যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

খেলো ইণ্ডিয়া ৰাজ্যস্তৰীয় উৎকৰ্ষ কেন্দ্ৰত উন্নয়ন সাধনৰ বাবে আৰু সাতখন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক্ৰীড়া কেন্দ্ৰবিলাকক চিহ্নিত কৰা হৈছে

Posted On: 17 OCT 2020 2:21PM by PIB Guwahati

ন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে খেলো ইণ্ডিয়া কৰ্মসূচীৰ আওতাত নখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক্ৰীড়া কেন্দ্ৰ বিলাকক খেলো ইণ্ডিয়া ৰাজ্য স্তৰীয় উকৰ্ষ কেন্দ্ৰত পৰিণত কৰিছে। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবিলাক হৈছে- অন্ধ্ৰপ্ৰদেশ, ছত্তিশগড়, চণ্ডীগড়, গোৱা, হাৰিয়ানা, হিমাচল প্ৰদেশ, পণ্ডিচেৰী, ত্ৰিপুৰা আৰু জম্মু আৰু কাশ্মীৰ।

 

মন্ত্ৰালয়ৰ এই সিদ্ধান্ত সম্পৰ্কে ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱে কয়, ''তৃণমূল স্তৰত পৰিকাথামোৰ উন্নয়নৰ বাবে চৰকাৰে এটা দুমুখীয়া নীতি গ্ৰহণ কৰিছে। এফালে চৰকাৰে ক্ৰীড়া পৰিকাথামোৰ উন্নয়ন ঘটাই সেইবিলাকক উকৰ্ষ কেন্দ্ৰত পৰিণত কৰিছে, আনফালে ৰাজ্যস্তৰীয় ক্ৰীড়া কেন্দ্ৰবিলাকক বিশ্ব মানৰ সুযোগ-সুবিধা সম্পন্ন কৰি তোলা হৈছে। ইয়াৰ ফলত, সমগ্ৰ দেশৰ প্ৰতিভাবান ক্ৰীড়াবিদসকলে আৰু ভাল প্ৰশিক্ষণ আৰু ক্ৰীড়া নৈপুণ্য বঢ়োৱাৰ সুযোগ পাব। এনেকুৱা ব্যৱস্থা গঢ়ি উঠিলে অলিম্পিকত ভাৰতৰ সপোন আৰু মজবুত হ'ব।''

 

ৰাজ্যস্তৰীয় যিবিলাক ক্ৰীড়া কেন্দ্ৰৰ উন্নয়ন সাধন কৰি উকৰ্ষ কেন্দ্ৰত পৰিণত কৰাৰ বাবে চিহ্নিত কৰা হৈছে, সেইবিলাকৰ পৰিকাথামো, ক্ৰীড়া সংস্কৃতি আৰু সু-পৰিচালনাৰ দৰে বিষয়বিলাকক বিবেচনাত ৰখা হৈছে। এই বছৰৰ শেষৰফালেই মন্ত্ৰালয়ে ১৪টা ক্ৰীড়া কেন্দ্ৰক ৰাজ্যস্তৰীয় ক্ৰীড়া উকৰ্ষ কেন্দ্ৰত পৰিণত কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ ফলত, দেশৰ ২৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২৪টা ৰাজ্যস্তৰীয় ক্ৰীড়া কেন্দ্ৰক ক্ৰীড়া উকৰ্ষ কেন্দ্ৰত পৰিণত কৰাৰ পৰিকল্পনা হৈছে।

 

ৰাজ্যস্তৰীয় যিবিলাক ক্ৰীড়া কেন্দ্ৰক ক্ৰীড়া উকৰ্ষ কেন্দ্ৰত পৰিণত কৰাৰ বাবে চিহ্নিত কৰা হৈছে, সেইবিলাক নিৰ্বাচনৰ দায়িত্ব আৰু পৰিকাথামোগত দিশ জুকীয়াই চোৱাৰ বিষয়টো সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ ওপৰত দিয়া হয়। ৰাজ্যসমূহৰ পৰামৰ্শ আৰু চুপাৰিশৰ ভিত্তিতেই ক্ৰীড়া কেন্দ্ৰবিলাকৰ উন্নয়ন সাধন কৰি সেইবিলাকক বিশ্ব মানৰ ক্ৰীড়া সুযোগ-সুবিধা কেন্দ্ৰত পৰিণত কৰাৰ সিদ্ধান্ত লৈছে মন্ত্ৰালয়ে।

 

মন্ত্ৰালয়ে যিবোৰ ৰাজ্যস্তৰীয় ক্ৰীড়া কেন্দ্ৰক উকৰ্ষ কেন্দ্ৰত পৰিণত কৰাৰ সৰ্বশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ মাজত অন্ধ্ৰপ্ৰদেশ, চণ্ডীগড়, ছত্তিশগড়, গোৱা, হাৰিয়ানা, হিমাচল প্ৰদেশ, পণ্ডিচেৰী, ত্ৰিপুৰাসহ জম্মু আৰু কাশ্মীৰ আছে।

 

ইতিমধ্যে যিসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৰাজ্য স্তৰীয় উকৰ্ষ ক্ৰীড়া কেন্দ্ৰ আছে সেইসমূহ হৈছে- অসম, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, মেঘালয়, ছিক্কিম, কৰ্ণাটক, উৰিষ্যা, কেৰালা, তেলেংগানা, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড প্ৰভৃতি। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত দাদৰা আৰু নগৰ হাভেলি তথা দমন আৰু দিউত ইতিমধ্যে উকৰ্ষ ক্ৰীড়া কেন্দ্ৰ গঢ়ি তোলা হৈছে।

 

 

*******

NB/OA


(Release ID: 1665581)