ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

ৰেইজ, ২০২০ৰ ৩য় দিনা অংশগ্ৰহণ কৰিব এমআইটি, গুগল ৰিচাৰ্ছ ইণ্ডিয়া, আইবিএম ইণ্ডিয়া ও দক্ষিণ এছিয়া, বাৰ্কলে আৰু ৱৰ্ল্ড ইকনমিক ফৰামৰ প্ৰসিদ্ধ বিশেষজ্ঞই

৭ অক্টোবৰত কৃত্ৰিম বুদ্ধিমত্তা, এআই-ৰেডী ৱৰ্কফ’ৰ্ছৰ কাৰণে দক্ষতা নিৰ্মাণ, দায়বদ্ধ এআই যুগুতৰ অৰ্থে প্ৰয়োজনীয় গৱেষণাত বিশ্ব অংশীদাৰিত্বৰ লক্ষ্য সন্দৰ্ভত সমৰ্পিত সত্ৰৰ আয়োজন

“এআই ৰিচাৰ্ছ- লেব টু মাৰ্কেট” শীৰ্ষক বিশেষ সত্ৰ সম্বোধন কৰিব ভাৰত চৰকাৰৰ প্ৰধান বিজ্ঞান উপদেষ্টা অধ্যাপক বিজয় ৰাঘৱনে

ৰেইজ, ২০২০ত অংশগ্ৰহণৰ বাবে অদ্যপি ১২৩ খন দেশৰ ৩৫,০৩৪ ৰোধিক শিক্ষা ক্ষেত্ৰ, গৱেষণা উদ্যোগৰ আৰু চৰকাৰী প্ৰতিনিধিয়ে পঞ্জীয়ন কৰিছে

Posted On: 03 OCT 2020 11:15AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰদ্বাৰা উদ্বোধন হ’বলগীয়া ৰেইজ-২০২০ সন্মিলনত, এমআইটি, ইউএছএ ৰ কম্পিউটাৰ বিজ্ঞান আৰু এআই লেবৰ সঞ্চালক অধ্যাপক ডেনিয়েলা ৰুছ, গুগল ৰিচাৰ্ছ ইণ্ডিয়াত এআই ফৰ ছ’চিয়েল গুডৰ সঞ্চালক ডঃ মিলিন্দ টাম্বে, আইবিএম ইণ্ডিয়া আৰু দক্ষিণ এছিয়াৰ এমডি শ্ৰী সন্দীপ পেটেল, ইউচি বাৰ্কলেৰ কম্পিউটাৰ বিজ্ঞানী ডঃ জোনাথন ষ্টুয়াৰ্ট ৰাছেল আৰু ৱৰ্ল্ড ইকনমিক ফৰামত এআই মুৰব্বী শ্ৰীমতী অৰুণিমা সৰকাৰ তথা অন্যান্যসকলে সন্মিলনৰ তৃতীয় দিনা অৰ্থাৎ ৭ অক্টোবৰত অংশগ্ৰহণ কৰিব। ইলেকট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY) আৰু নিটি আয়োগে ৫-৯ অক্টোবৰ, ২০২০ত কৃত্ৰিম বুদ্ধিমত্তা (AI) সন্দৰ্ভত ৰেইজ ২০২০- ‘ৰেছপনছিবল এআই ফৰ ছ’চিয়েল এমপাৱাৰমেন্ট ২০২০’ বিশ্ব ভাৰ্চুৱেল সন্মিলন অনুষ্ঠিত কৰিছে।

অধ্যাপক ৰুছে কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত বিশ্ব অংশীদাৰিত্বৰ লক্ষ্য সন্দৰ্ভত ব্যক্ত কৰিব। উল্লেখযোগ্য যে ২০২০ৰ জুনত ইয়াত ভাৰতে প্ৰতিষ্ঠাপক সদস্য হিচাপে যোগদান কৰিছিল। ভাৰতৰ সৈতে যোগদান কৰা ৰাষ্ট্ৰসমূহ আছিল যুক্তৰাজ্য, আমেৰিকা, অষ্ট্ৰেলিয়া, কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, মেক্সিক’, জাপান, নিউজিলেণ্ড, কোৰিয়া আৰু ছিংগাপুৰ। এই সত্ৰখনিত তেওঁ ডঃ ৰাছেল আৰু শ্ৰীমতী সৰকাৰ তথা এআই ফাউণ্ড্ৰীৰ সহ-প্ৰতিষ্ঠাপক শ্ৰী উপাকান্ত ছনীৰ সৈতে অংশগ্ৰহণ কৰিব।

