ৰেল মন্ত্ৰালয়

২০২১-২২ৰ শেষভাগৰ ভিতৰত ২০ শতাংশ আৰু ২০২৩-২৪ৰ ভিতৰত ৩০ শতাংশ অ’টোম’বাইল সামগ্ৰীৰ বোজাই কৰাৰ লক্ষ্য নিৰ্ধাৰণ ৰে’লৱেৰ

ৰে’লৱেৰ জৰিয়তে অ’টোম’বাইল সামগ্ৰীৰ সৰবৰাহ বৃদ্ধিৰ বাবে অ’টোম’বাইল উদ্যোগৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হ’ল কেন্দ্ৰীয় ৰে’ল, বাণিজ্য আৰু উদ্যোগ, উপভোক্তা পৰিক্ৰমা আৰু খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী পীয়ুষ গোৱেল

ছ’চাইটি অৱ ইণ্ডিয়ান অ’টো ম’বাইল মেনুফেক্সাৰাৰ(ছিয়াম) আৰু অ’টোমটিভ টায়াৰ মেনুফেক্সাৰাৰ এছ’চিয়েশ্যন(আত্মা)ক অগ্ৰাধিকাৰৰ ভিত্তিত তেওঁলোকৰ সমস্যাৱলী সমাধানৰ আশ্বাস ভাৰতীয় ৰে’লৱেৰ

টাৰ্মিনেল মাছুলৰ প্ৰদানৰ পৰা অ’টোম’বাইল ট্ৰেফিকক সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে
২০২০ বৰ্ষত অ’টোম’বাইল ট্ৰেফিকৰ বাবে ৭টা নতুন টাৰ্মিনেল খোলা হৈছে

এই প্ৰচেষ্টাৱলীক অ’টোম’বাইল সামগ্ৰী পৰিবাহী অপাৰেটৰ(এএফটিঅ’), অ’টোম’টিভ টায়াৰ মেনুফেক্সাৰাৰ এছ’চিয়েশ্যন(আত্মা)ৰ প্ৰশংসা

বিগত বৰ্ষত সৰ্বমুঠ ৭৩১ ৰেকৰ বিপৰীতে চলিত বৰ্ষৰ ছমাহতে ভাৰতীয় ৰে’লৱেই বোজাই কৰিছে ৮৩৬ৰেক অ’টোম’বাইল সামগ্ৰী

Posted On: 10 OCT 2020 6:15PM by PIB Guwahati

ৰে’লৱেৰ জৰিয়তে অ’টোম’বাইল সামগ্ৰীৰ সৰবৰাহ বৃদ্ধিৰ বাবে অ’টোম’বাইল উদ্যোগৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হয় ৰে’ল, বাণিজ্য আৰু উদ্যোগ, উপভোক্তা পৰিক্ৰমা আৰু খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী পীয়ুষ গোৱেল।

ছ’চাইটি অৱ ইণ্ডিয়ান অ’টো ম’বাইল মেনুফেক্সাৰাৰ(ছিয়াম), টাটা মটৰছ, হুণ্ডাই, ফৰ্ড মটৰছ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰ, হোণ্ডা ইণ্ডিয়া আৰু মাৰুতী ছুজুকী লিমিটেড, অ’টোম’বাইল সামগ্ৰী পৰিবাহী অপাৰেট(এএফটিঅ’), অ’টোমটিভ টায়াৰ মেনুফেক্সাৰাৰ এছ’চিয়েশ্যন(আত্মা)ৰ প্ৰতিনিধিবৰ্গই এই বৈঠক অংশগ্ৰহণ কৰি ভাৰতীয় ৰে’লৱেৰ প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে সহযোগিতাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

ভাৰতীয় ৰে’লৱে অ’টোম’বাইল সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত নতুন সফলতা অৰ্জন কৰিছে। ২০১৩-১৪ বৰ্ষত ভাৰতীয় ৰে’লযোগে কেৱল ৪২৯ৰেক সামগ্ৰী সৰবৰাহৰ বিপৰীতে ২০১৯-২০২০ বৰ্ষত ১,৫৯৫ ৰেক সামগ্ৰী সৰবৰাহ হৈছে। বিগত বৰ্ষত সৰ্বমুঠ ৭৩১ ৰেকৰ বিপৰীতে চলিত বৰ্ষৰ ছমাহতে ভাৰতীয় ৰে’লৱেই ৮৩৬ৰেক অ’টোম’বাইল সামগ্ৰী বোজাই কৰিছে।

ভাৰতীয় ৰে’লৱেই ২০২১-২২ৰ শেষভাগৰ ভিতৰত ২০ শতাংশ আৰু ২০২৩-২৪ৰ ভিতৰত ৩০ শতাংশ অ’টোম’বাইল সামগ্ৰীৰ বোজাই কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইফালে, ২০২০ বৰ্ষত অ’টোম’বাইল ট্ৰেফিকৰ বাবে ভাৰতীয় ৰে’লৱে ৭টা নতুন টাৰ্মিনেল খোলা হৈছে বুলি উদ্যোগখণ্ডৰ প্ৰতিনিধিসকলক অৱগত কৰে মন্ত্ৰীগৰাকীয়ে৷ টাৰ্মিনেল মাচুলৰ প্ৰদানৰ পৰা অ’টোম’বাইল ট্ৰেফিকক সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে বুলিও বৈঠকত সদৰি কৰে মন্ত্ৰী গোৱেলে।

ভাৰতীয় ৰে’লৱেই ছ’চাইটি অৱ ইণ্ডিয়ান অ’টো ম’বাইল মেনুফেক্সাৰাৰ(ছিয়াম) আৰু অ’টোমটিভ টায়াৰ মেনুফেক্সাৰাৰ এছ’চিয়েশ্যন(আত্মা)ক অগ্ৰাধিকাৰৰ ভিত্তিত তেওঁলোকৰ সমস্যাৱলী সমাধানৰ আশ্বাস দিছে।

 

 

*****

DJN/MKV/DB



(Release ID: 1663483) Visitor Counter : 127