প্ৰতিৰক্ষা মন্ত্ৰালয়
ভাৰত-চীন সেনা কমাণ্ডাৰ-পৰ্যায়ৰ সপ্তম ৰাউণ্ড বৈঠকৰ যৌথ প্ৰেছ বিজ্ঞপ্তি
प्रविष्टि तिथि:
13 OCT 2020 5:16PM by PIB Guwahati
চুছুলত সোমবাৰে (১২ অক্টোবৰ) ভাৰত আৰু চীনৰ মাজত শীৰ্ষ সেনা কমাণ্ডাৰ পৰ্যায়ৰ সপ্তম ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হৈ যায়। ভাৰত-চীন সীমান্তৱৰ্তী পশ্চিম অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰে পাজৰে সেনা প্ৰত্যাহাৰৰ বিষয়ত উভয় পক্ষৰ মাজত আন্তৰিক, গভীৰ আৰু গঠনমূলক মত বিনিময় হৈছে। তেওঁলোকৰ মাজত আলোচনা ইতিবাচক, গঠনমূলক আৰু শীৰ্ষ অৱস্থান সম্পৰ্কে বুজিবলৈ সক্ষম হৈছে বুলি জনোৱা হৈছে। উভয় পক্ষই সামৰিক, কূটনৈতিক মাধ্যমেৰে আলোচনা আৰু যোগাযোগ বজাই ৰাখিবলৈ আৰু যথাসম্ভৱ ক্ষীপ্ৰতাৰে সেনা প্ৰত্যাহাৰৰ বাবে পাৰস্পৰিক গ্ৰহণযোগ্য সমাধানত উপনীত হ’বলৈ সন্মত হৈছে। উভয় দেশৰ নেতাসকলে গুৰুত্বপূৰ্ণ বুজাবুজি ক্ষেত্ৰত যি বাৰ্তা দিছে সেয়া আন্তৰিকতাৰে বাস্তৱায়িত কৰিবলৈ, বিতৰ্কত ভিন ভিন অৱস্থান গ্ৰহণ নকৰিবৰ বাবে আৰু যৌথভাৱে সীমান্ত অঞ্চলত শান্তি আৰু স্থিতাৱস্থা বজাই ৰাখিবলৈ সন্মত হৈছে উভয় পক্ষই।
*****
ABB/AA/VY/KC/RD
(रिलीज़ आईडी: 1664194)
आगंतुक पटल : 235