প্ৰতিৰক্ষা মন্ত্ৰালয়

বিডিএলে চৰকাৰক অন্তিম লাভাংশ প্ৰদান কৰে

Posted On: 13 OCT 2020 5:52PM by PIB Guwahati

হায়দৰাবাদস্থিত প্ৰতিৰক্ষা ক্ষেত্ৰৰ সাৰ্বজনীন উপক্ৰম, ভাৰত ডাইনেমিক্স লিমিটেড (বি ডি এল)য়ে ভাৰত চৰকাৰক ৩৫.০১৮ কোটি টকাৰ অন্তিম লাভাংশ আদায় কৰিছে।

 

ভাৰত ডাইনেমিক্স লিমিটেড (বি ডি এল)ৰ অধ্যক্ষ আৰু প্ৰবন্ধ নিৰ্দেশক কমোডোৰ সিদ্ধাৰ্থ মিশ্ৰ (সেৱানিবৃত্ত)ই আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক নতুন দিল্লীত ৩৫.০১৮ কোটি টকাৰ চেক প্ৰদান কৰে। বিডিএলত ভাৰত চৰকাৰৰ অংশীদাৰিত্ব সম্পৰ্কীয় এয়া অন্তিম লাভাংশ। বি ডি এলে বিত্তীয় বৰ্ষ ২০১৯-২০ৰ বাবে ১০/- টকাৰ প্ৰত্যেক শ্বেয়াৰত ২.৫৫ টকা প্ৰতি শ্বেয়াৰৰ অন্তিম লাভাংশ ঘোষণা কৰে। কোম্পানীৰ দ্বাৰা ঘোষিত অন্তিম লাভাংশ ১৮৩.২৮ কোটি টকাৰ পুঁজিৰ ওপৰত ২৫.৫% শ্বেয়াৰৰ বাবে। ইয়াৰ পূৰ্বে, এই বছৰ মাৰ্চত ৬.২৫ টকা প্ৰতি শ্বেয়াৰৰ হিচাপত অন্তৰিম লাভাংশৰ ৰাশি ১০০.৫১৮ কোটি টকাৰ ধন বিডিএলে ভাৰত চৰকাৰক বিত্তীয় বৰ্ষ ২০১৯-২০ৰ বাবে ভাৰত চৰকাৰৰ বিডিএলত অংশীদাৰিত্বৰ বাবে দিছিল। ইয়াৰ লগে লগে বিত্তীয় বৰ্ষ ২০১৯-২০ৰ বাবে ভাৰত চৰকাৰক বি ডি এলৰ দ্বাৰা দিয়া মুঠ লাভাংশ ১৩৫.৫৩৬ কোটি টকা হ'লগৈ।

 

বি ডি এলে ২০১৯-২০ বৰ্ষত ৩,০৯৫.২০ কোটি টকাৰ বিক্ৰীৰ কাৰবাৰ কৰে আৰু কৰৰ পূৰ্বে ৭৪২.৪৫ কোটি টকাৰ লাভ অৰ্জন কৰে।

 

প্ৰতিৰক্ষা উৎপাদন বিভাগ (ডিডিপি)ৰ সচিব শ্ৰী ৰাজ কুমাৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সংযুক্ত সচিব (এয়ৰো) শ্ৰী চন্দ্ৰাকৰ ভাৰতী এই অনুষ্ঠানত উপস্থিত থাকে।

 

 

*******

ABB/Nampi/DK/Rajib



(Release ID: 1664171) Visitor Counter : 109