পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়

স্থানীয় কাৰকৰ বাবে দিল্লীত ৯৫ শতাংশ বায়ু প্ৰদূষণ হৈছে আৰু ফচলৰ অবশিষ্ট অংশ জ্বলোৱাৰ ফলত আজি পৰ্যন্ত প্ৰদূষণ হৈছে ৪ শতাংশ : শ্রী প্রকাশ জাভাড়েকাৰ

দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল(এনচিআৰ) চহৰত বাস্তৱিক প্ৰতিক্ৰিয়াৰ বাবে চিপিচিবিৰ ৫০টা দল নিয়োগ কেন্দ্ৰৰ

प्रविष्टि तिथि: 15 OCT 2020 3:55PM by PIB Guwahati

বায়ুৰ গুণগত মান সুনিশ্চিত কৰাৰ বাবে দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বিভিন্ন চহৰ পৰিদর্শনৰ কামত কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ বর্ড(চিপিচিবি)ৰ ৫০টা দল আজিৰ পৰা নিয়োগ কৰা হৈছে।

                                         

নতুন দিল্লীত আজি এই দলৰ নডেল বিষয়াসকলক উদ্দেশ্যি কেন্দ্রীয় পৰিৱেশ মন্ত্রী শ্রী প্রকাশ জাভাড়েকাৰে কয়, বর্তমান কভিড পৰিস্থিতিত এই দলৰ সদস্যসকল কৰনা যোদ্ধাসকলতকৈ কোনো গুণে কম নহয়। কাৰণ তেওঁলোকে তৃণমূল স্তৰলৈ গৈ পৰিদর্শন কৰাৰ লগতে তেওঁলোকৰ প্রতিক্রিয়া জানিব। বায়ু প্ৰদূষণ ৰোধ কৰাত তেওঁলোকৰ এই কার্যক্রমে বিশেষভাবে সাহায্য কৰিব বুলিও তেওঁ কয়।

 

শ্রী জাভাড়েকাৰে কয়, চহৰৰ প্রায় ৯৫ শতাংশ বায়ু প্ৰদূষণ ধূলি, নির্মাণকাৰ্য আৰু জৈৱ পদাৰ্থ জ্বলোৱাৰ দৰে স্থানীয় কাৰণত হৈ থাকে। তেওঁ কয়, ফচলৰ অৱশিষ্ট অংশ জ্বলোৱাৰ ফলত ৪ শতাংশ বায়ু প্ৰদূষণ ঘটে।

 

বায়ু প্ৰদূষণৰ প্রধান উৎস হল উপযুক্ত নিয়ন্ত্রণ ব্যৱস্থা অবিহনে বৃহত্ নির্মাণকাৰ্য চলোৱা, পথৰ দাঁতিত আৱর্জনা আৰু নির্মাণৰ পেলনীয়া পেলোৱা, উন্মুক্ত স্থানত আৱর্জনা জ্বলোৱা ইত্যাদি।

 

এই দলবোৰে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সংলগ্ন চহৰ উত্তৰ প্রদেশৰ নয়ডা, গাজিয়াবাদ, মীৰাট, হাৰিয়ানা, গুৰুগ্রাম, ফৰিদাবাদ, বল্লভগড়, ঝাঁঝড়, পানিপট, সোনেপট, ৰাজস্থানৰ ভিৱাড়ি, আলৱাৰ, ভৰতপুৰ ইত্যাদি স্থান পৰিদর্শন কৰিব। যি সমূহ অঞ্চল হটস্পট হিচাপে চিহ্নিত সেইসমূহত বিশেষ নজৰ দিব এই দলসমূহে।

 

প্ৰদূষণমূলক কার্যকলাপ সম্পর্কে দ্রুত পদক্ষেপ গ্রহণৰ বাবে এটি স্বয়ংক্রিয় ব্যৱস্থাপনাৰ মাধ্যমেৰে সংশ্লিষ্ট সংস্থালৈ তথ্য প্রেৰণ কৰা হব। এই তথ্য ৰাজ্য চৰকাৰৰ সৈতেও ভাগ কৰা হব।

 

কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ বৰ্ডৰ প্রধান কার্যালয়ত এটা কেন্দ্রীয় নিয়ন্ত্ৰণ কক্ষ খোলা থাকিব। এই কক্ষত প্রতি ঘন্টাতে বতাহত ধূলিকণাৰ মাত্রা লক্ষ্য কৰা হব।

 

শীতকালীন সময়ত দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত বায়ু প্ৰদূষণ এক গভীৰ উদ্বেগৰ বিষয়। এই প্ৰদূষণ ৰোধ কৰিবলৈ বিগত ৫ বছৰ ধৰি বিভিন্ন প্রয়াস চলোৱা হৈছে আৰু ধীৰে ধীৰে সাফল্য লাভ কৰা পৰিলক্ষিত হৈছে। তথাপি বৰ্তমানেও আৰু অধিক পদক্ষেপ গ্রহণ কৰাৰ প্রয়োজন আছে।

 

 

 

 *******************************************************

GK/KG


(रिलीज़ आईडी: 1664965) आगंतुक पटल : 511
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Tamil , Telugu