পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে অন্ধ্ৰ প্ৰদেশত ১৬টা এনএইচ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

ৰাজ্যখনৰ অৰ্থব্যৱস্থাক গতি প্ৰদান কৰাৰ বাবে ১৪০০ কিলোমিটাৰ দীঘল ঘাই পথ নিৰ্মাণত ব্যয় হ’ব ১৫,৫৯২ কোটি টকা

Posted On: 16 OCT 2020 2:45PM by PIB Guwahati

কেন্দ্ৰীয় পথ পৰিবহণ তথা ঘাইপথ আৰু এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে অন্ধ্ৰ প্ৰদেশত ১৫,৫৯২ কোটি টকা ব্যয়ৰ ১৪১১ কিলোমিটাৰ দৈৰ্ঘৰ ১৬টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ এই কাৰ্যসূচীৰ আয়োজন কৰে মুখ্যমন্ত্ৰী শ্ৰী ৱাই এছ জগন মোহন ৰেড্ডিয়ে৷ এই উপলক্ষে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জেনেৰেল ডাঃ বি কে সিং, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী জী কিষাণ ৰেড্ডিৰ উপৰিও সাংসদ, বিধায়ক আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিষয়াসকলো উপস্থিত আছিল৷

 

ইউটিউবঃ https://youtu.be/AdDhgRnuz9s

 

এই উপলক্ষে শ্ৰী গাডকাৰীয়ে কয় যে ২০১৪ চনৰ পূৰ্বে অন্ধ্ৰ প্ৰদেশত ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ দৈৰ্ঘ ৪১৯৩ কিলোমিটাৰ আছিল যি এতিয়া বৃদ্ধি হৈ ৬৮৬০ কিলোমিটাৰ হৈছে৷ তেওঁ কয় যে ৩৪,১০০ কোটি টকাৰ ব্যয়েৰে কৰা নিৰ্মাণ কাৰ্য ডিপিআৰৰ পৰ্যায়ত আছে যাৰ অধীনত ২০২৪ পৰ্যন্ত কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ ২৫,৪৪০ কোটি টকাৰ ব্যয়েৰে কৰা নিৰ্মাণ কাৰ্য প্ৰণয়ন পৰ্যায়ত আছে৷ তেওঁ কয় যে ১৮,১০০ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা প্ৰকল্পৰ কাম ৫০-৬০ শতাংশ সম্পূৰ্ণ গৈছে৷

 

তেওঁ কয় যে ৰাজ্যখনত ৫০০০ কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ ভাৰতমালা প্ৰকল্পৰ অধীনত সম্পন্ন কৰা হৈছে৷ ইয়াৰ সৈতে ভাৰতমালা প্ৰকল্পৰ অধীনত বন্দৰসমূহৰ সংযোজিত কৰাৰ বাবে ৪০০ কিলোমিটাৰ দৈৰ্ঘৰ পথো নিৰ্মাণ কৰা হ’ব৷

 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে নতুন ভাৰতৰ পৰিকল্পনাৰ বাবে ভাৰতৰ সবাতোকৈ বৃহৎ আন্তঃগাঁথনিমূলক বিকাশ কাৰ্যসূচী ভাৰতমালা পৰিযোজনাৰ অধীনত বিশ্বস্তৰীয় বুনিয়াদী আন্তঃগাঁথনিক বিকশিত কৰাৰ প্ৰাথমিকতাৰ দ্বাৰা কৰা হৈছে৷ ভাৰতমালা প্ৰকল্পৰ অধীনত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’, দিল্লী-অমৃতসৰ-কটৰা এক্সপ্ৰেছৱে’, চেন্নাই-বেংগালুৰু এক্সপ্ৰেছৱে’, অনন্তপুৰ-অমৰাৱতী এক্সপ্ৰেছৱে’ আদিক বিকশিত কৰা হৈছে৷

 

শ্ৰী গাডকাৰীয়ে কয় যে পৰিবহণ তথা ঘাইপথ মন্ত্ৰালয়ে এই প্ৰকল্পসমূহৰ কাম সময়মতে সম্পূৰ্ণ কৰাৰ বাবে দায়ৱদ্ধ যাতে ৰাজ্যত আৰ্থিক বিকাশ সুনিশ্চিত কৰিব পাৰি৷ তেওঁ কয় যে অমৰাৱতী-অনন্তপুৰ এক্সপ্ৰেছৱে’ৰ বাবে ভূমি অধিগ্ৰহণৰ হেতু ৰাজ্য চৰকাৰেও পূৰ্ণ সহযোগ প্ৰদান কৰিছে৷

 

মুখ্যমন্ত্ৰী শ্ৰী ৱাই এছ জগন মোহন ৰেড্ডিয়ে প্ৰেৰণ কৰা বিভিন্ন প্ৰস্তাৱসমূহক অনুমোদন প্ৰদান কৰাৰ বাবে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে ৰাজ্যৰ জনসাধাৰণৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে ৰাজ্যক কেন্দ্ৰ চৰকাৰৰ নিৰন্তৰ সাহায্যৰ আৱশ্যক৷

 

অন্ধ্ৰ প্ৰদেশৰ প্ৰকল্পসমূহৰ বিৱৰণৰ (পিডিএফ) বাবে ইয়াত ক্লিক কৰক 

 

***

RCJ/MS/MANN



(Release ID: 1665591) Visitor Counter : 103