পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

গাডকাৰী কাইলৈ ১৪.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ জ’জিলা সুৰংগ নির্মাণৰ প্ৰথম পাহাৰ বিস্ফোৰণ কাৰ্যৰ শুভাৰম্ভ কৰিব

Posted On: 14 OCT 2020 2:09PM by PIB Guwahati

কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী শ্রী নীতিন গাডকাৰীয়ে কাইলৈ জম্মু আৰু কাশ্মীৰত জিলা সুৰংগ নির্মাণৰ বাবে বিস্ফোৰণৰ জৰিয়তে পাহাৰ খনন কাৰ্যৰ শুভাৰম্ভ কৰিব৷ এই সুৰংগটো নির্মাণ লে ১নং ৰাষ্ট্ৰীয় পথে লেহৰ সৈতে কাশ্মীৰ উপত্যকাৰ মাজত সকলো ঋতুতে  উপযোগী যোগাযোগ ব্যৱস্থা গঢ় উঠিব৷ তদুপৰি, নবগঠিত জম্মু আৰু কাশ্মীৰ তথা লাদাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সামগ্ৰিক অর্থনৈতিক আৰু সামাজিক-সাংস্কৃতিক মিলনক আৰু অধিক সুদৃঢ় কৰাত সহায় কৰিব৷ সমুদ্ৰপৃষ্ঠৰ পৰা প্রায় হাজাৰ মিটাৰ উচ্চতাত ১৪.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটো নির্মাণ কৰা বর্তমান যিটো সুৰংগ আছে তাত বছৰৰ কেৱল ছমাহ গাড়ী যাতায়াত কৰে৷ এই সুৰংগটো ডাচ আৰু কার্গিল চেক্টৰৰ সৈতে শ্রীনগৰ আৰু লেহৰ মাজত যোগাযোগৰ সুবিধা দিয়ে৷ এই পাহাৰীয়া পথটো বর্তমান মটৰগাড়ীৰ যাতায়াতৰ ক্ষেত্রত বিশ্বৰ অন্যতম বিপদসংকুল পথ৷ নতুনকৈ এই সুৰংগ নির্মিত লে সেয়া কৌশলগত দিশৰ পৰাও অতি গুৰুত্বপূর্ণ হিচাপে বিবেচিত হ’ব৷

২০০৫ চনত প্ৰথমবাৰলৈ জিলা সুৰংগ নির্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হয়৷ ২০১৩ চনত সীমান্ত পথ সংস্থা (বিআৰঅ’) এই গিৰিপথটোৰ সম্পর্কে বিস্তৃত প্ৰকল্প প্ৰতিবেদন(ডিপিআৰ) প্ৰস্তুত কৰে ইয়াৰপাছত চাৰিবাৰ এই প্ৰকল্প নির্মাণত আৱণ্টন দিয়া লেও সেয়া সফল নহ ২০১৬ৰ জুলাই মাহত এনএইচআইডিচিএল সংস্থাক এই সুৰংগ নির্মাণৰ বাবে আৱণ্টন দিয়া হয়৷ তাৰপাছত সংস্থাটোৱে সুৰংগ নির্মাণৰ দায়িত্ব অন্য এটা সংস্থাক অৰ্পণ কৰে৷ প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনৰ ১৯ এপ্রিলত লেহত এক অনুষ্ঠানত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ ২০১৯ৰ জুলাইলৈকে কাম-কাজৰ অগ্ৰগতি হয় আৰু তাৰপাছত যিটো সংস্থাক এই সুৰংগ নির্মাণৰ দায়িত্ব দিয়া হৈছিল, তেওঁলোকৰ আর্থিক সমস্যাই নিৰ্মাণ কাৰ্যত বিঘিনি ঘটায়৷ ইয়াৰ ফলস্বৰূপে  নির্মাণ সংক্রান্তীয় চুক্তি ২০১৯ৰ ১৫ জানুৱাৰীত বাতিল কৰি দিয়া হয়৷

