যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে উত্তৰ প্ৰদেশৰ বক্সাৰ সুনীল চৌহান আৰু আৰ্চাৰ নীৰজ চৌহানক সহায় কৰিবলৈ ৫লাখকৈ টকাৰ অনুমোদন জনাইছে

পোষ্ট কৰা হৈছে: 06 OCT 2020 6:17PM by PIB Guwahati

উত্তৰ প্ৰদেশৰ বক্সাৰ সুনীল চৌহান আৰু তেওঁৰ ভাতৃ আৰ্চাৰ নীৰজ চৌহানক সহায়ৰ হাত আগবঢ়াবলৈ আগুৱাই আহিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়। তেওঁলোকৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী পিতৃয়ে মহামাৰীৰ বাবে চাকৰি হেৰুওৱাত পৰিয়ালটো আৰ্থিক দূৰাৱস্থাৰ সন্মুখীন হয় আৰু পেটৰ ভাতমুঠিৰ বাবে পাঁচলি বিক্ৰী কৰিবলগীয়া হয়।

বিষয়টো গুৰুত্ব সহকাৰে লৈ তথা পৰিয়ালটোৰ বিত্তীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে পণ্ডিত দীনদয়াল উপাধ্যায় ৰাষ্ট্ৰীয় কল্যাণ ফাণ্ডৰ পৰা খেলুৱৈ দুগৰাকীলৈ ৫লাখকৈ টকাৰ আৰ্থিক সাহায্যৰ অনুমোদন জনাইছে।

উল্লেখ্য যে, নীৰজ চৌহানে ২০১৮ত ছিনিয়ৰ আৰ্চাৰী চেম্পিয়নশ্বিপত ৫০মিটাৰত ৰূপৰ পদক আৰু ২০২০ত অনুষ্ঠিত ৬৫সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত এটা পদক অৰ্জন কৰিছিল। একেদৰে, তেওঁৰ ভাতৃ সুনীল চৌহান এগৰাকী বক্সাৰ আৰু তেওঁ ২০২০ৰ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটী গেমছত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

আৰ্থিক সাহায্য সন্দৰ্ভত বক্সাৰ সুনীল চৌহানে কয় যে তেওঁ এই সংবাদ লাভ কৰি শিহৰিত অনুভৱ কৰিছে। আৰ্থিক সহায়ে মোক আৰু মোৰ পৰিয়ালটোক বৃহৎ সহাক প্ৰদান কৰিছে। বিপদৰ সময়ত এই সহায়ৰ বাবে আমি ক্ৰীড়ামন্ত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।-বক্সাৰগৰাকীয়ে কয়।

উল্লেখ্য যে, আৰ্থিক দূৰাৱস্থাৰ সন্মুখীন হোৱা যিকোনো ক্ৰীড়াবিদে সাহায্যৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ৰ ৱেবছাইটৰ জৰিয়তে আবেদন জনাব পাৰে অথবা myasoffice[at]gmail[dot]comত যোগাযোগ কৰিব পাৰে।

*****

NB/OJA/UD/MS


(ৰিলিজ আই ডি : 1662211) অতিথি কক্ষ : 113
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Tamil