আয়ুষ
অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানে আয়ুৰ্বেদিক অনুসন্ধানৰ বাবে এমিটী বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তিত চহী কৰে
Posted On:
08 OCT 2020 12:08PM by PIB Guwahati
আয়ুস মন্ত্ৰালয়ৰ স্বাস্থ্য সেৱাৰ আয়ুস প্ৰণালীক উৎসাহিত কৰিবলৈ আৰু তাৰ বিকাশৰ বাবে ভাগিদাৰী কৰিবৰ বাবে আয়ুস মন্ত্ৰালয়ৰ নীতি আগুৱাই নি এই মন্ত্ৰালয়ৰ অধীনস্থ অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান (এ আই আই এ), নতুন দিল্লীয়ে ০৭ অক্টোবৰ, ২০২০ত এমিটী বিশ্ববিদ্যালয়ৰ সৈতে এক বুজাবুজি চুক্তিত চহী কৰে। এই বুজাবুজি চুক্তিত আয়ুৰ্বেদিক বিজ্ঞানত অনুসন্ধানক উৎসাহিত কৰাৰ ওপৰত মনোযোগ দিয়া হৈছে।
এই প্ৰতিষ্ঠানৰ বুজাবুজি এমিটী ইনষ্টিটিউট অফ ইণ্ডিয়ান ছিষ্টেম অফ মেডিচিনৰ সৈতে হয়, যাৰ স্থাপন ২০১৮ত এমিটী বিশ্ববিদ্যালয়ৰ দ্বাৰা ভাৰতীয় চিকিৎসা পদ্ধতিৰ বৰ্ধিত গুৰুত্বক মান্যতা দিবৰ বাবে কৰা হৈছিল। এই বুজাবুজিত আয়ুৰ্বেদিক ঔষধৰ গুণ আৰু মানকীকৰণৰ লগতে প্ৰাকৃতিক উৎপাদন ৰসায়ন বিজ্ঞান আৰু ফাৰ্মাচীত পি এইচ ডি কাৰ্যক্ৰমত সহযোগিতাৰ ধাৰণা কৰা হৈছে। ইয়াত ফাৰ্মাচিউটিকছ, ফাৰ্মাক'ডাইনামিকছ আৰু ফাৰ্মাক'কাইনেটিকছত অধ্যয়নৰ সহযোগিতাৰ সম্ভাব্য ক্ষেত্ৰৰ ৰূপত চিনাক্ত কৰা হৈছে। এই বুজাবুজিয়ে সংযুক্ত পৰিকল্পনা আৰু প্ৰকাশনকো উৎসাহিত কৰিব।
এই বুজাপৰাৰ জৰিয়তে আয়ুৰ্বেদত কিছু অত্যাধুনিক অনুসন্ধানৰ লগতে বিশ্ব স্তৰত আয়ুৰ্বেদিক বিজ্ঞানৰ সৈতে জড়িত জ্ঞানক উৎসাহিত কৰা আৰু তাৰ প্ৰচাৰ কৰাৰ ভাল পৰিণতি পোৱা যাব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত আধুনিক বিজ্ঞানৰ সৈতে পৰম্পৰাগত জ্ঞানৰ একীকৰণ কৰা আৰু আয়ুৰ্বেদ অনুসন্ধানত নতুন পৰিসৰ সংযোগ কৰাত সহায়ক হ'ব।
আয়ুস মন্ত্ৰালয়ে বৰ্তমানৰ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বৈশ্বিক স্তৰত চিকিৎসাৰ ভাৰতীয় পদ্ধতি আৰম্ভ কৰা আৰু ইয়াক উৎসাহিত কৰাৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা পালন কৰি আহিছে। আয়ুৰ্বেদে ৰোগ প্ৰতিৰোধী সমাধান উপলব্ধ কৰি এক নজিৰ সৃষ্টি কৰিছে। এই সমাধানসমূহৰ উপযোগিতা বৈজ্ঞানিক অধ্যয়নৰ মাধ্যমত স্থাপিত হৈছে। মন্ত্ৰালয়ে জনতাৰ মাজত উপলব্ধ আয়ুস স্বাস্থ্য সমাধানৰ গভীৰতা আৰু তাৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে নিজৰ দৰে চিন্তা কৰা হিতধাৰক প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্ব কৰাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিছে। মন্ত্ৰালয়ে আয়ুৰ্বেদ ক্ষেত্ৰত সম্পদৰ প্ৰভাৱ বঢ়াবলৈ ৰণনীতিৰ ৰূপত সাৰ্বজনীন-ব্যক্তিগত অংশীদাৰিত্ব (পি পি পি)কো উৎসাহিত কৰিছে। বৰ্তমানৰ বুজাবুজি এই দৃষ্টিভংগীৰে পৰিণতি।
দুয়োটা প্ৰতিষ্ঠানে জ্ঞান আৰু প্ৰক্ৰিয়াসমূহ বিকশিত কৰিবৰ বাবে একেলগ হৈ কাম কৰিব, যাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা প্ৰণালীত ব্যৱহাৰ কৰা হ'ব আৰু ই জনসংখ্যা অনুসৰি প্ৰাসংগিক হ'ব।
******
MV/SK
(Release ID: 1662919)
Visitor Counter : 202