স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ছানডে সংবাদ-৪ত ডঃ হৰ্ষ বৰ্দ্ধনে তেওঁৰ নিৰ্বাচনী এলেকাসমূহৰ সমস্যা সমাধানৰ বাবে তেওঁৰ ব্যক্তিগত ফোন নম্বৰ শ্বেয়াৰ কৰে
‘কোনো ধৰ্ম বা ভগৱানে আপোনাক এক উত্সৱ আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিবলৈ নকয় ’
‘কভিডৰ বিৰুদ্ধে যুঁজ দিয়াটো আমাৰ প্ৰধান ধৰ্ম’
‘কভিড ভেকচিনৰ জৰুৰীকালীন ব্যৱহাৰৰ অধিকাৰ ক্লিনিকেল ট্ৰায়েল ডাটাৰ ওপৰত নিৰ্ভৰ কৰিব’
‘পৰৱৰ্তী কেইসপ্তাহমানৰ ভিতৰত ফেলুদা পৰীক্ষা আৰম্ভ হোৱাৰ আশা কৰা হৈছে ’
‘বৃত্তিগত বিপদ আৰু সংক্ৰমণৰ সংস্পৰ্শলৈ অহাৰ শংকাই প্ৰধানতঃ টীকাদানৰ অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰিব ’
‘দেশত কেইবাটাও কভিড-১৯ ভেকচিনৰ উপলব্ধতা অনুসৰি সেইসমূহৰ ব্যৱহাৰ্যতা নিৰ্ধাৰণ হ’ব ’
‘পুনৰ সংক্ৰমিত ৰোগৰ বাস্তৱিক প্ৰভাৱ বুজিবৰ বাবে আইচিএমআৰৰ অধ্যয়ন’
‘কভিডৰ বাবে আয়ুসৰ প্ৰতিকাৰত ইমিউনো- মডুলেটৰী, এণ্টি ভাইৰেল, এণ্টি পাইৰেটিক আৰু প্ৰদাহ প্ৰতিৰোধী গুণ আছে '
Posted On:
11 OCT 2020 2:32PM by PIB Guwahati
কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ডঃ হর্ষ বর্ধনে আজি পঞ্চম পর্বৰ ছানডে সংবাদ মত বিনিময় অনুষ্ঠানত তেওঁৰ ছ’চিয়েল মিডিয়া অনুৰাগীৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়ে। কভিড-১৯ সম্পৰ্কীয় বিভিন্ন ভুল ধাৰণা আৰু গুজৱ নস্যাত্ কৰি স্বাস্থ্য মন্ত্রী গৰাকীয়ে কভিডৰ বিৰুদ্ধে যুঁজত আয়ুর্বেদৰ ভূমিকাৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে পুনৰবাৰ সংক্রমণৰ ঘটনাসমূহৰ ক্ষেত্রত যি সমীক্ষা চলাইছে সেই প্রসংগতো ডঃ হর্ষ বর্ধনে বিস্তাৰিতভাৱে জনায়। কভিড টীকাকৰণৰ বাবে অগ্রাধিকাৰ সম্পর্কে একাধিক প্রশ্নৰ উত্তৰ দিয়ে তেওঁ । তেওঁৰ সংসদীয় এলেকা দিল্লীৰ চান্দনী চকৰ সাধাৰণ লোকসকলে যি সমূহ সমস্যাৰ সম্মুখীন হৈছে, সেয়া সমাধানৰ বাবে তেওঁৰ ব্যক্তিগত ফোন নম্বৰ তেওঁলোকৰ সৈতে বিনিময় কৰে। তেওঁ কয়, এই সংসদীয় এলেকাৰ লোকসকলে যিসমূহ সমস্যাৰ সম্মুখীন হৈছে, সেয়া অগ্রাধিকাৰৰ ভিত্তিত সমাধান কৰা হ’ব বুলি ডঃ হর্ষ বর্ধন আশ্বাস দিয়ে।
চৰকাৰৰ ফালৰ পৰা সতর্কতামূলক যি সমূহ নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে সেয়া কঠোৰভাৱে মানি চলাৰ বাবে সাধাৰণ মানুহৰ প্রতি পুনৰবাৰ আহ্বান জনাই ডঃ হর্ষ বর্ধনে আসন্ন উৎসৱৰ বতৰত সকলোধৰণৰ অনুষ্ঠান ঘৰত থাকিয়েই উদযাপন কৰাৰ বাবে তেওঁ পৰামর্শ আগবঢ়ায়। সাধাৰণ মানুহক আৰু এবাৰ সোঁৱৰণ কৰি দি তেওঁ কয়, কভিডৰ বিৰুদ্ধে যুঁজ দিয়াটোৱেই এতিয়া সবাতোকৈ ডাঙৰ ধৰ্ম। স্বাস্থ্য মন্ত্ৰী হিচাপে তেওঁৰ ধৰ্ম সম্পৰ্কে ডঃ হৰ্ষ বৰ্দ্ধনে কয় যে যিকোনো মূল্যৰ বিনিময়ত মৃত্যু প্রতিৰোধ কৰি ভাইৰাছৰ সংক্রমণ হ্রাস কৰাটোৱেই ডাঙৰ কর্তব্য।
