ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

ৰেইজ ২০২০-কৃত্রিম বুদ্ধিমত্তা সন্দৰ্ভত ৫ দিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিলে প্ৰধানমন্ত্রীয়ে

৫-৯ অক্টোবৰলৈ চলিবলগীয়া বিশাল ডিজিটেল সন্মিলনত ১৪০খন দেশৰ ৬১,০০০তকৈ অধিক লোকে অংশগ্ৰহণ কৰিব

Posted On: 06 OCT 2020 10:13AM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে কালিসামাজিক সবলীকৰণৰ বাবে দায়বদ্ধতা, ২০২০চমুকৈ ৰেইজ-২০২০ উদ্বোধন কৰে৷ উদ্বোধনী অনুষ্ঠানত কেন্দ্রীয় তথ্য প্ৰযুক্তি, যোগাযোগ, বৈদ্যুতিন, আইন আৰু ন্যায় মন্ত্রী শ্রী ৰবিশংকৰ প্ৰসাদ, পদ্মভূষণেৰে বিভূষিত তথা মার্কিন ৰাষ্ট্ৰপতিৰ তথ্য প্ৰযুক্তি উপদেষ্টা কমিটীৰ প্রাক্তন সহ অধ্যাপক ৰ’জ ৰেড্ডি, ৰিলায়েন্স ইণ্ডাষ্ট্ৰী লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী, আইবিএম ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ অৰৱিন্দ কৃষ্ণা, নিটী আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত, তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব অজয় প্ৰকাশ সাহানি উপস্থিত থাকে৷ অক্টোবৰলৈকে চলিবলগীয়া এই সন্মিলনত ৪৫টা অধিৱেশন অনুষ্ঠিত হ’ব আৰু ইয়াত তিনি শতাধিক শিক্ষাবিদ, উদ্যোগপতি আৰু চৰকাৰী প্ৰতিনিধিয়ে বক্তব্য আগবঢ়াব৷

অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত প্ৰধানমন্ত্রীয়ে কয় যে ইতিহাসৰ প্ৰতিটো পদক্ষেপত ভাৰতে জ্ঞান আৰু শিক্ষাৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দি আহিছে৷ আজিৰ তথ্য প্ৰযুক্তিৰ যুগতো ভাৰতে ৰিসীম অৱদান আগবঢ়াইছে। ভাৰতক বিশ্বৰ কৃত্রিম বুদ্ধিমত্তাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্রীয়ে কয়,ভাৰত বিশ্বৰ তথ্য প্ৰযুক্তি সেৱা শক্তিশালী কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে। আমি ডিজিটেল কর্ষতা বৃদ্ধিত তথা বিশ্বক সমৃদ্ধিশালী কৰি তুলিবৈল প্ৰচেষ্টা অব্যাহত ৰাখিছো৷ ভাৰত যাতে কৃত্রিম বুদ্ধিমত্তাৰ এক আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হৈ উঠে, সেয়া আমি সকলোৱে বিচাৰো৷ বহু ভাৰতীয়ই ইতিমধ্যে এই ক্ষেত্রত কাম কৰিছে৷ মই আশা কৰো অনাগত দিনত এই ক্ষেত্রত আৰু কাম হ’ব৷ আমি সামূহিক প্ৰয়াস, আস্থা, সহযোগিতা, দায়বদ্ধতা আৰু অন্তর্ভুক্তিমূলক নীতি গ্ৰহণৰ দৃষ্টিভংগীৰ ফলত সেই পথতে আগুৱাই গৈছো৷

প্ৰধানমন্ত্ৰীয়ে কয়,কৃত্রিম বুদ্ধিমত্তাৰ বিষয়ত ভাৰতত ৰাষ্ট্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সামাজিক সমস্যাৰ সমাধানত এই কৃত্রিম বুদ্ধিমত্তা সঠিক ব্যৱহাৰ হোৱা উচিত৷প্ৰধানমন্ত্রীয়ে কয় যে আমি এইটো স্বীকাৰ কৰিব লাগিব যে মানুহৰ বুদ্ধি সদায় কৃত্রিম বুদ্ধিমত্তাৰ পৰা বহু আগুৱাই থাকে। তেওঁ কয়আমি যেতিয়া কৃত্রিম বু্দ্ধিমত্তাক লৈ আলোচনা কৰো, তেতিয়া আমাৰ সন্দেহ নাই যে মানুহৰ সৃজনীশীলতা আৰু মানৱীয় অনুভূতি সর্বশক্তিমান হিচাপে বিৰাজমান হৈছে। যন্ত্রৰ তুলনাত এই ক্ষমতা বহু বেছি৷ মানুহৰ চিন্তাধাৰাক বাদ দি মানৱজাতিৰ সমস্যাৰ সমাধান কৰাটো অসম্ভৱ৷ এই ক্ষেত্রত কৃত্রিম বুদ্ধিমত্তাৰো প্ৰয়োজন আছে।

অনুষ্ঠানত মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে দেশত কৃত্রিম বুদ্ধিমত্তা বিষয়ত ক্ষমতা বিকাশৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷ তেওঁ কয় যে চৰকাৰে উন্নত মানৰ কৃত্রিম বুদ্ধিমত্তা বিষয়ত কেন্দ্ৰ স্থাপন কৰিছে। ইয়াত দেশৰ যুৱক-যুৱতীসকল প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। অনাগত দিনত ভাৰতক কৃত্রিম বুদ্ধিমত্তাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ সকলো প্ৰচেষ্টা হাতত লোৱা হ’ব বুলি তেওঁ সদৰি কৰে৷

***

RCJ/M/DB



(Release ID: 1662217) Visitor Counter : 184