PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 12 OCT 2020 6:20PM by PIB Guwahati

 

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

#Unite2FightCorona

 

#IndiaFightsCorona

 

 

 

সক্ৰিয় ঘটনাৰ দ্ৰুত হ্ৰাসৰ প্ৰৱণতা অব্যাহত আছে ভাৰতত, বৰ্তমানে দেশখনত সক্ৰিয় ঘটনাৰ হাৰ হৈছে মুঠ সক্ৰিয় ঘটনাৰ প্ৰায় ১২.১০%, একেৰাহে চতুৰ্থটো দিনৰ বাবে ৯ লাখৰ নিম্ন হৈছে সক্ৰিয় কেছল

ভাৰতে সক্ৰিয় ঘটনাৰ দ্ৰুত হ্ৰাসৰ প্ৰৱণতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। এক মাহৰ পাছত সক্ৰিয় ঘটনাৰ সংখ্যাই ৯ লাখৰ সীমাৰ নিম্ন হোৱাৰ পাছত একেৰাহে চতুৰ্থটো দিনৰ বাবে এই ধাৰা অব্যাহত আছে। বৰ্তমান সক্ৰিয় ঘটনাৰ হাৰ হৈছে মুঠ সক্ৰিয় ঘটনাৰ ১২.১০%। যাৰ পৰিমাণ হৈছে ৮,৬১,৮৫৩। ভাৰতত অধিক সংখ্যক ৰোগীয়েও আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। মুঠ আৰোগ্য লাভৰ ঘটনা ৬১.৫ লাখৰ ওচৰা-ওচৰি (৬১,৪৯,৫৩৫) হৈ পৰিছে। সক্ৰিয় ঘটনা আৰু আৰোগ্য লাভৰ ঘটনাৰ মাজৰ ব্যৱধান ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে আৰু আজি এই পৰিমাণ হয় ৫২,৮৭,৬৮২। যোৱা ২৪ ঘন্টাত ৭১,৫৫৯ ৰোগীৰ আৰোগ্য আৰু ডিচাৰ্জ লাভৰ বিপৰীতে নিশ্চিত ঘটনাৰ সংখ্যা হয় ৬৬,৭৩২ টা। যাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৮৬.৩৬% লৈ বৃদ্ধি পাইছে।

অধিক বিৱৰণৰ বাবে

 

ছানডে সংবাদ-৫ত সমষ্টিবাসীৰ বাবে ব্যক্তিগত ফোনৰ নম্বৰ শ্বেয়াৰ কৰিলে ডাঃ হৰ্ষ বৰ্ধনে

ছানডে সংবাদ ৰ পঞ্চম সংস্কৰণৰ জৰিয়তে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে তেওঁৰ ছ’চিয়েল মিডিয়াৰ অনুগামীসকলৰ বহু প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে। ইয়াত মন্ত্ৰীজনে ক’ভিড সন্দৰ্ভত উৰা বাতৰি আৰু ভুল ধাৰণা নিৰ্মূলকৰণত গুৰুত্ব আৰোপ কৰে। তেওঁ ক’ভিডৰ বিৰুদ্ধে যুঁজখনত আয়ুৰ্বেদৰ ভূমিকা সন্দৰ্ভত সৱিশেষ তথ্য আগবঢ়ায়। ক’ভিডৰ প্ৰতিষেধক সম্পৰ্কীয় বহুকেইটা প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি ডাঃ হৰ্ষ বৰ্ধনে তেওঁৰ সমষ্টিবাসীৰ জনসাধাৰণৰ মনত উদয় হোৱা প্ৰশ্নৰ উত্তৰ লাভ কৰিবলৈ তেওঁৰ ব্যক্তিগত ফোনৰ নম্বৰটোকে ৰাজহুৱা কৰে। উল্লেখ্য যে মন্ত্ৰীজনে দিল্লীৰ চান্দনি চ’কক প্ৰতিনিধিত্ব কৰিছে।

অধিক বিৱৰণৰ বাবে

 

ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ চলিত বিত্তীয় বৰ্ষৰ অন্ত পৰাৰ পূৰ্বে উপভোক্তাৰ ব্যয়ৰ উদ্দীপনা হিচাপে ৭৩,০০০ কোটি টকা ঘোষণা বিত্তমন্ত্ৰীৰ

