স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

মধ্য প্ৰদেশৰ ৰে’ৱাৰ ‘শ্যাম শ্বাহ চৰকাৰী চিকিত্সা মহাবিদ্যালয়’ত সংযোজন কৰা ‘ছুপাৰ স্পেচিয়েলিটী ব্লক’ৰ ‘ডিজিটেল’ মাধ্যমেৰে শুভাৰম্ভ কৰিলে ড০ হৰ্ষ বৰ্দ্ধনে

ইয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৃষ্টি সম্পন্ন নিৰ্দেশনাৰ আধাৰত প্ৰয়াত প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোন দিঠকত পৰিণত কৰিব : ড০ বৰ্দ্ধন

Posted On: 07 OCT 2020 5:21PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে আজি মধ্য প্ৰদেশৰ ৰেৱাৰ শ্যাম শ্বাহ চৰকাৰী চিকিত্সা মহাবিদ্যালয়ত সংযোজন কৰা এটা ছুপাৰ স্পেচিয়েলিটী ব্লকডিজিটেল মাধ্যমেৰে শুভাৰম্ভ ঘোষণা কৰে। উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবে, মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান উপস্থিত থাকে।

ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা(পিএমএছএছওৱাই)ৰ অধীনত ১৫০ কোটি টকাৰ বিনিয়োগৰে ২০০খন বিচনাযুক্ত এই ছুপাৰ স্পেচিয়েলিটী ব্লকটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা হৈছে। ব্লকটোত নিউৰলজী, নিউৰছাৰ্জাৰী, নেফ্ৰলজী, ইউৰলজী, কাৰ্ডিঅলজী, চিটিভিএছ, নিঅনেটলজী আৰু পালমনেৰী মিডিচিন আদি বিভাগ সংযোজিত কৰা হৈছে। তদুপৰি ব্লকটোত ৬টা মডুলাৰ অস্ত্ৰোপচাৰ কক্ষ, ২০০খন ছুপাৰ স্পেচিয়েলিটী বিছনা, ৩০খন আইচিইউ বিছনা আৰু ৮টা ভেণ্টিলেটৰ সংস্থাপিত কৰা হব। এইসমূহ সা-সুবিধা সম্বলিত ব্লকটোত ১৪গৰাকী স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণো প্ৰদান কৰিব পৰা যাব।

ব্লকটোৰ শুভ উদ্বোধন কৰি দিয়া ভাষণত স্বাস্থ্য মন্ত্ৰী ড০ বৰ্দ্ধনে ৰেৱাৰ লগতে সামগ্ৰীক ভাবে মধ্য প্ৰদেশৰ জনসাধৰণক অভিনন্দন জ্ঞাপন কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে এনেধৰণৰ প্ৰকল্পসমূহৰ বাস্তৱায়নে চিকিত্সাসেৱা খণ্ডত ভাৰতক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব। ২০০৩ চনত তদানীন্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীয়ে প্ৰদান কৰা স্বাধীনতা দিৱসৰ ভাষণৰ স্মৃতিচাৰণ কৰি ড০ বৰ্দ্ধনে কয় যে সেই তেতিয়াই প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত ৬খন এইমছ সদৃশ চিকিত্সালয় স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৃষ্টি সম্পন্ন নিৰ্দেশনাৰ আধাৰত বৰ্তমানৰ চৰকাৰে প্ৰয়াত প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোন দিঠকত পৰিণত কৰিছে বুলিও মন্তব্য কৰে ড০ বৰ্দ্ধনে।

অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব শ্ৰী সুনীল শৰ্মা, মধ্য প্ৰদেশ চৰকাৰৰ চিকিত্সা শিক্ষা, গেছ ট্ৰেজেদী সাহায্য তথা পুনৰসংস্থাপন বিভাগৰ মন্ত্ৰী শ্ৰী বিশ্বাস সাৰংগ, ৰাজ্যসভাৰ সাংসদ শ্ৰী ৰাজমণি পেটেল, ৰেৱা লোকসভা সমষ্টিৰ সাংসদ জনাৰ্দ্দন মিশ্ৰৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

****

MV/SJ/KB



(Release ID: 1662469) Visitor Counter : 126