প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতীয় বৈদেশিক সেৱা দিৱসত দেশৰ বৈদেশিক সেৱা বিষয়াসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 09 OCT 2020 11:36AM by PIB Guwahati

ভাৰতীয় বৈদেশিক সেৱা দিৱস উপলক্ষে দেশৰ বৈদেশিক সেৱা বিষয়াসকললৈ আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনায়।

আজি এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “সকলো ভাৰতীয় বৈদেশিক সেৱা বিষয়াসকললৈ আজি আইএফএছ দিৱসৰ বহু বহু শুভেচ্ছা জনাইছো। দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত, ৰাষ্ট্ৰীয় কল্যাণক সমূখত ৰাখি তেওঁলোকে যিদৰে কাম কৰি আহিছে সেয়া বিশ্বৰ সকলো স্থানতে প্ৰসংশাৰ যোগ্য। বন্দে ভাৰত মিছন আৰু অন্যান্য ক’ভিড সংক্ৰান্তীয় ক্ষেত্ৰত আমাৰ দেশৰ লগতে আন দেশৰ জনসাধাৰণক যিদৰে তেওঁলোকে সহায় আগবঢ়াই আহিছে সেয়া নিসন্দেহে প্ৰসংশনীয়।"

 

***

VRRK/SH/RD


(रिलीज़ आईडी: 1663063) आगंतुक पटल : 201
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam