেল ৰিজিঅন ট্ৰেন্সপ'ৰ্ট কৰ্প'ৰেচন (এনচিআৰটিচি)ক দিল্লী-মিৰাট ৰিজিঅনেল ৰেপিড ট্ৰেন্জিট ছিষ্টেম (পিআৰটিএছ)ৰ প্লেটফৰ্মৰ বাবে ৱেব ভিত্তিক জিঅ'গ্ৰাফিকাল ইনফৰমেচন ছিষ্টেম (জিআইএছ)ৰ মেপিং আৰু ৰূপায়ণৰ তথ্য আহৰণৰ বাবে ৰিম'টলী পাইলটেড এয়াৰক্ৰাফ্ট ছিষ্টেম (আৰপিএএছ) নিয়োগ কৰিবলৈ চৰ্তসাপেক্ষ ৰেহাইত মঞ্জুৰী দিছে।

 

এই অগ্ৰগতি সন্দৰ্ভত মন্তব্য কৰি, অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী অম্বেৰ ডুবেই কয়, ''ড্ৰোনৰ দ্বাৰা পৰ্যবেক্ষণ কৰাৰ অনুমতি পোৱা যাব এনচিআৰটিচিক অভিনন্দন। ই তেওঁলোকক ফলপ্ৰসু এৰাইভেল ছাৰ্ভিলেঞ্চ আৰু প্ৰকল্প পৰিকল্পনাত সহায় কৰিব। জনসাধাৰণৰ লাভৰ বাবে ড্ৰোনৰ ব্যৱহাৰক উদগণি যোগাবলৈ এমঅ'চিএই লোৱা লক্ষ্যৰ অংশ হিচাপে এই অনুমতি প্ৰদান কৰা হৈছে।''

 

এই চৰ্তসাপেক্ষ ৰেহাই ৩১ ডিচেম্বৰ, ২০২০ অথবা ডিজিটেল স্কাই প্লেটফৰ্মৰ সম্পূৰ্ণ কাৰ্যকৰী কৰণলৈকে, যিটোৱেই আগতে হয়, দিয়া হৈছে।

 

ৰিম'টলী পাইলটেড এয়াৰক্ৰাফ্ট ছিষ্টেম ব্যৱহাৰ কৰি দিল্লী-মিৰাট পিআৰটিএছ কৰিডৰৰ বাবে ৱেব ভিত্তিক জিআইএছ প্লেটফৰ্মৰ জৰিয়তে মেপিং আৰু ৰূপায়ণ কৰাৰ ক্ষেত্ৰত চৰ্তৱলী আৰু সীমাবদ্ধতা আছে।

 

মেছাৰ্ছ এনচিআৰটিচি, নতুন দিল্লীক চিএআৰ ছেক্সন 3, ছিৰিজ X, পাৰ্ট Iৰ পৰা ৰেহাই দিয়া এই কাৰ্য অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ এয়াৰক্ৰাফ্ট ৰুলছ, ১৯৩৭ৰ ৰুল ১৫এৰ অন্তৰ্গত।

 

ৰিম'টলী পাইলটেড এয়াৰক্ৰাফ্ট ছিষ্টেম ব্যৱহাৰ কৰাৰ পূৰ্বে মেছাৰ্ছ এনচিআৰটিচি, নতুন দিল্লীয়ে আৱশ্যকীয় স্পষ্টীকৰণ (ক) স্থানীয় প্ৰশাসন, (খ) প্ৰতিৰক্ষা মন্ত্ৰালয়, (গ) গৃহ পৰিক্ৰমা মন্ত্ৰালয়, (ঘ) ভাৰতীয় বায়ু সেনাৰ পৰা এয়াৰ ডিফেঞ্চ ক্লীয়েৰেঞ্চ (ঙ) এয়াৰপৰ্ট অথৰিটী অফ ইণ্ডিয়া (এএআই)ৰ পৰা ল'ব লাগিব।

 

ভাৰত চৰকাৰক ইচ্ছাকৃতভাৱে প্ৰকাশ কৰা আৰু বৈধ ড্ৰোন একনলেজ নাম্বাৰ (ডিএএন) থকাৰ ক্ষেত্ৰতহে কেৱল মেছাৰ্ছ এনচিআৰটিচি, নতুন দিল্লীয়ে আৰপিএএছ ৰূপায়ণ কৰিব পাৰিব।

 