*Map not to scale

২০২০ৰ ফেব্ৰুৱাৰী মাহত মন্ত্ৰী গাডকাৰীয়ে এই গিৰিপথ প্ৰকল্পৰ সকলো দিশ বিশদভাৱে পর্যালোচনা কৰে৷ প্ৰকল্প ব্যয় হ্ৰাস আৰু অগ্রাধিকাৰৰ ভিত্তিত অসম্পূর্ণ কাম সম্পূৰ্ণ কৰিবলৈ বিষয়টো এক বিশেষজ্ঞ গোটৰ ওচৰলৈ বিবেচনাৰ বাবে প্ৰেৰণ কৰা হয় সেই বিশেষজ্ঞ গোটে অতি কম সময়তে তথা কম খৰচতে কিদৰে প্ৰকল্পৰ কাজ সম্পূর্ণ কৰিব পৰা যায়, সেই সম্পর্কে মতামত ব্যক্ত কৰে গিৰিপথ নির্মাণত অভিজ্ঞ আৰু বিশেষজ্ঞসকলৰ সৈতে হোৱা আলোচনাৰ পাছত সেই বিশেষজ্ঞ গোটে যোৱা ১৭ মে প্ৰতিবেদন দাখিল কৰে৷

২৩ মেত এই প্ৰতিবেদন পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রীয়ে অনুমোদন জনায়৷ বিশেষজ্ঞ গোটৰ সেই পৰামর্শ ক্ৰমে যিসমূহ বিষয় উল্লেখ কৰা হয় তাৰ ভিতৰত দ্বৈত পথযুক্ত দ্বিমুখী যাতায়াতৰ উপযোগী সুৰংগ নির্মাণ; খাদৰ সংখ্যা কমাই তিনিটাৰ পৰা দুটা কৰা; সুৰংগত ঘণ্টায় সর্বাধিক ৮০ কিলোমিটাৰ গতিবেগ; সংশোধিত ব্যয় ,৪২৯.২৩ কোটি টকা ধাৰ্য; সকলো ঋতুতে উপযোগী যোগাযোগ ব্যৱস্থাৰ বাবে হিমবাহৰ পৰা সুৰংগৰ সুৰক্ষাত সংযোগকাৰূ পথ জিলাৰ দিশৰ পৰা নির্মাণ কৰা আৰু বর্তমান সেই পথত যাত্রাৰ সময় প্রায় চাৰি ঘণ্টাৰ পৰা হ্ৰাস পাই ১৫ মিনিট কৰাৰ প্ৰস্তাৱ দিয়া হয়৷

এই নির্মাণকাৰ্যৰ অনুমোদন লাভৰ পাছত এনএইচআইডিচিএলে যোৱা ১০.০৬.২০২০ত নিবিদা আহ্বান কৰে মুঠ তিনিটা সংস্থাক এই সুৰংগ নির্মাণত কাৰিকৰী দক্ষতাৰ দিশৰ পৰা চিহ্নিত কৰা হয় নিবিদাৰ চালিজাৰি চোৱাৰ পাছত মেচাৰ্চ মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্রাষ্টাকচাৰ লিমিটেডক সুৰংগ নির্মাণ কাৰ্যৰ দায়িত্ব দিয়া হয় এই সংস্থাই সুৰংগ নির্মাণত ,৫০৯.৫০ কোটি টকা ব্যয়ৰ হিচাব দিয়ে৷ ইয়াৰ পৰিপ্রেক্ষিতত সংস্থাটোৰ সৈতে যোৱা ২৫ আগষ্টত প্ৰয়োজনীয় নথিপত্ৰ বিনিময় কৰা হয়

 

 জিলা সুৰংগৰ বৈশিষ্ট্যসমূহৰ ভিতৰত প্ৰতি ৭৫০ মিটাৰৰ অন্তৰে অন্তৰে জৰুৰীকালীন লে-বাই; মানৱচালিত ফায়াৰ এলার্ম পুচ বাটন আৰু সহজে বহনযোগ্য অগ্নি নির্বাপণ সামগ্রী; জৰুৰীকালীন পৰিস্থিতিত যোগাযোগৰ বাবে টেলিফোনৰ সুবিধা; সৰংগৰ ভিতৰত পোহৰৰ ব্যৱস্থা; চিচিটিভিৰ নিৰীক্ষণ; স্বয়ংক্রিয় অগ্নি নির্বাপণ ব্যৱস্থা; কেন্দ্রীয় নিয়ন্ত্ৰণ কক্ষ, যান চলাচল নিয়ন্ত্ৰণ ইত্যাদি উল্লেখযোগ্য৷

*Map not to scale

 

.

***

RCJ/MS/DB



(Release ID: 1664621) Visitor Counter : 130