হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

হিমাচল প্ৰদেশত ৩২টা আমৰুট প্ৰকল্পৰ কাম সম্পন্ন হৈছে, ৪১টা প্ৰকল্পৰ কাম চলি আছে

উত্তৰাখণ্ডত ৪৭টা প্ৰকল্পৰ কাম সম্পূর্ণ হৈছে আৰু ১০০টা প্ৰকল্পৰ কাম চলি আছে

হিমাচল প্ৰদেশত ১৩,০০৩টা লক্ষ্য নিৰ্ধাৰণৰ বিপৰীতে ১৭,৬৩০টা নতুন ঘৰত নলৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে

হিমাচল প্ৰদেশত নিষ্কাষণ ব্যৱস্থাৰ সংযোগৰ লক্ষ্য ২৩,০০৬ৰ বিপৰীতে ২৬,০৩৪টা নিষ্কাষণ ব্যৱস্থাৰ সংযোগ কৰা সম্ভৱ হৈছে

এল ই ডি ষ্ট্ৰীট লাইট সংস্থাপনৰ লক্ষ্য ৯,৬২১ৰ বিপৰীতে ১২,১৮৬টা এল ই ডি লাইট লগোৱা হৈছে

দুয়োখন ৰাজ্যৰ চহৰসমূহত অ’ বি পি এছ কার্যকৰী কৰা হৈছে

দুয়োখন ৰাজ্যৰ সকলো মিচন চহত ক্ৰেডিট ৰেটিঙৰ কাম সম্পূৰ্ণ কৰা হৈছে

হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ নগৰীয়া মিচনৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা

Posted On: 09 OCT 2020 12:51PM by PIB Guwahati

কেন্দ্রীয় আৱাস আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ সচিব শ্রী দূর্গা শংকৰ মিশ্ৰই হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যসচিব, প্ৰধান সচিব আৰু উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ দুয়োখন ৰাজ্যৰ আমৰুট মিচনৰ কাম সঠিক সময়ত সম্পূর্ণ হোৱাৰ বাবে সন্তোষ প্ৰকাশ কৰে৷ এই প্ৰকল্পৰ অধীনত যিবোৰ কাম এতিয়াও চলি আছে সেইবোৰ দ্রুতগতিত শেষ কৰিবলৈ তেওঁ অনুৰোধ জনায়৷ ইয়াৰ জৰিয়তে সাধাৰন জনতাই আৰু ক্ষিপ্ৰতাৰে সেৱা লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে৷ মিশ্ৰ কয় যে ২০২১ৰ ৩১ মার্চৰ ভিতৰত সকলো প্ৰকল্পৰ কাম সম্পূর্ণ কৰিলে, এই দুখন পার্বত্য ৰাজ্য ৯০% কেন্দ্রীয় সাহায্য লাভ কৰাৰ সম্ভাৱনা আছে৷ বৈঠকত জনোৱা মতে হিমাচল প্ৰদেশত ৩২টা প্ৰকল্পৰ কাম সম্পূর্ণ হৈছে আৰু ৪১টা প্ৰকল্পৰ কাম প্রায় শেষৰ হোৱাৰ পথত অগ্ৰসৰ হৈছে৷ ইফালে, উত্তৰাখণ্ডত ৫৯৩ কোটি টকাৰ ১৫১ টা প্ৰকল্প ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰে ভিতৰত ৪৭টা প্ৰকল্পৰ কাম সম্পূর্ণ হৈছে আৰু ১০০ টা প্ৰকল্পৰ কাম চলি আছে৷

ৰাষ্ট্ৰীয় পৰ্যায়ত আমৰুট মিচনৰ কামৰ নিৰিখত হিমাচল প্ৰদেশ পঞ্চদশ আৰু উত্তৰাখণ্ড ২৪তম স্থানত আছে বুলি অৱগত কৰা হয়৷ মিশ্ৰই ৰাজ্যসমূহৰ কামৰ প্ৰশংসা কৰি কয় যে তেওঁলোকে কামৰ গতি আৰু অধিক ত্বৰান্বিত কৰি প্ৰথম ১০খন ৰাজ্যৰ ভিতৰত স্থান নিশ্চিত কৰিব লাগিব৷ হিমাচল প্ৰদেশত ১৭,৬৩০টা নতুন গৃহত নলৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে৷ ৰাজ্যখনত এই সংযোগৰ লক্ষ্য আছিল ১৩,০০৩। উত্তৰাখণ্ডত এতিয়ালৈকে ৩৬,৫৫৪টা গৃহত নতুন সংযোগ প্ৰদান কৰাটো সম্ভৱ হৈছে৷ সচিব মিশ্ৰই লগতে কয় যে এই নলৰ পানীৰ সংযোগ কাম যাতে নিম্নমানৰ নহয়, সেই ক্ষেত্ৰত দৃষ্টি দিবলৈ কয়৷