মাইক্ৰ’ছফ্টৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি বিষয়া ডঃ ৰোহিনী শ্ৰীবাৎস্যই এআই-ৰেডী ৱৰ্কফ’ৰ্ছৰ অৰ্থে দক্ষতা নিৰ্মাণ সন্দৰ্ভত এখনি সত্ৰ সম্বোধন কৰিব, ইয়াত তেওঁক সংগদান কৰিব ৱৰ্ল্ডৱাইড লাৰ্ণিং ফিল্ডৰ ভিপি শ্ৰীমতী লউৰা লংক’ৰ আৰু ফিউচাৰ স্কীল, NASSCOM ৰ মুৰব্বী শ্ৰীমতী কাৰ্তি চেথে।

দায়বদ্ধ এআই যুগুতৰ অৰ্থে প্ৰয়োজনীয় গৱেষণা সন্দৰ্ভত এখনি সত্ৰ সম্বোধন কৰিব ডঃ মিলিন্দ টাম্বেয়ে। বিকাশৰ অৰ্থে এআই ব্যৱহাৰৰ প্ৰত্যাহ্বান আৰু সুযোগ সন্দৰ্ভত এখনি সত্ৰ সম্বোধন কৰিব শ্ৰী সন্দীপ পেটেলে। ইয়াত, তেওঁক সহযোগিতা আগবঢ়াব ছাপ্লাই চেইন আৰু ই-কমাৰ্ছ বেষ্টছেলাৰ ইণ্ডিয়াৰ চিআইঅ’ শ্ৰী ৰঞ্জন শৰ্মা, মাৰুতি ছুজুকী ইণ্ডিয়াৰ এভিপি শ্ৰী তৰুণ আগৰৱালা, এপ’ল্ল’ হাস্পতালৰ চিআইঅ’ শ্ৰী অৰবিন্দ শিৱৰামাকৃষ্ণণ, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ডেপুটী এমডি শ্ৰী অনুপ মহাপাত্ৰ, আইবিএম গ্ল’ৱেল বিজনেছ ছাৰ্ভিছৰ জিএম শ্ৰীমতী লুলা মহান্তি আৰু চিঅ’অ’ৰ ইডি আৰু ফেডাৰেল বেংকৰ ৰিটেইলৰ বিজনেছ হেড শ্ৰীমতী শালিনী ৱাৰিয়াৰে।

সেইদিনাই তদুপৰি টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়াৰ অধ্যক্ষ আৰ.এছ. শৰ্মা আৰু চেন্টাৰ ফৰ দ্য ডিজিটেল ফিউচাৰৰ অধ্যক্ষ আৰ. চন্দ্ৰশেখৰৰ মাজত মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হ’ব। ইয়াত তেওঁলোকে এইআই ছলুচনৰ পৰিকল্পনা কৰিবলৈ যাওঁতে কেন্দ্ৰত মানৱ সম্পদৰ নিয়োগৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বাৰ্তালাপ কৰিব।

এআই ৰিচাৰ্ছ- লেব টু মাৰ্কেট শীৰ্ষক এখনি বিশেষ সত্ৰত সম্বোধন কৰিব ভাৰত চৰকাৰৰ প্ৰধান বিজ্ঞান উপদেষ্টা অধ্যাপক বিজয় ৰাঘৱনে। এই সত্ৰখনিত উপস্থিত থাকিব মাইক্ৰ’ছফ্ট ৰিচাৰ্ছ ইণ্ডিয়াৰ এমডি ডঃ শ্ৰীৰাম ৰাজামণি আৰু ইউআইইউচি, ইইএছএৰ গৱেষণা অধ্যাপক নৰেন্দ্ৰ আহুজাই।