কেন্দ্ৰীয় বিত্ত ও কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি উপভোক্তাৰ ব্যয়ৰ উদ্দীপনা হিচাপে ৭৩,০০০ কোটি টকা ঘোষণা কৰে। ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বলবৎ কৰা লকডাউনৰ বাবে অৰ্থনীতিৰ ক্ৰম হ্ৰাসমান গতিৰ পুনৰুদ্ধাৰৰ অৰ্থেই এই ঘোষণা কৰা হৈছে। এই ঘোষণা আগবঢ়াই, শ্ৰীমতী সীতাৰমণে কয় যে ই ক’ভিড-১৯ৰদ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলৰ ওপৰত প্ৰভাৱ পেলাব। মূলতঃ ব্যৱসায় চলাই নিয়াত আশু প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ’ব। তেওঁ আৰু কয় যে ভৱিষ্যতৰ মুদ্ৰাস্ফীতিৰ বাবে যাতে সাধাৰণ জনতাৰ সমস্যাৰ সৃষ্টি নহয়, তাৰ বাবে চৰকাৰখনে প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু চৰকাৰী ঋণক অবহনক্ষম পথতে ৰাখিব খোজা নাই।

অধিক বিৱৰণৰ বাবে

 

স্বামিত্ব আঁচনিৰ অধীনত প্ৰপাৰ্টি কাৰ্ডৰ আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে স্বামিত্ব আঁচনিৰ অধীনত প্ৰপাৰ্টি কাৰ্ডৰ আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ কৰে আৰু এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে ‘স্বামিত্ব আঁচনি’ৰ অধীনত ঘৰৰ প্ৰপাৰ্টি কাৰ্ডসমূহ লাভ কৰা হিতাধিকাৰীসকলক অভিনন্দন জনাই আৰু কয় ইয়াৰ জৰিয়তে এতিয়া হিতাধিকাৰীসকলে তেওঁলোকৰ ঘৰৰ মালিকানাৰ এখনি আইনী নথি তথা অধিকাৰ লাভ কৰিব। এই আঁচনিখনে দেশখনৰ গাঁওসমূহৰ ঐতিহাসিক পৰিৱৰ্তন সাধন কৰিবলৈ আগবাঢ়িছে। তেখেতে লগতে কয়, গ্ৰাম্য ভাৰতক এই আঁচনিখনে আত্ম-নিৰ্ভৰ কৰি তোলাৰ পৰিপ্ৰেক্ষিতত দেশখনে আত্মনিৰ্ভৰ ভাৰতৰ অভিমুখে আন এক মূল পদক্ষেপ গ্ৰহণ কৰিলে। তেখেতে কয়, আজি হাৰিয়ানা, কৰ্ণাটক, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ এক লাখ হিতাধিকাৰীক তেওঁলোকৰ ঘৰৰ আইনী পত্ৰ অৰ্পণ কৰা হৈছে অহা তিনি-চাৰি বছৰত দেশখনৰ প্ৰতিখন গাঁৱৰ প্ৰতিঘৰ গৃহস্থীলৈ এনে প্ৰপাৰ্টি কাৰ্ড আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। জয় প্ৰকাশ নাৰায়ণ আৰু নানা জী দেশমুখ এই দুগৰাকী মহান নেতাৰ জন্ম বাৰ্ষিকীত এই প্ৰপাৰ্টি কাৰ্ড বিতৰণ কৰিবলৈ পাই প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে। তেখেতে লগতে কয় যে এই দুগৰাকী মহান লোকৰ জন্ম বাৰ্ষিকীয়েই কেৱল এটা তিথিত পৰা নহয়, বৰঞ্চ তেখেত দুগৰাকীৰ সংগ্ৰাম আৰু আদৰ্শও আছিল একে। তেখেতে সোঁৱৰণ কৰি কয় যে নানাজী আৰু জেপিয়ে তেখেতসকলৰ সমগ্ৰ জীৱনটো গ্ৰাম্য ভাৰত আৰু দৰিদ্ৰৰ সবলীকৰণৰ অৰ্থে কৰা সংগ্ৰামত উৎসৰ্গা কৰিছিল। নানাজীয়ে “যেতিয়ালৈকে গাঁৱৰ লোক বাদানুবাদৰ মাজত আৱদ্ধ হৈ থাকিব, তেতিয়ালৈকে তেওঁলোকে নিজকে আগুৱাই নিব নোৱাৰিব বা সমাজখনৰো উন্নতি নহ’ব” বুলি কোৱা কথাষাৰৰ উদ্ধৃতিৰে শ্ৰী মোদীয়ে কয়, তেখেতেও এই কথা বিশ্বাস কৰে যে আমাৰ গাঁওসমূহৰ বহু বাদানুবাদৰ অৱসানৰ অৰ্থে মালিকানা এটা উৎকৃষ্ট পন্থা হৈ উঠিব।

