ভুবিজ্ঞান মন্ত্ৰালয়

পশ্চিম মধ্য বংগোপসাগৰত উদ্বেগ; অহা ২৪ ঘন্টাত পৰিস্থিতিৰ অধিক অৱনতিৰ শংকা

উপকূলবৰ্তী অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰায়লসীমা আৰু অন্তৰ্বৰ্তী কৰ্ণাটকৰ ভিন্ন স্থানত প্ৰৱলৰপৰা অতি প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

পশ্চিম মধ্য ও সংলগ্ন উত্তৰ পশ্চিম বংগোপসাগৰ, দক্ষিণ পশ্চিম বংগোপসাগৰ আৰু উৰিষ্যা-অন্ধ্ৰ প্ৰদেশ-তামিল নাডু ও পুডুচেৰী উপকূল আৰু মন্নাৰ উপসাগৰত পৰিস্থিতিৰ ভয়াৱহতাৰ সন্দেহ

Posted On: 11 OCT 2020 10:21AM by PIB Guwahati

ভাৰতীয় বতৰবিজ্ঞান বিভাগ (IMD)ৰ ঘূৰ্ণীবতাহ সতৰ্কতা বিভাগৰ মতেঃ

শেহতীয়া ছেটেলাইটৰ চিত্ৰাৱলী ও জাহাজ ও বুয়ৰ নিৰীক্ষণে দেখুৱাইছে যে কালি পূব মধ্য ও সংলগ্ন দক্ষিণ পূব বংগোপসাগৰত সুস্পষ্ট নিৰ্দেশিত নিম্ন চাপ এলেকাৰ পশ্চিম মধ্য বংগোপসাগৰত উদ্বেগ ঘনীভূত হৈছে আৰু আজি ১১ অক্টোবৰ, ২০২০ত ভাৰতীয় মান সময় অনুসৰি ০৫৩০ বজাত ১৫.৩° উত্তৰ অক্ষাংশ আৰু ৮৬.৫° পূব দ্ৰাঘিমাংশৰ সমীপত, অধিক ঘনীভূত হৈ পৰে। যি বিশাখাপট্টনম (অন্ধ্ৰ প্ৰদেশ)ৰপৰা দক্ষিণ-দক্ষিণ পূব দিশে ৪৩০ কিঃমিঃ, কাকিনাৰা (অন্ধ্ৰ প্ৰদেশ)ৰপৰা দক্ষিণ পূবে ৪৯০ কিঃমিঃ আৰু নাৰছাপুৰ (অন্ধ্ৰ প্ৰদেশ)ৰপৰা পূব-দক্ষিণ পূবে ৫২০ কিঃমিঃ দূৰৈত অৱস্থিত। অহা ২৪ ঘন্টাৰ ভিতৰত পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ শংকা ঘনীভূত হৈছে।

পূৰ্বানুমান অনুসৰি, ১২ অক্টোবৰ, ২০২০ৰ নিশা ই পশ্চিম-উত্তৰ পশ্চিমেদি যাব আৰু  নাৰছাপুৰ ও বিশাখাপট্টনমৰ মাজৰ উত্তৰ অন্ধ্ৰ প্ৰদেশ উপকূল অতিক্ৰম কৰিব।

সতৰ্কতাঃ

(i) বৃষ্টিপাতৰ সতৰ্কতা

  • ১১ অক্টোবৰ, ২০২০ত উপকূলবৰ্তী অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰায়লসীমা, কৰ্ণাটক আৰু মৰাঠৱাডা, দক্ষিণ উৰিষ্যা আৰু দক্ষিণ চত্তীশগড়ত পাতলৰপৰা মজলীয়া বৃষ্টিপাতৰ সম্ভাৱনাই দেখা দিছে তথা উপকূলবৰ্তী অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰায়লসীমা আৰু অন্তৰ্বৰ্তী কৰ্ণাটকৰ ভিন্ন স্থানত প্ৰৱলৰপৰা অতি প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে।
  • ১২ অক্টোবৰ, ২০২০ত উপকূলবৰ্তী উৰিষ্যা, উপকূলবৰ্তী অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, মৰাঠৱাডা আৰু বিদৰ্ভত পাতলৰপৰা মজলীয়া বৃষ্টিপাতৰ সম্ভাৱনাই দেখা দিছে তথা উপকূলবৰ্তী উৰিষ্যা, উপকূলবৰ্তী অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, মৰাঠৱাডা আৰু বিদৰ্ভৰ ভিন্ন স্থানত প্ৰৱলৰপৰা অতি প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে।
  • ১৩ অক্টোবৰ, ২০২০ত উপকূলবৰ্তী উৰিষ্যা, উপকূলবৰ্তী অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, মৰাঠৱাডা আৰু বিদৰ্ভত পাতলৰপৰা মজলীয়া বৃষ্টিপাতৰ সম্ভাৱনাই দেখা দিছে তথা উপকূলবৰ্তী উৰিষ্যা, উপকূলবৰ্তী অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, মৰাঠৱাডা আৰু বিদৰ্ভৰ ভিন্ন স্থানত প্ৰৱলৰপৰা অতি প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে। ১৩ অক্টোবৰত উত্তৰ উপকূলবৰ্তী অন্ধ্ৰ প্ৰদেশৰ ভিন্ন স্থানত অতিশয় প্ৰৱল বৃষ্টিপাত (প্ৰতি দিনে ২০ ছেঃমিঃ)ৰো সম্ভাৱনা আছে।