হিমাচল প্ৰদেশত নিষ্কাষণ ব্যৱস্থাৰ সংযোগৰ লক্ষ্য ২৩,০০৬টা নিৰ্ধাৰণ কৰা হৈছিল যদিও বৰ্তমানলৈকে ২৬,০৩৪টা নিষ্কাষণ ব্যৱস্থাৰ সংযোগ কৰা সম্ভৱ হৈছে৷ ইফালে, উত্তৰাখণ্ডত ২৪,৮১৮টা নতুন নিষ্কাষণ ব্যৱস্থাৰ সংযোগ স্থাপন কৰা হৈছে৷ হিমাচল প্ৰদেশত প্রায় ৫১,৭৯৩টা গৃহ বৰ্জিত সামগ্ৰীৰ শোধন ব্যৱস্থাপনাৰ অধীনলৈ অনা হৈছে৷ নির্দিষ্ট সময়ৰ ভিতৰত উত্তৰাখণ্ডক নিষ্কাষণ ব্যৱস্থাৰ কাম শেষ কৰাৰ পৰামর্শ আগবঢ়ায়৷ হয়৷
হিমাচল প্ৰদেশত ষ্ট্ৰীট লাইটসমূহ সাধাৰণ লাইটৰ পৰিৱর্তে এল ডি লাইট সংস্থাপনৰ লক্ষ্য ৯,৬২১টাৰ নিৰ্ধাৰণ কৰা হৈছিল যদিও বৰ্তমানলৈকে ১২,১৮৬টা এল ডি লাইট লগোৱা হৈছে৷ ইফালে, উত্তৰাখণ্ডত ৮২,৩৩৭টা লাইট লগোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও এতিয়ালৈকে ৭২,১৬৭টা লাইট সলনি কৰা হৈছে৷ সমগ্ৰ ৰাজ্যত ষ্ট্ৰীট লাইটৰ লগোৱাৰ কাম দ্রুতগতিত শেষ কৰাৰ বাবে দুয়োখন ৰাজ্যক নিৰ্দেশ দিয়ে৷

দুয়োখন ৰাজ্যই ইয়াৰ একাংশ নির্দিষ্ট চহৰত অ’বি পি এছ ব্যৱস্থাপনা আৰম্ভ কৰিছে। ৰাজ্যৰ সকলো চহৰতে এই ব্যৱস্থাপনা আৰম্ভ কৰাৰ ওপৰত জোৰ দিয়া হৈছে৷ দুয়োখন ৰাজ্যৰ নির্দিষ্ট চহৰত ক্রেডিট ৰেটিঙৰ কাম চলি আছে৷

হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডক জনায় যে মন্ত্ৰালয়ে ইতিমধ্যে এটা সাধাৰন ডেশ্ববোর্ড আৰম্ভ কৰিছে। ইয়াত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে গ্ৰহণ কৰা সকলো মিচনৰ তথ্য পোৱা যাব৷ এই ডেশ্ববোর্ড নিয়মীয়াকৈ চোৱাৰ বাবে আৰু যাৱতীয় তথ্য তাত উল্লেখ কৰিবলৈও অনুৰোধ জনায়৷

বৰষুণৰ পানী সংৰক্ষণঃ দুয়োখন ৰাজ্যক "বৰষুণৰ পানী সংৰক্ষণ প্ৰচাৰত সক্রিয় অংশগ্ৰহণৰ বাবেও আহ্বান জনোৱা হৈছে৷ সচিবগৰাকীকে কয় যে মন্ত্ৰালয়ে প্ৰতিটোপাল পানী সংৰক্ষণৰ ওপৰত বিশেষ জোৰ দিছে। বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত চহৰসমূহক দ্রুত প্ৰচাৰৰ প্ৰচেষ্টা ল’বলৈ কোৱা হৈছে৷

 

 

 

 

*****************

 

RJ/RP/DB



(Release ID: 1663344) Visitor Counter : 152