প্ৰতিৰক্ষা মন্ত্ৰালয়

সশস্ত্ৰ বাহিনীৰ ফ্লেগ ডে’ ফাণ্ডলৈ অৰিহনা আগবঢ়াবলৈ ৰাইজক আহ্বান

Posted On: 15 OCT 2020 4:22PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰাক্তন সেনা কল্যাণ বিভাগে যুদ্ধত শ্বহীদ হোৱা জোৱানৰ বিধৱা পত্নী, বীৰ শ্বহীদ সৈনিক আৰু প্ৰাক্তন সৈনিকৰ কল্যাণৰ বাবে কাম কৰি আছে। ইয়াৰ ভিতৰত অন্যতম কামসমূহ হল সেনা জোৱানৰ পৰিয়ালৰ দিব্যাংগ সদস্যলৈ বিত্তীয় সাহায্য, শিশুৰ শিক্ষা অনুদান, শেষকৃত্যৰ বাবে অনুদান, মেডিকেল অনুদান আদি। এইধৰণৰ বিত্তীয় সাহায্য সশস্ত্ৰ বাহিনীৰ ফ্লেগ ডেফাণ্ডৰ জৰিয়তে আগবঢ়োৱা হয়। প্ৰতিবছৰে ৭ ডিচেম্বৰত সশস্ত্ৰ বাহিনীৰ ফ্লেগ ডেপালন কৰা হয়। সাধাৰণ ৰাইজৰ পৰা এই ফাণ্ডে অৰিহণা গ্ৰহণ কৰি আছে। সকলো নাগৰিককে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে, যাতে যুদ্ধত শ্বহীদ সেনা জোৱানৰ বিধৱা পত্নী, শ্বহীদ সৈনিক আৰু তেওঁলোকৰ সন্তানক পৰ্যাপ্ত সাহায্য আগবঢ়াব পৰা যায়।

কেন্দ্ৰীয় সৈনিক বৰ্ড সচিবালয়, নতুন দিল্লীলৈ চেক অথবা ডিমাণ্ড ড্ৰাফ্টৰ সহায়ত ‘Armed Forces Flag Day Fund A/c’ৰ ফেভাৰত আগ্ৰহী ব্যক্তিয়ে সাহায্য আগবঢ়াব পাৰে। তদুপৰি, পঞ্জাৱ নেচনেল বেংক, আৰ.কে পুৰম, নতুন দিল্লী(IFSC Code-PUNB0308300)ৰ ছেভিংছ বেংক একাউণ্ট নম্বৰ 3083000100179875ৰ জৰিয়তে অথবা অনলাইনত www.ksb.gov.in.ৰ জৰিয়তে পোনপটীয়াকৈ ধন আদায় দিব পাৰে।

 

 

ABB/Nampi/KA/Rajib



(Release ID: 1665051) Visitor Counter : 139