শক্তি মন্ত্ৰালয়

এনটিপিচি গ্ৰুপে উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় ত্ৰিমাসিকত ১৩.৩শতাংশ উত্থানৰ অভিলেখ গঢ়িছে

এনটিপিচি কয়লা কেন্দ্ৰই এপ্ৰিলৰ পৰা ছেপ্তেম্বৰ,২০২০ৰ সময়ছোৱাত ৯৪.২১ শতাংশৰ উচ্চ উপলব্ধতা বাহাল ৰাখিছে, যোৱা বৰ্ষৰ উক্ত সময়ছোৱাত এই পৰিমাণ আছিল ৯০.২৬শতাংশ

পোষ্ট কৰা হৈছে: 01 OCT 2020 1:48PM by PIB Guwahati

শক্তি মন্ত্ৰালয়ৰ অধীনষ্ঠ এনটিপিচি কয়লা কোম্পানীয়ে জুলাইৰ পৰা ছেপ্তেম্বৰ,২০২০লৈ দ্বিতীয়টো ত্ৰিমাসিকত উৎপাদনৰ ক্ষেত্ৰত যোৱা বছৰৰ তুলনাত ১৩.৩শতাংশ উত্থানৰ অভিলেখ গঢ়িছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো অৰ্ধত কোম্পানীটোৰ উৎপাদনৰ পৰিমাণ আছিল ১৪৫.৮৭ বিইউ। যোৱা বৰ্ষৰ উক্ত সময়ছোৱাতকৈ এই পৰিমাণ ০.৪শতাংশ অধিক।

এনটিপিচি লিমিটেডে প্ৰকাশ কৰা বিবৃতি অনুসৰি, এনটিপিচি কয়লা কেন্দ্ৰই এপ্ৰিলৰ পৰা ছেপ্তেম্বৰ,২০২০ৰ সময়ছোৱাত ৯৪.২১ শতাংশৰ উচ্চ উপলব্ধতা বাহাল ৰাখিছে। যোৱা বৰ্ষৰ উক্ত সময়ছোৱাত এই পৰিমাণ আছিল ৯০.২৬শতাংশ।

***********

RCJ/M/MS


(ৰিলিজ আই ডি : 1660894) অতিথি কক্ষ : 108