ভুবিজ্ঞান মন্ত্ৰালয়

উত্তৰ অন্ধ্ৰপ্ৰদেশৰ উপকূলক সমীপৰ কাকিনাড়াত নিম্নচাপ তীব্ৰতৰ

মচিলিপট্টনম, বিশাখাপট্টনম আৰু গোপালপুৰৰ উপকূলৱৰ্তী ডপলাৰ বতৰ ৰাডাৰৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে নিম্নচাপ
তেলেংগানাৰ ভিন্ন স্থানত অতিশয় প্ৰৱল বৃষ্টিপাত (প্ৰতি দিনে ২০ ছেঃমিঃতকৈ অধিক)ৰ সম্ভাৱনা
কৰ্ণাটক দক্ষিণ কংকন আৰু গোৱা, মধ্য মহাৰাষ্ট্ৰ আৰু মাৰাঠাৱাড়াতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা
পৰৱৰ্তী তিনি ঘণ্টাত বংগোপসাগৰৰ পশ্চিম মধ্যাংশৰ লগতে অন্ধ্ৰপ্ৰদেশৰ উপকূলত বতাহৰ গতি প্ৰতিঘণ্টাত ৫৫ৰ পৰা ৭৫ কিলোমিটাৰ বেগত বৃদ্ধি পাব
পশ্চিম মধ্য আৰু সংলগ্ন উত্তৰ পশ্চিম বংগোপসাগৰ, দক্ষিণ পশ্চিম বংগোপসাগৰ আৰু সংলগ্ন ওড়িশা-অন্ধ্ৰ প্ৰদেশ-তামিলনাডু আৰু পুডুচেৰী উপকূলত সাগৰৰ অৱস্থাৰ অধিক অৱনতিৰ আশংকা

Posted On: 13 OCT 2020 9:11AM by PIB Guwahati

ভাৰতীয় বতৰবিজ্ঞান বিভাগ (IMD)ৰ ঘূৰ্ণীবতাহ সতৰ্কতা বিভাগৰ মতেঃ

কালিৰ পশ্চিম মধ্য বংগোপসাগৰৰ উদ্বেগ পশ্চিম-উত্তৰ পশ্চিম দিশে অগ্ৰসৰ হৈছে, যিয়ে ১৩ অক্টোবৰ, ২০২০ৰ ভাৰতীয় মান সময় অনুসৰি পৰৱৰ্তী ৬ বজাত অৰ্থাৎ ৫.৩০ বজাত গভীৰ নিম্ন চাপৰ সৃষ্টি কৰে। যি স্থান ১৬.৯° উত্তৰ অক্ষাংশ আৰু ৮২.৫° পূব দ্ৰাঘিমাংশৰ সমীপত, বিশাখাপট্টনমৰ দক্ষিণ-দক্ষিণ পূব দিশে ১২০ কিঃমিঃ, কাকিনাৰা (অন্ধ্ৰ প্ৰদেশ)ৰ পূব-দক্ষিণ পূবে ২৫ কিঃমিঃ আৰু নাৰছাপুৰ (অন্ধ্ৰ প্ৰদেশ)ৰপৰা পূব-দক্ষিণ পূবে ১০০ কিঃমিঃ দূৰৈত অৱস্থিত।

পূৰ্বানুমান অনুসৰি, ১৩ অক্টোবৰ, ২০২০ৰ পুৱা ৬.৩০ বজাৰ পৰা ৭.৩০ বজাত পশ্চিম-উত্তৰ পশ্চিমেদি যাব আৰু নাৰছাপুৰ আৰু বিশাখাপট্টনমৰ মাজৰ কাকিনাৰাৰ সমীপৱৰ্তী উত্তৰ অন্ধ্ৰ প্ৰদেশ উপকূল অতিক্ৰম কৰে। এই সময়ছোৱাত প্ৰতি ঘন্টাত ৫৫-৬৫ কিঃমিঃ ৰপৰা প্ৰতি ঘন্টাত ৭৫ কিঃমিঃ বেগত বতাহ বয়৷

