গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

শ্ৰী ৰাম বিলাস পাছোৱানৰ বিয়োগত উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ত শোকসভা

प्रविष्टि तिथि: 09 OCT 2020 5:26PM by PIB Guwahati

উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ সকলো বিষয়া-কৰ্মচাৰীয়ে শ্ৰী ৰাম বিলাস পাছোৱানৰ বিয়োগত নতুন দিল্লীৰ কৃষি ভৱনত এক শোকসভা অনুষ্ঠিত কৰে৷ শোকসভাত উপভোক্তা পৰিক্ৰমাৰ সচিব শ্ৰীমতী লীনা টেণ্ডন, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব শ্ৰী শুধাংশু পাণ্ডেৰ লগতে মন্ত্ৰালয়ৰ সকলো জ্যেষ্ঠ বিষয়া উপস্থিত থাকি উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী হিচাপে শ্ৰী ৰাম বিলাস পাছোৱানৰ অৱদানক স্মৰণ কৰে৷ সকলো বিষয়াই বিদেহ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে৷

উল্লেখ্য যে ৮ অক্টোবৰ, ২০২০ত নতুন দিল্লীত উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰাম বিলাস পাছোৱানৰ দেহাৱসান হৈছিল

****

APS/SG/DB


(रिलीज़ आईडी: 1663339) आगंतुक पटल : 99
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Tamil , Telugu