এৰিয়েল ফটোগ্ৰাফীৰ ক্ষেত্ৰত, প্ৰয়োজন হ'লে মেছাৰ্ছ এনচিআৰটিচি, নতুন দিল্লীয়েই ডিজিচিএৰ ৰেগুলেচনছ এণ্ড ইনফৰমেচন সঞ্চালকালয়ৰ পৰা আৱশ্যকীয় অনুমতি ল'ব।

 

আৰপিএএছৰ জৰিয়তে যদি ফটো/ভিডিঅ' লোৱা হয়, সেয়া কেৱল মেছাৰ্ছ এনচিআৰটিচি, নতুন দিল্লীয়েহে ব্যৱহাৰ কৰিব। আৰপিএএছৰ নিৰাপত্তা আৰু আৰপিএএছৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যৰ ক্ষেত্ৰত মেছাৰ্ছ এনচিআৰটিচি, নতুন দিল্লী দায়বদ্ধ হ'ব।

 

আৰপিএএছৰ কাৰ্যকাৰিতা ডে অপাৰেচনত (সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ), ভিজুৱেল লাইন অফ ছাইটৰ (ভিএলঅ'এছ) ভিতৰত নিষিদ্ধ হ'ব।

 

এই ক্ষেত্ৰত উদ্ভৱ হোৱা যিকোনো আইনী গোচৰ বা আন যিকোনো বিষয়ৰ ক্ষেত্ৰত ডিজিচিএক মেছাৰ্ছ এনচিআৰটিচি, নতুন দিল্লীয়ে ক্ষতিপূৰণ দিব।

 

মেছাৰ্ছ এনচিআৰটিচি, নতুন দিল্লীয়ে নিশ্চিত কৰিব যে আৰপিএএছ কাৰ্যক্ষম হৈ আছে আৰু যিকোনো বিজুতিৰ বাবে দায়ী হ'ব।

 

উক্ত আহিলাৰ সৈতে শাৰীৰিক সংযুক্তিৰ বাবে কোনো লোক কোনো ধৰণে আহত হ'লে মেছাৰ্ছ এনচিআৰটিচি, নতুন দিল্লী দায়বদ্ধ হ'ব।

 

আৰপিএএছ কাৰ্যকৰী কৰাৰ সময়ত হ'ব পৰা যিকোনো দুৰ্ঘটনাৰ ক্ষেত্ৰত তৃতীয় পক্ষক সামৰি ল'বলৈ মেছাৰ্ছ এনচিআৰটিচি, নতুন দিল্লীয়ে উপযুক্ত পৰ্যায়ত বীমা কৰাব লাগিব।

 

মেছাৰ্ছ এনচিআৰটিচি, নতুন দিল্লীয়ে এই কথা নিশ্চিত কৰিব লাগিব যে কোনো পৰিস্থিতিতে আৰপিএ ব্যৱহাৰ কৰোতে Iত বিপজ্জনক সামগ্ৰী বা অতিৰিক্ত বোজা দিব নালাগিব।

 

জনসাধাৰণ, সম্পত্তি, চালক আদিৰ নিৰাপত্তা, সুৰক্ষা আৰু গোপনীয়তা মেছাৰ্ছ এনচিআৰটিচি, নতুন দিল্লীয়ে নিশ্চিত কৰিব লাগিব।

 

সংশ্লিষ্ট মন্ত্ৰালয়/কৰ্তৃপক্ষৰ অনুমতি নোহোৱাকৈ চিএআৰৰ অনুচ্ছেদ 3, ছিৰিজ X, পাৰ্ট Iত নিৰ্দিষ্ট কৰা ন' ফ্লাই জ'নত আৰপিএ অপাৰেট নকৰাটো মেছাৰ্ছ এনচিআৰটিচি, নতুন দিল্লীয়ে নিশ্চিত কৰিব।

 

অন্য চৰকাৰী এজেঞ্চিয়ে প্ৰস্তুত কৰা ৰিম'টলী পাইলটেড এয়াৰক্ৰাফ্ট ছিষ্টেমৰ ওপৰত থকা অন্য নিষেধাজ্ঞা বা এছ অ' পিৰ নিৰ্দেশনা এই পত্ৰই উলংঘা নকৰে

 

অপাৰেচনৰ সময়ত যিকোনো পৰ্যায়ত হোৱা ঘটনা/দুৰ্ঘটনাৰ ক্ষেত্ৰত ডিজিচিএৰ এয়াৰ ছেফ্টী ডাইৰেক্টৰক প্ৰতিবেদন দাখিল কৰিব লাগিব।

 

*******

RJ/NG



(Release ID: 1665595) Visitor Counter : 139