বিত্ত মন্ত্ৰালয়

আৰু ২ খন ৰাজ্যই সফলতাৰে ৰূপায়ন কৰিলে সংস্কাৰ, অনুমতি লাভ কৰিলে অতিৰিক্ত ৭ হাজাৰ ৩৭৬ কোটি টকা ঋণগ্ৰহণৰ

Posted On: 02 OCT 2020 10:52AM by PIB Guwahati

বিত্ত মন্ত্ৰালয়ে গণ আবন্টন ব্যৱস্থা আৰু সহজে ব্যৱসায় কৰাৰ সুবিধাৰ বাবে সফলভাৱে সংস্কাৰ সাধন কৰিবলৈ আৰু ২ খন ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশক অতিৰিক্ত ঋণ গ্ৰহণৰ অনুমতি প্ৰদান কৰিছে। ইয়াৰ ফলত এই ২খন ৰাজ্যই অতিৰিক্ত ৭ হাজাৰ ৩৭৬ কোটি টকা লাভ কৰিব।

এক দেশ এক ৰেন কাৰ্ড ব্যৱস্থা ৰূপায়ণত গণ আবন্টন ব্যৱস্থাত সংস্কাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ হৈছে ষষ্ঠখন ৰাজ্য। ইয়াৰ ফলত এই ৰাজ্যই খোলা বজাৰৰ পৰা ৪ হাজাৰ ৮৫১ কোটি টকা ঋণ গ্ৰহণ কৰিব পাৰিব। এই ধনৰ দ্বাৰা ৰাজ্যই ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজৰ প্ৰয়োজনীয় অতিৰিক্ত ধনৰ ব্যবস্থা কৰিব পাৰিব।

এক দেশ এক ৰেচন কাৰ্ড ব্যৱস্থাই ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইন আৰু অন্যান্য কল্যাণমূলক কাৰ্যসূচীত সুবিধা লাভকৰোতাসকলৰ  বিশেষকৈ প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালসমূহক দেশৰ সুলভ মূল্যৰ দোকানবোৰত ৰেচন লাভ কৰাতো নিশ্চিত কৰে। ইয়াৰ ফলত আৰু ভালভাৱে সুবিধা লাভ কৰোতাসকলৰ কাষলৈ যায়। নকল ৰেচন কাৰ্ডধাৰীসকলক ইয়াৰ দ্বাৰা বাদ দিব পৰা যাব। ইয়াৰ ফলত এক দেশ এক ৰেচন কাৰ্ড কল্যাণ বৃদ্ধি পাইছে আৰু, অপচয় কমিছে।

আন্তঃৰাজ্যিক ৰেচন কাৰ্ড সুষ্ঠভাৱে ব্যৱহাৰ নিশ্চিত কৰিবলৈ সকলো ৰেচন কাৰ্ডৰ সৈতে আধাৰ সংযুক্তকৰণৰ সমান্তৰালকৈ সকলো সুলভ মূল্যৰ দোকানতে ইলেক্ট্ৰনিক পইন্ট অৱ চেল যন্ত্ৰ থকাটো প্ৰয়োজনীয়, যাতে হিতাধিকাৰীসকলৰ বায়’মেট্ৰিক পৰীক্ষা কৰিব পৰা যায়। খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰে ৰাজ্যসমূহৰ সংস্কাৰৰ দাবী পৰীক্ষা কৰি চায় আৰু তেওঁলোকৰ জিএছডিপিৰ ০.২৫ শতাংশ পৰ্যন্ত অতিৰিক্ত ঋণৰ ছুপাৰিশ আগবঢ়ায়।

খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰে জনাইছে যে উত্তৰপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, তেলেঙ্গানা, গোৱা, কৰ্ণাটক আৰু ত্ৰিপুৰা চৰকাৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সংস্কাৰত আৰু এক দেশ এক ৰেচন কাৰ্ড ব্যৱস্থা ৰূপায়ণত সফল হৈছে।

অন্ধ্ৰপ্ৰদেশে ব্যৱসায় কৰাৰ সুবিধাৰ সংস্কাৰত সাফল্যৰ স্বীকৃতি লাভ কৰিছে প্ৰথমখন ৰাজ্য হিচাপে। সেইবাবে খোলা বজাৰৰ পৰা অতিৰিক্ত ২ হাজাৰ ৫২৫ কোটি টকা ঋণ লাভ কৰাৰো যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে অন্ধ্ৰপ্ৰদেশে এক দেশ এক ৰেচন কাৰ্ড ব্যৱস্থাৰ সফল ৰূপায়ণত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সংস্কাৰ কৰিছে।