অধিক বিৱৰণৰ বাবে

 

স্বামিত্ব আঁচনিৰ অধীনত প্ৰপাৰ্টি কাৰ্ডৰ আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ

অধিক বিৱৰণৰ বাবে

 

উপ ৰাষ্ট্ৰপতিৰ কভিড-১৯ টেষ্টৰ ফলাফল নিগেটিভ, শীঘ্ৰেই সাধাৰণ কাম-কাজ পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনা

আজি উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ ক’ভিড-১৯ টেষ্টৰ ফলাফল নিগেটিভ পোৱা যায়। যোৱা ২৯ ছেপ্টেম্বৰত উপ ৰাষ্ট্ৰপতিজন ক’ভিড-১৯ত আক্ৰান্ত হৈছিল। ইয়াৰ পাছৰপৰাই তেওঁ হ’ম-কোৱাৰেন্টাইনত আছিল। আজি তেওঁক এইমছৰ এটা মেডিকেল টীমে আৰটি-পিচিআৰ টেষ্ট কৰে। ইয়াতে নিগেটিভ ফলাফল লাভ কৰা যায়। উপ ৰাষ্ট্ৰপতিজনৰ লগতে তেওঁৰ পৰিবাৰ শ্ৰীমতী উষা নাইডুৰো ফলাফল নিগেটিভ হয়। বৰ্তমান দুয়োৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ।

অধিক বিৱৰণৰ বাবে

 

অদ্যপি গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত প্ৰায় ৩২ কোটি কৰ্মদিনৰ নিয়োগ প্ৰদান আৰু ৩১,৫০০ কোটি টকাৰো অধিক ব্যয়

ক’ভিড-১৯ৰ বাবে বলবৎ কৰা লকডাউনৰ ফলত ঘৰলৈ ঘূৰি অহা অভিবাসী শ্ৰমিকসকলক নিয়োগ আৰু জীৱিকাৰ সুযোগ প্ৰদান কৰিবলৈ গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ সূচনা কৰা যায়। একেদৰে, ইয়াৰ ফলত প্ৰভাৱিত হোৱা গ্ৰামাঞ্চলৰ লোকসকলক একে সকাহ প্ৰদান কৰিবলৈকে দেশৰ ৬ খন ৰাজ্যত এই আঁচনি ৰূপায়ণ কৰা যায়। শেহতীয়াভাৱে এই আঁচনিখনৰ জৰিয়তে উক্ত ৰাজ্যকেইখনৰ ১১৬ খন জিলাৰ তেনে লোকসকলৰ বাবে নিয়োগৰ দিহা কৰা হৈছে। ইতিমধ্যে এই আঁচনিখনে ৰূপায়ণৰ ১৫ সপ্তাহ অতিক্ৰম কৰিছে। এই সময়ছোৱাত প্ৰায় ৩২ কোটি কৰ্মদিনৰ নিয়োগ প্ৰদান আৰু ৩১,৫০০ কোটি টকাৰো অধিক ব্যয় কৰা হয়।

অধিক বিৱৰণৰ বাবে

 

বিহাৰ বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৭১ সমষ্টিৰ ৫২,০০০ ৰোধিক যোগ্য ভোটাৰে প’ষ্টেল বেলটেৰে মতদান কৰিব