মচিলিপট্টনম, বিশাখাপট্টনম আৰু গোপালপুৰৰ উপকূলৱৰ্তী ডপলাৰ বতৰ ৰাডাৰৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে নিম্নচাপ৷

তলত উল্লেখ কৰা তালিকাখনত সম্ভাৱ্য পথ আৰু তীব্ৰতা উল্লেখ কৰা হৈছেঃ

তাৰিখ/সময় (ভাঃমাঃসঃ)

স্থান

(অক্ষাংশ 0উঃ/ দ্ৰাঘিমাংশ 0পূঃ)

বতাহৰ সৰ্বাধিক বেগ (কিঃমিঃ প্ৰতি ঘন্টা)

ঘূৰ্ণীৰ ধৰণ

১৩-১০-২০/৫৩০

১৬.৯/৮২.৫

৫৫-৬৫ ৰপৰা ৭৫ লৈ

অধিক তীব্ৰ

১২-১০-২০/১১৩০

১৭.৩/৮১.৪

৪৫-৫৫ ৰপৰা ৬৫ লৈ

অধিক তীব্ৰ

১৩-১০-২০/১৭৩০

১৭.৬/৮০.৩

৩৫-৪৫ ৰপৰা ৫৫ লৈ

তীব্ৰ

১৩-১০-২০/২৩৩০

১৭.৯/৭৯.২

২৫-৩৫ ৰপৰা ৪৫ লৈ

নিম্ন

 

সতৰ্কতাঃ

(i) বৃষ্টিপাতৰ সতৰ্কতা

  • ১৩ অক্টোবৰ, ২০২০: তেলেংগানাৰ ভিন্ন স্থানত অতিশয় প্ৰৱল বৃষ্টিপাত (প্ৰতি দিনে >২০ ছেঃমিঃ) আৰু কেতবোৰ স্থানত প্ৰৱলৰপৰা অতিশয় প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে; একেদৰে, কৰ্ণাটক দক্ষিণ কংকন আৰু গোৱা, মধ্য মহাৰাষ্ট্ৰ, মাৰাঠৱাড়াৰ লগতে উত্তৰ অন্ধ্ৰপ্ৰদেশ, ৰায়লাসীমাৰ, কৰ্ণাটকৰ দক্ষিণ সীমান্ত, দক্ষিণ ওড়িশা, দক্ষিণ চত্তীশগড় আৰু বিদৰ্ভৰ ভিন্ন স্থানত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে।
  • ১৪ অক্টোবৰ, ২০২০: উত্তৰ মধ্য মহাৰাষ্ট্ৰৰ ভিন্ন স্থানত অতিশয় প্ৰৱল বৃষ্টিপাত (প্ৰতি দিনে >২০ ছেঃমিঃ) আৰু কেতবোৰ স্থানত প্ৰৱলৰপৰা অতিশয় প্ৰৱল তথা ভিন্ন স্থানত পাতলৰপৰা মজলীয়া বৃষ্টিপাতৰ সম্ভাৱনা আছে, কংকান আৰু গোৱা, দক্ষিণ মধ্য মহাৰাষ্ট্ৰ আৰু মাৰাঠৱাড়াৰ ভিন্ন স্থানত প্ৰৱলৰপৰা অতিশয় প্ৰৱল আৰু উপকূলৱৰ্তী আৰু দক্ষিণ অন্তৱৰ্তী কৰ্ণাটকৰ ভিন্ন স্থানত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে।

 