সহজে বাণিজ্য কৰাৰ সুবিধা হৈছে দেশত বিনিয়োগ অনুকূল বাণিজ্য পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশক। সহজে বাণিজ্য কৰাৰ সুবিধাৰ উন্নতি হ’লে ৰাজ্যৰ অৰ্থনীতিৰ ভবিষ্যৎ আৰু দ্ৰুতভাৱে বৃদ্ধি হয়। সেইবাবে জিলা স্তৰত ৰূপায়ণত উৎসাহ দিবলৈ আৰু সহজে ব্যৱসায় কৰিবৰ বাবে লাইছেন্স ব্যৱস্থাৰ সংস্কাৰ ঘটাবলৈ উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ দপ্তৰৰ ছুপাৰিছত ৰাজ্যবোৰক জিএছডিপি-ৰ ০.২৫ শতাংশ অতিৰিক্ত ঋণৰ সুবিধা দিয়া হৈছে। ৰাজ্য চৰকাৰবোৰৰ নিম্নলিখিত কাৰ্যাৱলীৰ মাধ্যমেৰে সংস্কাৰ পৰিলক্ষিত হৈছে -

 

  1. ডিপিআইআইটি-ৰ নিৰ্দেশ অনুসৰি ৰাজ্যসমূহে জিলা স্তৰৰ বাণিজ্য সংস্কাৰ সাধন কাৰ্যৰ প্ৰথম মূল্যায়ন কৰিব।
  2. ডিপিআইআইটিয়ে প্ৰদান কৰা তালিকা অনুযায়ী ৰাজ্যস্তৰত লাইচেন্স সংক্ৰান্তীয় বিভিন্ন কাম বাতিল কৰিব।  অনলাইনত স্বচ্ছতাৰে, বিতৰ্কহীনভাৱে আৰু স্বয়ংক্ৰিয়ভাৱে পুনৰ্নবীকৰণ কৰিব পৰা যাব।
  3. ডিপিআইআইটি-ৰ তালিকা অনুযায়ী আইনাগতভাৱে ৰাজ্যসমূহে কম্পিউটাৰৰ মাধ্যমেৰে কেন্দ্ৰীয় নিৰীক্ষণ ব্যৱস্থা ৰূপায়ণ কৰিব, যাতে কোনো এগৰাকী ইন্সপেক্টৰে একে স্থানলৈকে পৰৱৰ্তী বছৰতো যাবলগীয়া নহয়। সংস্থাৰ মালিকক ইন্সপেকশ্যনৰ পূৰ্বে জাননী জাৰি কৰা হ’ব আৰু ইন্সপেকশ্যনৰ ৪৮ ঘন্টাৰ ভিতৰত ৰিপোৰ্ট আপলোড কৰা হ’ব।

অভূতপূৰ্ব ক’ভিড-১৯ অতিমাৰীৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ২০২০ৰ মে’ মাহত ২০২০-২১ বৰ্ষৰ বাবে ৰাজ্যসমূহক গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰ’ডাক্ট জিএছডিপি-ৰ ২ শতাংশ পৰ্যন্ত অতিৰিক্ত ঋণ প্ৰদানৰ অনুমতি দিছে। ইয়াৰ ফলত ৰাজ্যসমূহে ৪ লাখ ২৭ হাজাৰ ৩০২ কোটি টকা লাভ কৰিছে। ইয়াৰ ১ শতাংশ ৪ খন নিৰ্দিষ্ট ৰাজ্যস্তৰৰ সংস্কাৰ ৰূপায়ণৰ ভিত্তিত দিয়া হৈছে, য’ত প্ৰতিটো সংস্কাৰৰ গড় জিএছডিপিৰ ০.২৫ শতাংশ।

 

a) এক দেশ এক ৰেচন কাৰ্ড ব্যৱস্থাৰ ৰূপায়ণ

b) সহজে ব্যৱসায় কৰাৰ সুবিধাৰ সংস্কাৰ

c) নগৰ স্থানীয় সংস্থা/উপযোগৰ সংস্কাৰ আৰু

d) বিদ্যুৎ ক্ষেত্ৰৰ সংস্কাৰ

******

RM/KMN/RD



(Release ID: 1661294) Visitor Counter : 176