গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

‘২০২০-২১ৰ খাৰিফ বিপণন কাল’ত ‘ন্যূনতম সমৰ্থন মূল্য’ৰ বিনিময়ত শস্যৰ সংগ্ৰহ প্ৰক্ৰিয়া অব্যাহত আছে

সকলো ৰাজ্যতে সুকলমে চলিছে ধানৰ সংগ্ৰহ, কেতবোৰ ৰাজ্যত দাইল আৰু তৈলবীজ সংগ্ৰহৰ অনুমোদনো লাভ কৰিব পৰা গৈছে

‘ন্যূনতম সমৰ্থন মূল্য’ত মগু আৰু শুকান নাৰিকলৰ সংগ্ৰহো আৰম্ভ হৈছে

Posted On: 05 OCT 2020 7:30PM by PIB Guwahati

২০২০-২১ বিত্তীয় বৰ্ষৰ খাৰিফ শস্য সংগ্ৰহৰ সময় ইতিমধ্যে আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বছৰটোৰ বাবে যোৱা বছৰৰৰ ‘ন্যূনতম সমৰ্থন মূল্য’ৰ হাৰত কৃষকসমাজৰ পৰা শস্য সংগ্ৰহ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

ধানখেতি হোৱা সকলো ৰাজ্যতে ধানৰ সংগ্ৰহৰ কাম সুকলমে চলিছে। -১০-২০২০ তাৰিখ পৰ্যন্ত দেশত সংগৃহীত ধানৰ মুঠ পৰিমাণ হ’ল ৮,০০,৩৮৯মেট্ৰিক টন। এই সংগ্ৰহৰ জৰিয়তে মুঠ ৬২,৫১৮ গৰাকী খেতিয়ক উপকৃত হৈছে আৰু এই প্ৰক্ৰিয়াত ‘ন্যূনতম সমৰ্থন মূল্য’ৰ হিচাপত ১,৫১১.১৩৫ কোটি টকাৰ বিনিময় হৈছে।

তদুপৰি, কেতবোৰ ৰাজ্যত দাইল আৰু তৈলবীজ সংগ্ৰহ কৰাৰ বাবেও অনুমোদন লাভ কৰিব পৰা গৈছে আৰু তামিল নাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগাণা, গুজৰাট আৰু হাৰিয়াণাৰ পৰা ২৮.৪০ লাখ মেট্ৰিক টন পৰিমাণৰ দাইল আৰু তৈলবীজ আৰু অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিল নাডু আৰু কেৰালাৰ পৰা ১.২৩ লাখ মেট্ৰিক টন শুকান নাৰিকল(বাৰমাহী শস্য) সংগৃহীত হৈছে। আনহাতে ‘মূল্য সমৰ্থিত আঁচনি’(পিএছএছ) অধীনত দাইল, তৈলবীজ আৰু শুকান নাৰিকল সংগ্ৰহৰ বাবে দেশৰ আন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ আধাৰত অনুমোদন দি থকা হৈছে যাতে শস্য কটাৰ পৰৱৰ্তি পৰিস্থিতিত বজাৰত সামগ্ৰীসমূহৰ দাম নিৰ্দ্ধাৰিত ন্যূনতম সমৰ্থন মূল্যতকৈ কমি গ’লেও কেন্দ্ৰীয় ন’ডেল এজেন্সীয়ে নিৰ্বাচিত কৰা সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংগ্ৰহকাৰী এজেন্সীৰ জৰিয়তে ‘ন্যূনতম সমৰ্থন মূল্য’তে পঞ্জীয়ণভুক্ত কৃষকৰ পৰা প্ৰত্যক্ষ ভাবে শস্য সংগ্ৰহ কৰিব পৰা যায়।

চৰকাৰে ইয়াৰ নডেল এজেন্সীসমূহৰ জৰিয়তে ৪-১০-২০২০ পৰ্যন্ত ৭৪ লাখ টকাৰ ন্যূনতম সমৰ্থন মূল্যৰ বিনিময়ত ১০৩.৪০ মেট্ৰিক টন মগু দাইল ক্ৰয় কৰিছে। ইয়াৰ দ্বাৰা তামিল নাডু আৰু হাৰিয়াণাৰ ৮৫গৰাকী কৃষক উপকৃত হৈছে। সেইদৰে ৫,০৮৯ মেট্ৰিক টন পৰিমাণৰ শুকান নাৰিকল সংগৃহীত হৈছে আৰু ইয়াৰ বাবে ৫২.৪০ কোটি টকাৰ ন্যূনতম সমৰ্থন মূল্য আদায় দিয়া হৈছে। ইয়াৰ ফলত কৰ্ণাটক, তামিল নাডুৰ ৩,৯৬১গৰাকী খেতিয়ক লাভান্বিত হৈছে।

ইফালে, কপাহ সংগ্ৰহৰ প্ৰক্ৰিয়াও যোৱা ১ অক্টোবৰ ২০২০ৰ পৰা আৰম্ভ হৈছে আৰু ৪ অক্টোবৰ পৰ্যন্ত ৪০.৮০ লাখ টকা পৰিমাণৰ ন্যূনতম সমৰ্থন মূল্যৰ বিনিময়ত ১৪৭ বেল্ছ কপাহ সংগৃহীত হৈছে। ইয়াৰ দ্বাৰা হাৰিয়াণাৰ ২৯গৰাকী খেতিয়ক উপকৃত হৈছে।

****

AP/MS/KB



(Release ID: 1661956) Visitor Counter : 129