সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়

কৃষি ভিত্তিক ভাৰতবৰ্ষ এতিয়া কৃষক কল্যাণ কেন্দ্ৰিক দেশৰ পথেৰে আগবাঢ়িছে, য’ত কৃষকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে সন্মান আৰু নিজৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিছেঃ মুখতাৰ আব্বাছ নকভী

‘এক দেশ, এক বজাৰ’ৰ সপোন সাৰ্থক কৰা হ’বঃ মুখতাৰ আব্বাছ নকভী

प्रविष्टि तिथि: 05 OCT 2020 3:15PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মুখতাৰ আব্বাছ নকভীয়ে আজি কয় যে কৃষি ভিত্তিক ভাৰতবৰ্ষ এতিয়া কৃষক কল্যাণ কেন্দ্ৰিক দেশৰ পথেৰে আগবাঢ়িছে, যত কৃষকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে সন্মান আৰু নিজৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিছে। উত্তৰ প্ৰদেশৰ মোৰদাবাদস্থিত লোধিপুৰত অনুষ্ঠিত কিষাণ চৌপালত কৃষকসকলক সম্বোধন কৰি শ্ৰী নকভীয়ে কয় যে কৃষকৰ উপাৰ্জন দুগুণ কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপে ব্ৰোকাৰ্ছ আৰু মধ্যভোগীসকলৰ আশংকা দুগুণে বৃদ্ধি কৰিছে।

শ্ৰী নকভীয়ে কয় যে চৰকাৰে প্ৰণয়ন কৰা কৃষি সংস্কাৰ আইনে দেশৰ কোটি কোটি কৃষকৰ জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই অনাটো নিশ্চিত। এই আইনে কৃষকসকলক মধ্যভোগীৰ হাতোৰাৰ পৰা উদ্ধাৰ কৰি তেওঁলোকক অৰ্থনৈতিকভাৱে সৱল কৰিব।

শ্ৰী নকভীয়ে কয় যে কৃষকৰ সমৃদ্ধিৰ বাবে চৰকাৰ সংকল্পবদ্ধ। কৃষকৰ সুখ-সমৃদ্ধি নিশ্চিত কৰাৰ দিশত কৃষি সংস্কাৰ আইন এক ঐতিহাসিক পদক্ষেপ। ই কৃষি খণ্ডক আধুনিক প্ৰযুক্তিৰ লাভালাভসমূহ উপলব্ধ কৰাব আৰু কৃষকসকল অধিক সৱল হব। নূন্যতম সমৰ্থন মূল্য আৰু চৰকাৰৰ ক্ৰয় প্ৰক্ৰিয়া পূৰ্বৰ দৰে বাহাল থাকিব।

এই আইনে কৃষকক নিজৰ উৎপাদিত সামগ্ৰী সংৰক্ষণ আৰু বিক্ৰীৰ বাবে মুক্ত কৰিব। আইনী সীমাবদ্ধতাৰ পৰা কৃষকসকল মুক্ত হব। কৃষকে এতিয়াৰে পৰা তেওঁলোকৰ উৎপাদিত সামগ্ৰী মেণ্ডিত নিৰ্দিষ্ট ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰাৰ প্ৰয়োজন নাই। কৃষকে চৰকাৰী মেণ্ডিৰ কৰৰ পৰাও মুক্ত হব। তিনিদিনৰ ভিতৰত কৃষকে নিজৰ ধন লাভ কৰিব। এইদৰে এক দেশ, এক বজাৰৰ সপোন সাৰ্থক হব।

শ্ৰী নকভীয়ে কয় যে দেশৰ গ্ৰামাঞ্চল আৰু কৃষকৰ কল্যাণৰ বাবে প্ৰধানমন্ত্ৰী মোদী সংকল্পবদ্ধ। যিকোনো মূল্যৰ বিনিময়ত চৰকাৰে কৃষকৰ অধিকাৰ সুৰক্ষিত কৰিব। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত এতিয়ালৈকে ৯২,০০০কোটিতকৈ অধিক টকা কৃষকক আগবঢ়োৱা হৈছে।

শ্ৰী নকভীয়ে লগতে উল্লেখ কৰে যে শ্ৰী নৰেন্দ্ৰ মোদীয়ে নূন্যতম সমৰ্থন মূল্যৰ ব্যৱস্থা পূৰ্বৰ দৰে অক্ষুন্ন থাকিব, কোনো পৰিৱৰ্তন নহব বুলি বাৰম্বাৰ কৈ আছে। অকল সেয়াই নহয়, বহু শস্যৰ এমএছপি বৃদ্ধি কৰা হৈছে।

*****

NB/KGS/(MoMA release)


(रिलीज़ आईडी: 1662044) आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Marathi , हिन्दी , English , Urdu , Bengali , Manipuri , Punjabi , Tamil , Telugu