ভাৰতীয় নিৰ্বাচন আয়োগ

বিহাৰ বিধানসভাৰ ২০২০ সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৭১টা সমষ্টিৰ ৫২০০০ৰো অধিক যোগ্য ভোটদাতাই ডাক বেলটৰ যোগে ভোটদান কৰিব বিচাৰিছে

ক’ভিড-১৯ৰ মাজতো ‘প্ৰৱেশসম্ভৱ’, ‘সৰ্বাত্মক’ আৰু ‘নিৰাপদ’ নিৰ্বাচন নিশ্চিত কৰাৰ বাবে ডাক বেলট যোগে ভোটদানৰ বাবে যোগ্যতা আহৰণ কৰা ভোটদাতৰ কাষলৈ যাব নিৰ্বাচনী বিষয়-ববীয়াসকল

प्रविष्टि तिथि: 12 OCT 2020 3:28PM by PIB Guwahati

বিহাৰ বিধানসভাৰ ২০২০ সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৭১টা সমষ্টিৰ ৫২০০০ৰো অধিক যোগ্য ভোটদাতাই ডাক বেলটৰ যোগে ভোটদান কৰিব বিচাৰিছেপ্ৰসংগতে প্ৰণিধানযোগ্য যে এই সকল লোকৰ অধিকাংশই জ্যেষ্ঠ নাগৰিক(৮০বছৰ বয়সৰ ওপৰৰ) হোৱাৰ বিপৰীতে কিছুসংখ্যক বিশেষভাবে সক্ষম শ্ৰেণীৰ ভোটদাতা। এইসকল লোকক আগতীয়াকৈ অৱগত কৰা দিনত নিৰ্বাচনী বিষয়াসকলে যথাযোগ্য সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰীকভাবে প্ৰক্ৰিয়াটোত গোপনীয়তা, নিৰাপত্তা, আৰু স্বচ্ছতা অক্ষুন্ন ৰখাৰ বাবে ভিডিঅ’গ্ৰাফীৰ ব্যৱস্থাসহ ডাক-বেলটৰ যোগান ধৰিববিহাৰৰ নিৰ্বাচনত এই প্ৰথমবাৰৰ বাবে এই দুই শ্ৰেণীৰ ভোটদাতাৰ বাবে ডাক-বেলট ব্যৱস্থাৰ সুযোগ দান কৰা হৈছে। উল্লিখিত ৭১টা সমষ্টিৰ বুথ পৰ্যায়ৰ নিৰ্বাচনী কৰ্ম-কৰ্তাসকলে এই দুই শ্ৰেণীৰ ৪ লাখৰো অধিক নাগৰিকৰ কাষ চাপিলছিল যদিও বাকীসকলে নিৰ্বাচনৰ দিনা ভোটকেন্দ্ৰত উপস্থিত হৈ ভোট দান কৰিবলৈহে ইচ্ছা প্ৰকট কৰে।

প্ৰসংগতে প্ৰণিধানযোগ্য যে, বিহাৰৰ সাধাৰণ নিৰ্বাচন ২০২০ অনুষ্ঠিত কৰাৰ বাবে যোৱা ২৫ ছেপ্টেম্বৰ ২০২০ত আনুষ্ঠানিক ঘোষণা কৰা হৈছিল। সূচী অনুসৰি প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ১৬খন জিলাৰ ৭১টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব অহা ২৮ অক্টোবৰ ২০২০ত।

 

 

ক’ভিড-১৯ৰ মাজতো ‘প্ৰৱেশসম্ভৱ’, ‘সৰ্বাত্মক’ আৰু ‘নিৰাপদ’ নিৰ্বাচন নিশ্চিত কৰাৰ বাবে ডাক বেলট যোগে ভোটদানৰ বাবে যোগ্যতা আহৰণ কৰা ভোটদাতৰ কাষলৈ যাব নিৰ্বাচনী বিষয়-ববীয়াসকল

 

******

SBS/MR/AC/KB


(रिलीज़ आईडी: 1663934) आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Tamil , Telugu