পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

বিদেশ ভ্ৰমণৰ সময়ত আন্তঃৰাষ্ট্ৰীয় ড্ৰাইভিং লাইচেন্সৰ নৱীকৰণৰ সুবিধাৰ্থে ৰাজহুৱা পৰামৰ্শৰ আহ্বান

পোষ্ট কৰা হৈছে: 10 OCT 2020 12:44PM by PIB Guwahati

বিদেশত থকাৰ সময়ত যিসকল নাগৰিকৰ আন্তঃৰাষ্ট্ৰীয় ড্ৰাইভিং পাৰ্মিট (IDP)ৰ ম্যাদ উকলি যায়, তেওঁলোকৰ অৰ্থে আইডিপি জাৰি কৰাৰ সুচলতাৰ অৰ্থে কেন্দ্ৰীয় যান বাহন আইন, ১৯৮৯ৰ সংশোধনী কৰিবলৈ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৭ অক্টোবৰ, ২০২০ত মতামত আৰু পৰামৰ্শ বিচাৰি এখনি খচৰা অধিসূচনা (GSR 624 (E)) জাৰি কৰে।

মন্ত্ৰালয়ৰ এই কথা দৃষ্টিগোচৰ হৈছে যে কেতিয়াবা একাংশ নাগৰিকে বিদেশ ভ্ৰমণৰত অৱস্থাত, তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় ড্ৰাইভিং পাৰ্মিটৰ ম্যাদ উকলি যায় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত নৱীকৰণৰ বাবে কোনোধৰণৰ সুবিধা নাপায়। এনে নাগৰিকসকলৰ সুবিধাৰ্থে কেন্দ্ৰীয় যান বাহন আইন, ১৯৮৯ৰ সংশোধনীৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে নাগৰিকসকলে ভাৰতীয় দূতাবাস/মিশ্যন এব’ৰ্ড পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু সংশ্লিষ্ট আৰটিঅ’সমূহৰ বিবেচনাৰ অৰ্থে আবেদনসমূহ ‘বহন’লৈ প্ৰেৰণ কৰা হ’ব।

তদুপৰি উক্ত প্ৰস্তাৱত এই কথাও অন্তৰ্ভুক্ত কৰা হৈছে যে যিসকল নাগৰিকৰ বৈধ ড্ৰাইভিং লাইচেন্স থাকিব তেওঁলোকে দেশখনত আইডিপিৰ অৰ্থে আবেদন কৰাৰ সময়ত মেডিকেল চাৰ্টিফিকেট আৰু বৈধ ভিছাৰ প্ৰয়োজনীয়তা নাথাকিব।

অধিসূচনা জাৰিৰ ৩০ দিনৰ ভিতৰত মতামত/পৰামৰ্শ প্ৰেৰণৰ ঠিকনা হৈছেঃ যুটীয়া সঞ্চালক (MVL,IT & Toll), ইমেইলঃ jspb-morth[at]gov[dot]in, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, পৰিবহণ ভৱন, সংসদ মাৰ্গ, নতুন দিল্লী -১১০ ০০১।

 

 

 

******************

RCJ/MS/SB


(ৰিলিজ আই ডি : 1663461) অতিথি কক্ষ : 177