যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

৯-১৫ অক্টোবৰলৈ ৰাষ্ট্ৰীয় ডাক সপ্তাহ উদযাপন ইণ্ডিয়া পোষ্টৰ

Posted On: 09 OCT 2020 5:24PM by PIB Guwahati

ইণ্ডিয়া পোষ্টে প্ৰতি বছৰৰ দৰে এইবছৰো ৯ অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় ডাক সপ্তাহ উদযাপন আৰম্ভ কৰিছে। ১৮৭৪ চনৰ ৯ অক্টোবৰত বাৰ্ন চহৰত ইউনিভাৰ্ছেল পোষ্টেল ইউনিয়ন গঠিত হৈছিল। সেই দিনটো স্মৰণ কৰি প্ৰতি বছৰৰ ৯ অক্টোবৰত আন্তৰ্জাতিক ডাক দিৱস পালন কৰা হয়। ডাক বিভাগৰ বিষয়ে জনসাধাৰণকে সচেতন কৰে তুলিবলৈ, দেশৰ আৰ্থ-সামাজিক উন্নয়নত ডাক বিভাগৰ অবদান সম্পৰ্কে জনাবলৈ আন্তৰ্জাতিক ডাক দিৱস উদযাপন কৰা হয়। ডাক বিভাগে এই দিনটোৰ সৈতে সামঞ্জস্য ৰাখি ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন কৰে।

এই উপলক্ষে ৯ অক্টোবৰত আন্তৰ্জাতিক ডাক দিৱস পালন কৰা হৈছে। আনহাতে ১০ তাৰিখে বেংকিং দিৱস, ১২ তাৰিখে পিএলআই দিৱস অৰ্থাৎ ডাক জীবন বীমা দিৱস পালন কৰা হ’ব। ১৩ তাৰিখে ফিলাটেলি দিৱস পালনৰ যোগেদি ডাক টিকট সম্পৰ্কীয় বিভিন্ন তথ্য তুলি ধৰা হ’ব। সেইদিনটোত নেশ্যনেল ফিলাটেলি মিউজিয়ামত বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

১৪ তাৰিখে বাণিজ্য উন্নয়ন দিৱস বা বিজনেছ ডেভেলপমেন্ট ডে আৰু ১৫ তাৰিখে মেইল ডে পালন কৰা হ’ব। এইবছৰ মেইল ডে-ত ক’ভিড-১৯ৰ পৰিস্থিতিত ডাক কৰ্মীসকলে কিদৰে চিঠি-পত্ৰ আদান-প্ৰদান কৰিছে সেই বিষয়ে জনোৱা হ’ব।

 

 

 

************

 

RCJ/M/RD



(Release ID: 1663336) Visitor Counter : 138