ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

হাৰিয়াণাৰ খেতিয়কৰ মাজত কপাহ ছিঙা যন্ত্ৰ বিতৰণ কৰিলে ‘এনএফএল’-য়ে

Posted On: 16 OCT 2020 4:32PM by PIB Guwahati

ৰাষ্ট্ৰীয় সাৰ পৰিসীমিত’(এনএফএল)-য়ে ৰ্পোৰেট সামাজিক দায়বদ্ধতা স্বীকাৰ কৰি ৯৫টা কপাহ ছিঙা যন্ত্ৰ খেতিয়কসকলৰ মাজত বিনামূলীয়াকৈ বিতৰণৰ ব্যৱস্থা কৰে।

কপাহ ছিঙা যন্ত্ৰসমূহ দুটা পৃথক অনুষ্ঠানত ক্ৰমে, হিছাৰৰ সদলপুৰত থকা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ভিৱানীৰ কৃষি বিজ্ঞান কেন্দ্ৰত যোৱা ১৫ অক্টোবৰ ২০২০ত বিতৰণ কৰা হয়। অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শ্ৰী বীৰেন্দ্ৰ নাথ দত্তই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

কাৰ্যক্ৰমত বিপণন বিভাগৰ মুখ্য মহা প্ৰবন্ধক শ্ৰী অনিল মোটছাৰা আৰু প্ৰতিষ্ঠানটোৰ চণ্ডীগড় কাৰ্যালয়ৰ মাণ্ডলিক প্ৰৱন্ধক শ্ৰী দিলবাগ সিঙেও অংশগ্ৰহণ কৰে।

এনএফএল-য়ে পাঞ্জাৱ, হাৰিয়াণা, মধ্য প্ৰদেশ, তেলেংগাণা আদিত এনে ধৰণৰ ৫০০ৰো অধিক কপাহ ছিঙা যন্ত্ৰ বিতৰণ কৰিছে।

****

RCJ/RKM/KB



(Release ID: 1665593) Visitor Counter : 74