(ii) বতাহৰ সতৰ্কতা

১১ অক্টোবৰত পশ্চিম মধ্য ও সংলগ্ন উত্তৰ পশ্চিম বংগোপসাগৰত প্ৰতি ঘন্টাত ৪৫-৫৫ কিঃমিঃ ৰপৰা প্ৰতি ঘন্টাত ৬৫ কিঃমিঃ বেগত বতাহ বলাৰ সম্ভাৱনা আছে ও উৰিষ্যা-অন্ধ্ৰ প্ৰদেশ-তামিলনাডু ও পুডুচেৰী উপকূলত আৰু দক্ষিণ পশ্চিম বংগোপসাগৰত প্ৰতি ঘন্টাত ৪০-৫০ কিঃমিঃ ৰপৰা ৬০ কিঃমিঃ বেগত বতাহ বলাৰ সম্ভাৱনা আছে; ১২ অক্টোবৰ, ২০২০ত পশ্চিম মধ্য ও সংলগ্ন উত্তৰ পশ্চিম বংগোপসাগৰ, দক্ষিণ পশ্চিম বংগোপসাগৰ আৰু সংলগ্ন উৰিষ্যা-তামিল নাডু ও পুডুচেৰী উপকূলত প্ৰতি ঘন্টাত ৫০-৬০ কিঃমিঃ ৰপৰা প্ৰতি ঘন্টাত ৭০ কিঃমিঃ বেগত বতাহ বলাৰ সম্ভাৱনা আছে আৰু সংলগ্ন ও অন্ধ্ৰ প্ৰদেশ উপকূলত প্ৰতি ঘন্টাত ৫৫-৬৫ কিঃমিঃ ৰপৰা প্ৰতি ঘন্টাত ৭৫ কিঃমিঃ বেগত বতাহ বলাৰ সম্ভাৱনা আছে।

ইয়াৰোপৰি, ১১, ১২ ও ১৩ অক্টোবৰ, ২০২০ত মন্নাৰ উপসাগৰত প্ৰতি ঘন্টাত ৪৫-৫৫ কিঃমিঃ বেগত বতাহ বলি থাকিব।

(iii) সাগৰৰ অৱস্থা

১১ ও ১২ অক্টোবৰ, ২০২০ত পশ্চিম মধ্য ও সংলগ্ন উত্তৰ পশ্চিম বংগোপসাগৰ, দক্ষিণ পশ্চিম বংগোপসাগৰ আৰু সংলগ্ন উৰিষ্যা-অন্ধ্ৰ প্ৰদেশ-তামিল নাডু ও পুডুচেৰী উপকূল আৰু মন্নাৰ উপসাগৰত আৰু ১৩ অক্টোবৰ, ২০২০ত মন্নাৰ উপসাগৰত সাগৰৰ অৱস্থা জটিলৰপৰা অধিক জটিল হৈ থাকিব।

(iv) মাছমৰীয়াক সতৰ্কতা

মাছমৰীয়াসকলক প্ৰৱেশত বাধা আৰোপ কৰা স্থানসমূহ হৈছেঃ ১১ ও ১২ অক্টোবৰ, ২০২০ত পশ্চিম মধ্য বংগোপসাগৰ আৰু সংলগ্ন উত্তৰ পশ্চিম বংগোপসাগৰ, দক্ষিণ পশ্চিম বংগোপসাগৰ আৰু সংলগ্ন উৰিষ্যা-অন্ধ্ৰ প্ৰদেশ-তামিল নাডু ও পুডুচেৰী উপকূল আৰু মন্নাৰ উপসাগৰ আৰু ১৩ অক্টোবৰ, ২০২০ত মন্নাৰ উপসাগৰত।

অনুগ্ৰহ কৰি স্থান ভিত্তিক পূৰ্বাভাস ও সতৰ্কতাৰ বাবে MAUSAM এপ, এগ্ৰোমেট পৰামৰ্শৰ বাবে MEGHDOOT এপ আৰু বজ্ৰ সতৰ্কতাৰ বাবে DAMINI এপ ডাউনল’ড কৰক।

***

NB/KGS/(IMD Release)/SB



(Release ID: 1663613) Visitor Counter : 120