বিহাৰ বিধানসভাৰ আগন্তুক প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫২ হাজাৰোধিক যোগ্য ভোটাৰে প’ষ্টেল বেলটৰ জৰিয়তে মতদান কৰিব। ইয়াৰে গৰিষ্ঠসংখ্যক হৈছে জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ভোটাৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত, ভোটাৰসকলক এটা পূৰ্ব নিৰ্ধাৰিত তাৰিখত প’ষ্টেল বেলটসমূহৰ যোগান ধৰা হ’ব। ইয়াৰ যোগানৰ সৈতে সুৰক্ষা, নিৰাপত্তা আৰু স্বচ্ছতাৰ দিশটো সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়াসকলে নিশ্চিত কৰিব।

অধিক বিৱৰণৰ বাবে

 

ব্ৰিকছ মন্ত্ৰী সন্মিলন সম্বোধন শ্ৰী গংৱাৰৰ

শ্ৰম ও নিয়োগ দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী শ্ৰী সন্তোষ গংৱাৰে কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ মাজৰ সঠিক সন্তুলন বৰ্তাই ৰাখিবলৈ ব্ৰিকছ দেশসমূহক আহ্বান জনাইছে। শুকুৰবাৰে ব্ৰিকছ মন্ত্ৰী সন্মিলন সম্বোধন কৰি তেওঁ কয়, কৰ্মীসকলৰ কল্যাণৰ বাবে সুৰক্ষা, স্বাস্থ্য, কল্যাণ আৰু কাম কৰাৰ অৱস্থাৰ উন্নয়ন সাধন অতিশয় আৱশ্যকীয়। এটা সবল কৰ্মবলেহে অৰ্থনৈতিক বিকাশলৈ বৰঙণি যোগান ধৰিব পাৰে বুলি মন্ত্ৰীজনে কয়। ব্ৰিকছ দেশসমূহৰ শ্ৰম ও নিয়োগ মন্ত্ৰীসকলে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে এই সন্মিলনখনিত অংশগ্ৰহণ কৰে।

অধিক বিৱৰণৰ বাবে

 

যোৱা বৰ্ষৰ এপ্ৰিল-ছেপ্টেম্বৰৰ তুলনাত চলিত বৰ্ষৰ একে সময়ছোৱাত নিত্যব্যৱহাৰ্য কৃষি সামগ্ৰীৰ ৰপ্তানি ৪৩.৪% বৃদ্ধি

ক’ভিড-১৯ সৃষ্ট সংকটৰ মাজতো কৃষিজাত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰি তুলিবলৈ চৰকাৰখনে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে। যাৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ এপ্ৰিলৰপৰা ছেপ্টেম্বৰলৈকে নিত্যব্যৱহাৰ্য কৃষি সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি পাইছে। যোৱা বৰ্ষৰ একে সময়ৰ তুলনাত চলিত বৰ্ষত এই ৰপ্তানিৰ হাৰ ৪৩.৪% বৃদ্ধি পায়। চলিত বৰ্ষত প্ৰায় ৫৩৬২৬ কোটি টকাৰ এনে সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হৈছে।

অধিক বিৱৰণৰ বাবে

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

 