তেওঁ আগন্তুক দুটামাহ শীতৰ বতৰ সহ দেশজুৰি প্রধানমন্ত্রীয়ে যি জন আন্দোলন কর্মসূচী গ্রহণৰ আহ্বান জনাইছে, তাত সকলোকে চামিল হোৱাৰ আহ্বান জনায়। তেওঁ কয়, এই ধৰণৰ জনআন্দোলন কর্মসূচী গ্রহণৰ উদ্দেশ্যই হৈছে– মহামাৰী যাতে আৰু অধিক বিয়পি নপৰে সেয়া নিয়ন্ত্রণ কৰা।
ডঃ হর্ষ বর্ধনে এক সুখবৰ দি কয়, অদূৰ ভবিষ্যতে আৰম্ভ হ’ব ফেলুডা নমুনা পৰীক্ষা। ইতিমধ্যে এই ধৰণৰ পৰীক্ষা-নিৰীক্ষাৰ পৰা উত্সাহজনক ফলাফল লাভ কৰা গৈছে। কভিড-১৯ টীকাকৰণ সন্দৰ্ভত চৰকাৰৰ পৰিকল্পনা সম্পর্কে ডঃ হর্ষ বর্ধনে কয়, প্রাথমিকভাৱে সুনির্দিষ্ট কেইবাটাও শ্রেণীৰ ওপৰত অগ্রাধিকাৰ দিয়া হব আৰু লাহে লাহে সৰবৰাহ বৃদ্ধি পালে টীকাকৰণৰ পৰিধিও সম্প্রসাৰিত হ’ব। ডঃ হর্ষ বর্ধনে কমিউনিটি সচেতনতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, টীকাৰ ক্ষেত্ৰত যি চাহিদা দেখা গৈছে সেয়া দূৰ কৰিবলৈ চৰকাৰ বদ্ধ পৰিকৰ।
এগৰাকী চিকিত্সক হিচাপে তেওঁ কয়, প্ৰথম পৰ্যায়ৰ টীকাৰ পৰীক্ষা-নীৰিক্ষাত সুৰক্ষাৰ বিষয়টো প্ৰমাণিত হৈছে। দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়সমূহ চোৱা হৈছে। তৃতীয় পৰ্যায়ত টীকাৰ সুৰক্ষা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুয়োটা পৰীক্ষা কৰা হ’ব।
ডঃ হর্ষ বর্ধন কয়, বর্তমান ভাৰতত কোভিড-১৯ টীকাৰ ২ আৰু ৩ ডোজৰ পৰীক্ষা-নিৰীক্ষা চলিছে। ছিৰাম ইন্সটিটিউট অফ ইন্ডিয়া আৰু ভাৰত বায়োটেকৰ উদ্ভাৱিত টীকাসমূহৰ দুয়োটা ডোজেই প্রাথমিকভাৱে যথেষ্ট বুলি অনুমান কৰা হৈছে। কিন্তু, কেডিলা হেল্থ কেয়াৰ সংস্থাৰ টীকাৰ ক্ষেত্রত ৩টা ডোজৰ প্রয়োজনীয়তা আছে। অৱশ্যে, এইসমূহৰ সকলো প্রাথমিক পর্যায়তেআছে বুলি ডঃ হর্ষ বর্ধনে জনায়। কভিড টীকা হিচাপে অন্যান্য টীকা চামিল কৰাৰ প্রয়োজনীয়তা সম্পর্কে ডঃ হর্ষ বর্ধনে কয়, ভাৰতৰ বিপুল জনসংখ্যাৰ বিষয়টো বিবেচনা কৰি ১টা টীকা বা ১টা টীকা উৎপাদক সংস্থাৰ বাবে সমগ্ৰ দেশৰ চাহিদা পূৰণ কৰা সম্ভৱ নহয়। সেয়ে, চৰকাৰে একাধিক কভিড টীকাৰ বিষয়ত চিন্তা-চৰ্চা কৰিছে।
তেওঁ সাধাৰণ মানুহক স্বাস্থ্য আৰু সুৰক্ষা সম্পর্কীয় যিকোনো বিষয়বস্তু দুবাৰ পৰীক্ষা কৰি চোৱাৰ পাছত সেয়া আনৰ সৈতে বিনিময় কৰিবলৈ অনুৰোধ জনায়। এই সম্পর্কে তেওঁ আৰু কয়, প্রেছ ইনফৰমেশ্যন ব্যুৰ’ই কভিড-১৯ ফেক্টচেক সংক্ৰান্তীয় যি ব্যৱস্থা গ্ৰহণ কৰিছে, তাতো যিকোনো ছ’চিয়েল মিডিয়াৰ বিষয় সম্পর্কে প্রকৃত তথ্য পৰীক্ষা কৰি চাব পাৰে।
মহামাৰীৰ কাৰণে চিকিৎসকসকলৰ মৃত্যুত ব্যক্তিগতভাৱে দুখ প্রকাশ কৰি ডঃ হর্ষ বর্ধনে স্বাস্থ্য সেৱা কর্মীসকলৰ মাজত কভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত যিসমূহ পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই সম্পর্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। তেওঁ আৰু কয়, কৰনা যোদ্ধাসকলৰ স্বাস্থ্যৰ বিষয়টো সুনিশ্চিত কৰিবলৈ তেওঁ সকলো ৰাজ্যৰ স্বাস্থ্য মন্ত্রীসকলৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিছে।
দেশত টেলিমেডিচিন সেৱাৰ গ্রহণযোগ্যতা উল্লেখযোগ্যভাৱে বৃদ্ধি পোৱাত সন্তোষ প্রকাশ কৰি ডঃ হর্ষ বর্ধনে কয়, এই ধৰণৰ প্রয়াসে কেৱল চৰকাৰকে মহামাৰীৰ সময়ত ৰোগীসকলৰ উপযুক্ত সেৱা প্রদানত গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণত সহায় নকৰে, বৰং মৃত্যুদূত এই ভাইৰাছৰ সংক্রমণ সীমিত ৰখাতো সহায় কৰিছে।
তেওঁ আৰু কয়, কভিড-১৯ বিৰোধী যুঁজত কেন্দ্ৰীয় চৰকাৰে প্ৰথম পৰ্যায়ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৩ হাজাৰ কোটি টকাৰ সাহায্য প্ৰদান কৰিছে। মহাৰাষ্ট্ৰ , চণ্ডীগড় আৰু দিল্লী – এই ৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাহিৰে বাকী ৰাজ্যসমূহে ধনৰ পূর্ণ সদ্ব্যবহাৰ কৰিছে।
চৱনপ্রাছৰ উপকাৰিতাৰ কথা পুনৰবাৰ উল্লেখ কৰি ডঃ হর্ষ বর্ধনে কয়, চিকিৎসা, পৰীক্ষা-নিৰীক্ষাৰ পৰা গম পোৱা গৈছে যে যি সকল ব্যক্তিয়ে নিয়মিতভাৱে চৱনপ্রাছ সেৱন কৰি আহিছে, তেওঁলোকৰ স্বাস্থ্যৰ সামগ্ৰিক অৱস্থাৰ উন্নতি হোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পাইছে। তেওঁ আৰু কয়, গ্রাহকসকলে বজাৰৰ পৰা ছুগাৰ ফ্রী চৱনপ্রাছো সংগ্রহ কৰিব পাৰে। মধুমেহ আক্রান্ত ৰোগীসকলে এই ধৰণৰ ছুগাৰ ফ্ৰী চৱনপ্ৰাছ সেৱন কৰি উপকাৰ লাভ কৰিব পাৰিব।
পঞ্চম পর্বৰ ছানডে সংবাদ অনুষ্ঠানটো প্ৰত্যক্ষ কৰাৰ বাবে তলৰ লিংকত ক্লিক কৰক :
টুইটাৰ : https://twitter.com/drharshvardhan/status/1312659867224612864
ফেচবুক : https://www.facebook.com/watch/?v=3281142565296376
ইউটিউব : https://www.youtube.com/watch?v=fF1Vpsn4Z2w
ডিএইচভি এপ : http://app.drharshvardhan.com/download
***************************************************************
MV/KG
(Release ID: 1663630)
Visitor Counter : 205