পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

এছএআৰডিপি-এনই সম্পৰ্কীয় কামৰ বাবে পুঁজিৰ আবন্টন বৃদ্ধি পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ

Posted On: 08 OCT 2020 12:39PM by PIB Guwahati

চলিত বিত্তীয় বৰ্ষটোত স্পেচিয়েল এচিলাৰেটেড ৰোড ডেভলপমেন্ট প্ৰগ্ৰেম ইন নৰ্থ ইষ্টাৰ্ণ এৰিয়া (SARDP-NE)ৰ অধীনত এই সম্পৰ্কীয় কামৰ ব্যয়ৰ অৰ্থে পুঁজিৰ আবন্টন বৃদ্ধি কৰিছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে। উক্ত সংশোধিত আবন্টনৰ অধীনত, প্ৰকৃত আবন্টনৰ প্ৰায় দুগুণ পুঁজিত অনুমোদন জনোৱা হৈছে। ২০২০-২১ ৰ সময়ছোৱাত ৰাষ্ট্ৰীয় বিনিয়োগ পুঁজিৰপৰা পূৰ্বে ৩৯০ কোটি টকা ব্যয়ৰ বিবেচনাৰ বিপৰীতে, একে সময়ৰ বাবে মুঠ ৭৬০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰে, অৰুণাচল প্ৰদেশৰ বাবে বিশেষভাৱে ৩০০ কোটি টকাৰ পেকেজ ৰখা যায়।

ইয়াৰোপৰি, যোৱা পাঁচ বছৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহলৈ ১০% মেণ্ডেটৰী পুল ফাণ্ডৰ অধীনত আবন্টন লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। ২০১৬-১৭ বৰ্ষত আবন্টন দিয়া হয় ৪,৫২০ কোটি টকা, ২০১৭-১৮ বৰ্ষৰ বাবে ৫,২৬৫ কোটি টকা, ২০১৮-১৯ বৰ্ষৰ বাবে ৬,২১০ কোটি টকা, ২০১৯-২০ বৰ্ষৰ বাবে ৬,০৭০ কোটি টকা আৰু ২০২০-২১ বৰ্ষৰ বাবে ৬,৭৮০ কোটি টকা উল্লেখিত পুঁজিৰ অধীনত আবন্টন দিয়া হয়।

উত্তৰ পূৰ্বাঞ্চলত স্পেচিয়েল এচিলাৰেটেড ৰোড ডেভলপমেন্ট প্ৰগ্ৰেম ইন নৰ্থ ইষ্টাৰ্ণ এৰিয়া (SARDP-NE)ৰ অধীনত ভাৰত চৰকাৰে বিস্তৃত পথ উন্নয়ন কাৰ্যসূচী গ্ৰহণ কৰিছে। স্পেচিয়েল এচিলাৰেটেড ৰোড ডেভলপমেন্ট প্ৰগ্ৰেম ইন নৰ্থ ইষ্টাৰ্ণ এৰিয়া (SARDP-NE)ৰ (পৰ্যায়-এ আৰু অৰুণাচল প্ৰদেশ) অধীনত, প্ৰায় ৩০,৪৫০ কোটি টকা নিৰ্ধাৰিত ব্যয়সাপেক্ষে উন্নয়নৰ বাবে ৬৪১৮ কিঃমিঃ (৫৯৯৮ কিঃমিঃ প্ৰকৃত ডিজাইন দৈৰ্ঘ্য) ইতিমধ্যে চিনাক্ত কৰা হৈছে, ইয়াৰে ৩৩৫৬ কিঃমিঃ সম্পূৰ্ণ হৈ উঠিছে আৰু ১৯৬১ কিঃমিঃ নিৰ্মীয়মান অৱস্থাত আছে।

***

RCJ/MS/SB



(Release ID: 1662942) Visitor Counter : 110