উইছ ফাউণ্ডেশ্যন আৰু ৱাধৱানি এআইৰ প্ৰতিষ্ঠাপক-পৃষ্ঠপোষক ডঃ সুনীল ৱাধৱানিয়ে সংযোজিত হেল্থকেয়াৰৰ নিউ এজ আৰু অন্তিম জনলৈকে হেল্থকেয়াৰ আগবঢ়োৱা সন্দৰ্ভত এখনি সত্ৰ সম্বোধন কৰিব।

তেওঁৰ সৈতে সত্ৰখনিত ভাগ ল’ব ইন্টাৰনেশ্যনেস ডিজিটেল হেল্থ ও এআই ৰিচাৰ্ছ কলাবৰেটিভ (I-DAIR)ৰ চিইঅ’ আৰু প্ৰকল্প সঞ্চালক ডঃ অমনদ্বীপ গিল, নেশ্যনেল হেল্থ অথৰিটিৰ চিইঅ’ ডঃ ইন্দু ভূষণ আৰু এডব্লিউএছ ৰিচাৰ্ছৰ মূৰব্বী ডঃ সঞ্জয় পাধীয়ে।

এক্সপ্লেইনেবল এআই সন্দৰ্ভত এখনি সত্ৰত অংশগ্ৰহণ কৰিব এচেনটাৰ ৰেকন’ল’জি চেন্টাৰ ইন ইণ্ডিয়াৰ এমডি শ্ৰীমতী আৰতি দেউ আৰু লিংকডইনত এআইৰ মূৰব্বী ডঃ ৰুচি ভাটে। ইয়াৰ পূৰ্বে পুৰডু বিশ্ববিদ্যালয়ৰ অধ্যাপক কৌশিক ৰয়ে ব্ৰেইন ইনছপায়াৰড এআই সন্দৰ্ভত বক্তব্য প্ৰদান কৰিব।

ৰেইজ, ২০২০ত অংশগ্ৰহণৰ বাবে অদ্যপি ১২৩ খন দেশৰ ৩৫,০৩৪ ৰোধিক শিক্ষা ক্ষেত্ৰ, গৱেষণা উদ্যোগ আৰু চৰকাৰী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।

কৃষিৰপৰা ফাইন-টেকলৈকে আৰু হেল্থকেয়াৰৰপৰা আন্তঃগাঁথনিলৈকে, ভাৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত আগুৱাই গৈছে। ভাৰত বিশ্বখনৰ এআই লেবৰেটৰী হ’ব পাৰে আৰু সৱলীকৰণৰ যোগেদি বিস্তৃত উন্নয়ন আৰু বিকাশলৈ বৰঙণি যোগান ধৰিব পাৰে। ৰেইজ, ২০২০ সন্মিলন (http://raise2020.indiaai.gov.in/) খনিয়ে ডাটা-ৰিচ পৰিবেশ সৃষ্টিত সহায়ক হোৱাকৈ আলোচনা আৰু পৰিকল্পনা যুগুতৰ মঞ্চ হৈ উঠিব বুলি আশা কৰিব পাৰি, যিয়ে বিশ্বৰ জীৱন যাত্ৰাৰ ৰূপান্তৰ সাধনত সহায়ক হৈ উঠিব।

ৰেইজ, ২০২০ সন্দৰ্ভত:

ৰেইজ, ২০২০ হৈছে কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত প্ৰথমখনি বিশ্ব সন্মিলন। যাৰ জৰিয়তে সামাজিক ৰূপান্তৰসাধন, অন্তৰ্ভুক্তি আৰু সৱলীকৰণৰ অৰ্থে ভাৰতৰ লক্ষ্য নিৰ্ধাৰণ আৰু সেই মতে পৰিকল্পনা যুগুত কৰা হ’ব। ইলেকট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু নিটি আয়োগৰ সহযোগত ভাৰত চৰকাৰৰদ্বাৰা আয়োজিত এই কাৰ্যসূচীত, বিশ্ব উদ্যোগপতি, মূল মতামত প্ৰদানকাৰী, চৰকাৰী প্ৰতিনিধি আৰু শিক্ষাবিদসকলে অংশগ্ৰহণ কৰিব।

ৱেবচাইটঃ http://raise2020.indiaai.gov.in/

**********

RCJ/M/SB


(Release ID: 1661416) Visitor Counter : 139