  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত দেওবাৰে নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হয় ১০,৭৯২ জন লোক। ইয়াৰ ফলত ৰাজ্যখনত মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা ২.২১ লাখলৈ বৃদ্ধি পালে।
  • গুজৰাটঃ ১৭ অকিটোবৰত নৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত গুজৰাট চৰকাৰে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ ঘোষণা কৰিছে। সমগ্ৰ ৰাজ্যখনতে এই এছঅ’পি মানি চলাৰ বাবে চৰকাৰে ৰাইজক আহ্বান জনাইছে।
  • ৰাজস্থানঃ ৰাজস্থান চৰকাৰে চৰকাৰী মেডিকেল কলেজ আৰু জিলা হাস্পতালসমূহত অদ্যপি ৩৮ টা অক্সিজেন জেনেৰেশ্যন প্লান্ট স্থাপন কৰিছে। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২১,৪১২ টা।
  • মধ্য প্ৰদেশঃ দেওবাৰে ৰাজ্যখনত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ১,৫৭৫ জন। যাৰ ফলত কেছ ল’ড ১,৪৬,৮২০ লৈ বৃদ্ধি পায়। শেহতীয়াভাৱে ২৫ জন লোকৰ মৃত্যু হৈছে ৰাজ্যখনত।
  • চত্তীশগড়ঃ নৱৰাত্ৰি আৰু দশেৰা উপলক্ষে চত্তীশগড় চৰকাৰে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ জাৰি কৰিছে। ৰাৱণ দহন কাৰ্যসূচীত ৫০ জনতকৈ অধিক লোকৰ সমাৱেশ বাৰণ কৰা হৈছে ৰাজ্যখনত।
  • কেৰালাঃ কেৰালাত ক’ভিড-১৯ৰ টেষ্টিং বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ ৰাজ্য চৰকাৰখনে। ইয়াৰ অৰ্থে ৰাজহুৱা স্থানত ক’ভিড টেষ্টিং কিয়স্ক স্থাপন কৰিব কেৰালা চৰকাৰৰ স্বাস্থ্য বিভাগে। কালি ৰাজ্যখনত নতুনকৈ ৯,৩৪৭ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে।
  • তামিল নাডুঃ ৭,০০০ লোকলৈ নিয়োগ সৃষ্টিৰ অৰ্থে সোমবাৰে তামিল নাডুৰ মুখ্যমন্ত্ৰী এডাপ্পাডী কে. পলানীস্বামীয়ে ১৪ খনকৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। যাৰ বাবে ১০,০৫৫৫ কোটি টকা বিনিয়োগ কৰা হ’ব।
  • কৰ্ণাটকঃ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি.এছ. য়েদিয়ুৰাপ্পাই সোমবাৰে মেডিকেল শিক্ষা মন্ত্ৰী ডঃ কে. সুধাকৰলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰটো পুনৰ আৱন্টিত কৰে। মূলতঃ উভয় দপ্তৰৰ মন্ত্ৰী একেজন হ’লে ক’ভিড-১৯ৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনত ঈপ্সিত ফলাফল প্ৰাপ্তি হোৱাৰ আশাৰেই এই অতিৰিক্তি দায়িত্ব প্ৰদান কৰা হৈছে।
  • অন্ধ্ৰ প্ৰদেশঃ প্ৰথম বাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ আৰোগ্য লাভৰ হাৰে ৯৩.০৫ শতাংশ স্পৰ্শ কৰিছে। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে মুঠ ঘটনাৰ ৬.১৩ শতাংশ। এই পৰিমাণ হৈছে ৪৬,২৯৫টা। মৃত্যুৰ হাৰ হৈছে ০.৮৩ শতাংশ।
  • তেলেংগানাঃ তেলেংগানাত যোৱা ২৪ ঘন্টাত ১০২১ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে। আৰোগ্য লাভ কৰিছে ২২১৪ জনে আৰু ৬ জন মৃত্যুমুখত পৰিছে।
  • অসমঃ যোৱা ২৪ ঘন্টাত অসমত ক’ভিড-১৯ৰপৰা আৰোগ্য লাভৰ পাছত ১২২৭ জন ৰোগীক ডিচাৰ্জ দিয়া হৈছে। ৰাজ্যখনত মুঠ ডিচাৰ্জ লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ১৬৪৫৭৯ জন। বৰ্তমান সক্ৰিয় ক’ভিড-১৯ ঘটনাৰ সংখ্যা হৈছে ২৮৩৮৫ টা।
  • নাগালেণ্ডঃ দেওবাৰে ৭০ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। পজিটিভ ঘটনাই ৭ হাজাৰৰ সীমা অতিক্ৰমেৰে ৰাজ্য়খনত মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৭০১৯ টা। দেওবাৰে ইয়াত আৰোগ্য লাভ কৰে ৪৯ জনে।
  • মেঘালয়ঃ মেঘালয়ত মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৩৫৫ টা আৰু আৰোগ্য় লাভৰ সংখ্যা ৫১৪২।

 

ফেক্ট চেক

 

 

**********



(Release ID: 1663884) Visitor Counter : 119