(ii) বতাহৰ সতৰ্কতা

  • ১৩ অক্টোবৰ, ২০২০: ১৩ অক্টোবৰৰ সন্ধিয়া ভাগত পশ্চিম মধ্য বংগোপসাগৰ আৰু সংলগ্ন অন্ধ্ৰ প্ৰদেশ উপকূলত প্ৰতি ঘন্টাত ৫৫-৬৫ কিঃমিঃ ৰপৰা প্ৰতি ঘন্টাত ৭৫ কিঃমিঃ বেগত বতাহ বলাৰ লগতে সংলগ্ন উত্তৰ পশ্চিম বংগোপসাগৰ, দক্ষিণ পশ্চিম বংগোপসাগৰ আৰু সংলগ্ন ওড়িশা-তামিলনাডু আৰু পুডুচেৰী উপকূলত বতাহৰ বেগ হ্ৰাস পাই প্ৰতি ঘন্টাত ৫০-৬০ কিঃমিঃ ৰ পৰা প্ৰতি ঘন্টাত ৭০ কিঃমিঃ হয়৷ পৰৱৰ্তী সময়ত বতাহৰ বেগ আৰু কমাৰ সম্ভাৱনা আছে৷

(iii) সাগৰৰ অৱস্থা

  • ১৩ অক্টোবৰৰ বিয়লিলৈকে পশ্চিম মধ্য আৰু সংলগ্ন উত্তৰ পশ্চিম বংগোপসাগৰ, দক্ষিণ পশ্চিম বংগোপসাগৰ আৰু সংলগ্ন ওড়িশা-অন্ধ্ৰ প্ৰদেশ-তামিলনাডু আৰু পুডুচেৰী উপকূল আৰু ১৩-১৪ অক্টোবৰ, ২০২০ৰ সময়ছোৱাত মন্নাৰ উপসাগৰৰ অৱস্থা জটিলৰপৰা অধিক জটিল হৈ থাকিব।

(iv) মাছমৰীয়াক সতৰ্কতা

১৩ অক্টোবৰৰ বিয়লিলৈকে উত্তৰ পশ্চিম ও দক্ষিণ পশ্চিম বংগোপসাগৰ আৰু সংলগ্ন অন্ধ্ৰ প্ৰদেশ-ওড়িশা-তামিলনাডু ও পুডুচেৰী উপকূল আৰু ১২-১৩ অক্টোবৰ, ২০২০ত মন্নাৰ উপসাগৰত মাছমৰীয়াসকলক প্ৰৱেশত বাধা আৰোপ কৰা হৈছে৷

(v) পূব আৰু পশ্চিম গোদাবৰী, বিশাখাপট্টনম, উত্তৰ উপকূলৱৰ্তী অন্ধ্ৰপ্ৰদেশৰ বিজয়ানগৰম আৰু শ্ৰীকাকুলাম জিলা আৰু অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলা আৰু য়ানমত ক্ষয়-ক্ষতিৰ আশংকা কৰা হৈছে।

  • একাংশ জুপুৰী ঘৰৰ ক্ষতিসাধন হৈছে। গছৰ ডাল ভাগি পৰি বিদ্যুৎ আৰু যোগাযোগ ব্যৱস্থা সামান্য ব্যাহত হৈছে। প্ৰৱল বৃষ্টিপাতৰ বাবে কেঁচা ৰাস্তাৰ ক্ষতিসাধন হৈছে। খেতি-পথাৰ, কল, অমিতা গছ আৰু ফলৰ উদ্যান আৰু চজিনা গছ আৰু উদ্যান শস্যৰ খেতিৰ পাতলীয়া ক্ষতিসাধন হৈছে। কেঁচা মথাউৰিৰ সামান্য ক্ষতিসাধন হোৱাৰ তথ্য পোৱা গৈছে।
  • বতৰ আৰু কৃষি কাৰ্যৰ বাবে আগতীয়া জাননী পাবলৈ মৌচম এপ আৰু মেঘদূত এপ আৰু বজ্ৰপাতৰ বাবে ডামিনি এপ ডাউনলোড কৰিবলৈ আহ্বান জনাইছে বতৰবিজ্ঞান বিভাগে৷

****

NB/KGS/(IMD Release)/DB



(Release ID: 1664152) Visitor Counter : 114